প্লাষ্টিক আৰু আমি- বন্দিতা শৰ্মা কন্দলি

Pc The World Economic Forum

প্লাষ্টিক আৰু আমি

দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা প্লাষ্টিকৰ সামগ্ৰীবোৰ দেখিলে কেনেকুৱা লাগে বাৰু? আমি প্লাষ্টিকৰ মাজতেই সোমাই আছোঁ যেন নালাগেনে? খাদ্য বস্তু সংৰক্ষণ কৰি থোৱা পাত্ৰটোৰ পৰা আৰম্ভ কৰি গা ধোৱা ঘৰৰ আচবাব, গাড়ী,আকাশীযান, অন্তৰীক্ষ যান,জোতা -চেন্দেল, ঘৰৰ আচবাব,ঘৰ সজোৱা ৰঙীন বিভিন্ন সামগ্ৰী কে ধৰি এখন দীঘল তালিকা পাম প্লাষ্টিকৰ সামগ্ৰীৰ ।
এই প্লাষ্টিক বোৰ আচলতে কি বাৰু! মানৱ সৃষ্ট আঁহৰ দৰে এই প্লাষ্টিক বোৰ হৈছে একো একোটা ৰাসায়নিক পদাৰ্থৰ দ্বাৰা গঠিত সৰু সৰু গোট বোৰ লগ লাগি প্ৰস্তুত কৰা ডাঙৰ গোটৰ পলিমাৰ বা বহুযোগী। সচৰাচৰ ব্যৱহাৰ কৰা পলিথিনৰ মোনা বোৰ হৈছে প্লাষ্টিকৰ উদাহৰণ। পদাৰ্থ এটাক নভঙাকৈ নতুন আকাৰ দিব পৰা গুণক “নমনীয়তা” (প্লাষ্টিচিটি) বুলি কোৱা হয়। প্লাষ্টিকৰ এই গুণ থকাৰ বাবে এই গুণৰ নামেৰেই বহুযোগী যৌগ টোৰ নাম প্লাষ্টিক দিয়া হয়। কিছুমান প্লাষ্টিক সহজে ভাজ কৰিব পাৰি,তাপ দি যি কোনো আকৃতি দিব পাৰি। তেনে প্লাষ্টিক বোৰক থাৰ্মʼপ্লাষ্টিক বা তাপ নমনীয় প্লাষ্টিক বুলি কোৱা হয়। এনে প্লাষ্টিকৰ পৰা পলিথিন, প্লাষ্টিকৰ বটল,খেলনা, ফণী, নানা ধৰণৰ পাত্ৰ আদি তৈয়াৰ কৰাত ব্যৱহাৰ কৰা হয়। জোতা -চেন্দেল, কিছু কাপোৰ,চকী কʼভাৰ তৈয়াৰ কৰাত PVC ব্যৱহাৰ কৰা হয়। PVC ৰ সম্পূৰ্ণ নাম হৈছে polyvinyl chloride.

আন এক প্ৰকাৰৰ প্লাষ্টিক আছে যিবোৰ ভাজ কৰিলে ভাঙি যায়। অৰ্থাৎ এবাৰ আকৃতি দিয়াৰ পাছত তাপ দিলেও কোমলাব নোৱাৰি। এনে প্লাষ্টিকক থাৰ্মছেটিং প্লাষ্টিক বা তাপ দৃঢ় প্লাষ্টিক বোলা হয়। বেকেলাইট আৰু মেলামাইন হ’ল তাপ দৃঢ় প্লাষ্টিক। ইহঁত তাপ আৰু বিদ্যুতৰ কু-পৰিবাহী। বৈদ্যুতিক চুইচ, বিভিন্ন বাচন বৰ্তনৰ নাল আদি তৈয়াৰ কৰাত ব্যৱহাৰ কৰা হয়। অধিক গুণ সম্পন্ন মেলামাইনে অগ্নি ৰোধ কৰে। সেয়ে অগ্নি নিৰ্বাপক বাহিনীৰ কৰ্মচাৰী ৰ পোছাক মেলামাইন প্লাষ্টিকৰ প্ৰলেপ দি তৈয়াৰ কৰা হয়। মজিয়াৰ টাইল্ ছ প্ৰস্তুত কৰাতো মেলামাইন ব্যৱহাৰ কৰা হয়। টেফ্লʼন নামৰ প্লাষ্টিক বিধ ৰন্ধন সৰঞ্জাম ত “লাগি নধৰা” প্ৰলেপ (non-stick coating) দিয়াৰ বাবে ব্যৱহাৰ কৰা হয়।
পৃথিৱীৰ প্ৰথম সংশ্লেষিত প্লাষ্টিক হৈছে বেকেলাইট। বেকেলাইট ১৯০৭ চনত নিউৱ্ ৰ্কৰ লিঅʼবেকেলেণ্ডৰ দ্বাৰা আৱিষ্কৃত হৈছিল। তেখেতেই ইয়াৰ নাম প্লাষ্টিক দিছিল। নʼবেল বঁটা বিজয়ী বিজ্ঞানী হাৰমান ষ্টডিঞ্জাৰ ক বহুযোগী ৰসায়নৰ পিতৃ বুলি কোৱা হয়। বিজ্ঞানী হাৰমান ফ্ৰান্সিছ মাৰ্ক্ ক বহুযোগী পদাৰ্থবিদ্যাৰ পিতৃ বুলি কোৱা হয়।

বিংশ শতিকাৰ আৰম্ভণিৰ পৰা প্লাষ্টিকৰ সফলতা আৰু বহুল ব্যৱহাৰৰ বাবে পৰিবেশৰ প্ৰতি ভাবুকি আহি পৰিছে। সেয়ে বিংশ শতিকাৰ শেষৰফালে প্লাষ্টিকৰ 4R নীতি ৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে। এই নীতি হৈছে হ্ৰাস কৰা (Reduce) ,পুনৰ্ব্যৱহাৰ (Reuse) ,পুনৰাবৰ্তন কৰা (Recycle), আৰু পুনৰুদ্ধাৰ কৰা (Recover)। প্লাষ্টিক পচিবলৈ বহু বছৰৰ প্ৰয়োজন। সেয়ে ই পৰিৱেশ হিতৈষী নহয় ।ই পৰিৱেশ প্ৰদূষণ কৰে। প্লাষ্টিকৰ দহনে বায়ুমণ্ডললৈ বহুতো বিষাক্ত ধোঁৱা এৰি দিয়ে। সদৌ শেষত যিমান সম্ভৱ আমি প্লাষ্টিকৰ ব্যৱহাৰ এৰাই চলিবলৈ চেষ্টা কৰিব লাগে।

বন্দিতা শৰ্মা কন্দলি
দেৰগাঁও