প্লেটোনিক ঘন – বন্দিতা শৰ্মা কন্দলি

প্লেটোনিক ঘন

বন্দিতা শৰ্মা কন্দলি, দেৰগাঁও

আমি ব্যৱহাৰিক জীৱনত বহুতো গোটা বস্তু দেখি থাকো। এই গোটা বস্তু সমুহৰ তিনিটা মাত্ৰা দীঘ, প্ৰস্থ আৰু উচ্চতা আছে। সেয়ে এনে আকৃতিবোৰক ত্ৰি-মাত্ৰিক(3 D)আকৃতি বুলি কোৱা হয়। কিছুমান ত্ৰি-মাত্ৰিক বস্তু বহুভুজীয় তলৰ দ্বাৰা গঠিত আৰু চিধা কাষ থাকে। সেই বোৰক গ্ৰীক শব্দ polyhedron বা বহুফলক বুলি কোৱা হয়।প্ৰিজম আৰু পিৰামিড বহুফলক পৰিয়ালৰ অন্তৰ্গত।Poly শব্দৰ অৰ্থ বহুত আৰু Hedron শব্দৰ অৰ্থ ভূমি।বহুফলক এটাৰ 3 টা বা ততোধিক চিধা কাষ থাকে আৰু কাষবিলাক এটা বিন্দুত মিলিত হয় যাক শীৰ্ষবিন্দু বুলি কোৱা হয়।

কিন্তু সকলো বিলাক গোটা বস্তু বহুফলক নহয়। উদাহৰণ স্বৰূপে গোলক, চুঙা, শংকু আদিৰ তল বিলাক সমতল নহয়, ভূমি বহুভুজ নহয় আৰু চিধা কাষ নাই। গতিকে ইহঁত বহুফলক নহয়। বহুফলক বোৰ নিয়মিত আৰু অনিয়মিত আকৃতিৰ হ’ব পাৰে। নিয়মিত বা সুষম বহুফলকৰ তলবিলাক সৰ্বাংগসম বহুভূজ আৰু একে সংখ্যক তলৰ দ্বাৰা শীৰ্ষবিন্দু গঠিত হয়। উদাহৰণ স্বৰূপে ঘনকত তিনিখন সৰ্বসম তলৰ দ্বাৰা শীৰ্ষবিন্দু গঠিত হৈছে।সুষম চতুঃফলক (Tetrahedron)ত চাৰিখন সৰ্বসম তলৰ দ্বাৰা শীৰ্ষবিন্দু গঠিত হৈছে। আকৌ সুষম অষ্টফলক (Octahedron)ত আঠখন সৰ্বসম তলৰ দ্বাৰা শীৰ্ষবিন্দু গঠিত হৈছে।

অনিয়মিত আকৃতিৰ বহুফলক বিলাকৰ তলসমূহ সৰ্বসম নহয়। উদাহৰণ স্বৰূপে আয়তীয় ঘনকৰ আটাইকেইখন তল সৰ্বসম নহয়। তাৰোপৰি ত্ৰিভুজাকৃতি ভূমিৰ পিৰামিড, বৰ্গাকৃতি ভূমিৰ পিৰামিড আদিৰ তল সমুহ সৰ্বসম নহয়।

সুষম আকৃতিৰ ত্ৰি-মাত্ৰিক জ্যামিতিক আৰ্হিৰ অধ্যয়ন গ্ৰীক দাৰ্শনিক প্লেটোৰ এটা প্ৰিয় বিষয় আছিল। গ্ৰীকসকলে বিশ্বব্ৰহ্মাণ্ডৰ পৰিসজ্জাক জ্যামিতিক সুষম আৰ্হিৰে ব্যাখ্যা আগবঢ়াব পাৰিছিল। সেয়ে প্লেটোৱে তেওঁৰ টোলৰ দুৱাৰ মুখত লিখি ৰাখিছিল যে ‘যাৰ জ্যামিতিৰ জ্ঞান নাই তেওঁৰ বাবে প্ৰবেশ নিষেধ।’

প্লেটোৱে আৱিষ্কাৰ কৰা ত্ৰি-মাত্ৰিক আৰ্হি কেইটা হ’ল ঘনক(cube ), সুষম চতুঃফলক (tetrahedron), সুষম অষ্টফলক (Octahedron), সুষম বিংশতিফলক(icosahedron), সুষম দ্বাদশ ফলক (dodecahedron)। প্লেটোৱে দেখুৱাইছিল যে এই কেইবিধ ত্ৰিবিমীয় আৰ্হি কেৱল ত্ৰিভূজ,বৰ্গ আৰু পঞ্চভুজ লগ লাগি নিৰ্মাণ কৰিব পাৰি। এনে সুষম বহুফলকৰ সংখ্যা অসংখ্য নহয় কেৱলমাত্ৰ এই পাঁচটাহে। প্লেটোৱে এই পাঁচটা বহুফলকৰ ওপৰত তেওঁৰ ধাৰণা পোনপ্ৰথমে তেওঁৰ গ্ৰন্থ ‘টাইমুৱাচ’ (Timaeus) ত সন্নিৱিষ্ট কৰা হৈছিল। তেওঁ বিশ্বাস কৰিছিল যে চতুঃফলক, অষ্টফলক,বিংশতিফলক, ঘনক আৰু দ্বাদশফলকে ক্ৰমে অগ্নি, বায়ু, পানী, পৃথিৱী আৰু বিশ্ব-ব্ৰহ্মাণ্ডক বুজায়।

গণিত আৰু ধৰ্মীয় ৰহস্যবাদত বিশ্বাসী পাইথাগোৰাছৰ অনুগামী সকলেও এই ঘনকেইটাক পৃথিৱীৰ মূল আধাৰ-মৌল আৰু বিশ্ব-ব্ৰহ্মাণ্ডৰ সাজ-সজ্জাৰ প্ৰতিৰূপ আকৃতিৰূপে বিশ্বাস কৰিছিল। ষোল্ল শতিকাৰ বিখ্যাত জ্যোতিৰ্বিজ্ঞানী জোহান কেপলাৰে এই পাঁচবিধ ত্ৰিবিমীয় আৰ্হিক প্লেটোনীয় ঘন(Platonic solids) নাম দিছিল।কাগজ কাটি এই পাঁচবিধ ত্ৰিবিমীয় আৰ্হি প্ৰস্তুত কৰিবলৈ চিত্ৰ দিয়া হৈছে। আশাকৰোঁ চেষ্টা কৰি চাবা।