প্লাষ্টিক আৱৰ্জনা চাফাই আৰু গছপুলি ৰোপনেৰে পৰিবেশ দিৱস পালন কৰে পথিক আৰু ভাৰতীয় ষ্টেট বেংকে
ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ অন্যতম স্বেচ্ছাসেৱী অনুষ্ঠান পথিকৰ উদ্যোগত আৰু ভাৰতীয় ষ্টেট বেংকৰ সহযোগত আজি বিশ্ব পৰিবেশ দিৱস উদযাপনৰ অৰ্থে খানাপাৰা গণেশ মন্দিৰ খেলপথাৰ আৰু নয়নপুৰৰ বাহিনী নদীৰ পাৰে পাৰে আৰু নয়নপুৰ বাথৌ মন্দিৰ প্ৰাংগণত প্লাষ্টিক আৱৰ্জনাৰ চাফাই অভিযান কৰি ৫০ জোপা গছ পুলি ৰোপন কৰে। পুৱা ৯ বজাত আৰম্ভ কৰা এই কাৰ্য্যসূচী গছ পুলি ৰোপন কৰি আৰম্ভণি কৰে ভাৰতীয় ষ্টেট বেংকৰ ছয়মাইল শাখাৰ মুখ্য প্ৰৱন্ধক সুব্ৰত দাস আৰু উপ প্ৰৱন্ধক ৰীতাশ্ৰী সোণোৱালে। সুব্ৰত দাসে পথিকৰ আজিৰ কাৰ্যসূচীৰ শলাগ লয় আৰু প্ৰতিটো এনে প্লাষ্টিক আৱৰ্জনাৰ চাফাই, পৰিবেশ সজাগতা আৰু সংৰক্ষণ কাৰ্যসূচীত জৰিত হয় কাম কৰি যোৱাৰ আশ্বাস দিয়ে। পথিকৰ উপসভপতি মিনতি বৰুৱা, ৰাগীনি ভূঞা, প্ৰকাশ বৰুৱা নতুন সদস্য ৰাহুল কুমাৰ, বিষ্ণু বড়ো, নাৰায়ণ বড়ো, প্ৰদীপ ৰাভাৰ লগতে স্থানীয় ৰাইজে সমানেই এই প্লাষ্টিক আৱৰ্জনাৰ চাফাই অভিযানত ভাগ লয়। এই অভিযানত পথিকৰ সদস্য সকলৰ লগত স্থানীয় ৰাইজ মিলিত হৈ গছপুলি কেইটা ৰোপন কৰাৰ পাছত বাঁহ আৰু ঘেৰ দি অন্যান্য জীৱ জন্তুৰ পৰা ৰক্ষা কৰাৰ ব্যৱস্থা কৰাৰ উপৰিও তিনি মাহলৈ চোৱাচিতা কৰাৰ দায়িত্ব লয়। উল্লেখ্য যে পথিকৰ দ্বাৰা পৰিচালিত হোৱা সপ্তম ধঁপাত বিৰোধী আৰু সেউজীয়া সজাগতা কাৰ্য্যসূচীৰ অন্তৰ্গত আছিল এই প্লাষ্টিক আৱৰ্জনা চাফাই আৰু গছপুলি ৰোপন কাৰ্য্য। এই সপ্তম ধঁপাত বিৰোধী আৰু সেউজীয়া জীৱনৰ সজাগতা কাৰ্যসূচীৰ অন্যতম আকৰ্ষণ ৰাজ্যিক পৰ্যায়ৰ চিত্ৰাংকন প্ৰতিযোগিতা অহা ৮ জুনত কলাক্ষেত্ৰত অনুষ্ঠিত হ’ব পুৱা ১০:৩০ বজাৰ পৰা ৷ বিশেষ জানিবলৈ – ৯৯৫৭৯১৫০৮২ নম্বৰত যোগাযোগ কৰিবলৈ উদ্যোগতা সকলে আহ্বান কৰিছে।
