প্লাৱিত পানীৰ আঙুলি- পুলিন ডেকা

প্লাৱিত পানীৰ আঙুলি

পুলিন ডেকা

ধুই নিয়া সপোনত নৈখনৰ বুকুখন তিতিছিল

আমি আটাইকেইজনে তেতিয়া বুটলি লৈছিলো বালিৰ ঘাম, ওফন্দি থকা মতলীয়া উশাহ

চহৰখনৰ আলিবাটত ডুব যোৱা মানুহৰ অৰণ্যত ক্রমশঃ বাঢ়ি আহিছে প্লাবিত পানীৰ আঙুলি

বৰষুণৰ খোজত বাঢ়ে

নৈখনৰ অভিমানী ছা

মাজনিশা হোৰে হোৰে নামি আহিছে

মথাউৰি ভগা শব্দৰ মায়াজাল

অট্টালিকাৰ মাজেৰে আগুৱাই যোৱা

ঢৌবোৰৰ লাস্যময় হাঁহিত

থমকি ৰৈছে গাভৰুৰ তিতা বকুৰ ধপধপনি

এহাল বৃদ্ধাৰ মৃত্যুক্ষণ

নৈখনৰ উন্মাদ শিপা বৈ যোৱা সুৰত

বজা নাছিল চহৰখনৰ গান

মহটিয়াই নিয়া পোহৰত অহৰহ বাজি আছে

অন্ধকূপৰ নিৰ্জনতা

পানী বিচাৰি নৈখনে পুনৰ

চিঞৰিছে

অথচ জলমগ্ন পথাৰখনত ৰৈ আছে

সেউজবিহীন

প্লাৱনৰ ডাৱৰীয়া চাৱনি

ঠিকনাবিহীন মানুহৰ উদং ঘৰবোৰত

পানীৰ সৈতে এতিয়া দুপৰ

নিশাৰ কথোপকথন।