প্লাষ্টিক প্ৰেম- ববিতা বৰা

pc- Queensland Health
প্লাষ্টিক প্ৰেম
ভাল পাওঁ বুলি কোৱা পুৰুষজন
সেইদিনা আতঁৰি গৈছিল মোৰ পৰা।
নোপোৱাৰ অপ্ৰাপ্তিবোৰে সেইদিনা আৰু
মোক কন্দুওৱাব পৰা নাছিল বৰঞ্চ
প্ৰেমৰ জ্ঞান দিয়া সেই প্ৰেমিকজনক মই কৈছিলো,
‘থোৱাহে তোমাৰ ভালপোৱা…।
প্লাষ্টিক পিন্ধা পুৰুষ বোৰে জানো বুজি পাই
ভালপোৱাৰ কিমান তাড়না?
তোমাৰ বীৰ্য্য স্খলিত নগীৰত মই দেখোন
এটা ভালপোৱাৰ পিড়ীত নিষ্পৃহ মূৰ্তি।
এইয়া কেনে তোমাৰ জৈৱিক ভালপোৱা?’
উত্তৰত সি প্লাষ্টিক প্ৰেমবোৰ বুটলি লৈছিল।
আৰু মই… প্লাষ্টিকৰেই বনোৱা
ঈশ্বৰৰ মূৰ্ত্তিটো সাৱটি লৈ খোজ দিছিলো
সি যোৱাৰ ঠিক উলোটা বাটে,
আৰু কাহানিও লগ নোপোৱাৰ প্ৰতিশ্ৰুতিৰে।
ববিতা বৰা