প্রেম প্রত্যাখান কৰা যুৱতীক ফচাবলৈ পাঞ্জাবাৰীৰ মছজিদত গাহৰি মাংস নিক্ষেপ

প্রেম প্রত্যাখান কৰা যুৱতীক ফচাবলৈ পাঞ্জাবাৰীৰ মছজিদত গাহৰি মাংস নিক্ষেপ

ৰঙিলী বাৰ্ত্তাসেৱা-  গুৱাহাটী মহানগৰীৰ এটা মছজিদত গাহৰিৰ মাংস পেলাই থৈ যোৱা অভিযুক্ত যুৱক দিছপুৰ আৰক্ষীৰ জালত পৰিছে। মহানগৰীৰ পাঞ্জাবাৰীৰ মছজিদত পৱিত্ৰ মহৰমৰ আগৰ নিশা গাহৰিৰ মাংস পেলাই ধর্মীয় অনুভূতিত আঘাত হানিব খোজা যুৱকজন হৈছে বৰপেটাৰ মৃদুপৱন পাঠক। ইতিমধ্যে ঘটনা সন্দৰ্ভত দিছপুৰ আৰক্ষীয়ে তদন্ত চলাই তিনিদিনৰ মূৰত অভিযুক্ত মৃদুপৱন পাঠকক বৰপেটাৰ পৰা গ্ৰেপ্তাৰ কৰি সোধা-পোছা অব্যাহত ৰাখিছে। ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ উপাসনাস্থলী মছজিদত গাহৰিৰ মাংস পেলোৱা চাঞ্চল্যকৰ ঘটনাটোক লৈ ৰাজ্যজুৰি ব্যাপক চর্চা চলি থকাৰ মাজতেই পোহৰলৈ আহিছে আন এটা নতুন তথ্য। আৰক্ষীৰ তদন্তত পোহৰলৈ অহা তথ্য অনুসৰি, পাঞ্জাবাৰীৰ মছজিদত ধর্মীয় অনুভূতিত আঘাত হনাৰ বিপৰীতে প্রেমজনিত কাৰণত মৃদুপৱন পাঠকে গাহৰিৰ মাংস পেলোৱা বুলি যুৱকজনে আৰক্ষীৰ আগত স্বীকাৰোক্তি দিছে। দিছপুৰ আৰক্ষী সূত্রই জনোৱা মতে, মৃদুপৱন পাঠকে এগৰাকী যুৱতীক প্ৰেমৰ প্ৰস্তাৱ দিছিল। কিন্তু যুৱতীগৰাকীয়ে মৃদুপৱন পাঠকৰ প্ৰেমৰ প্ৰস্তাৱ প্রত্যাখ্যান কৰে। প্ৰেমৰ প্ৰস্তাৱ প্রত্যাখ্যান কৰা ঘটনাৰ পোতক তুলিবলৈ অভিযুক্ত মৃদুপৱন পাঠকে পাঞ্জাবাৰীৰ মছজিদত যোৱা শনিবাৰে নিশা গাহৰিৰ মাংস পেলাইছিল। উল্লেখ্য যে পাঞ্জাবাৰীৰ মছজিদত পেলোৱা গাহৰিৰ মাংসৰ টোপোলাত উদ্ধাৰ হৈছিল এখন চিঠি আৰু এই চিঠিখনতে এগৰাকী যুৱতীৰ নাম আৰু মোবাইল নম্বৰ উল্লেখ আছিল। অভিযুক্ত মৃদুপৱন পাঠকে মছজিদত গাহৰিৰ মাংস পেলাই যুৱতীৰ নাম আৰু মোবাইল নম্বৰ উল্লেখ কৰি যুৱতীগৰাকীক বিপদত পেলাবলৈ অপচেষ্টা চলায় যদিও আৰক্ষীৰ তদন্তত যুৱকজনৰ এই দুষ্কাৰ্য পোহৰলৈ আহে। এই সন্দর্ভত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই প্রতিক্রিয়া ব্যক্ত কৰি কয় যে দৰাচলতে পাঞ্জাবাৰীৰ মছজিদত ধর্মীয় অনুভূতিত আঘাত হানিবলৈ অথবা আন কোনোকাৰণত গাহৰিৰ মাংস পেলোৱা নাছিল। এগৰাকী যুৱতীৰ সৈতে প্ৰেমৰ সম্পর্কক লৈহে মৃদুপৱন পাঠকে মছজিদত গাহৰিৰ মাংসৰ টোপোলা পেলোৱা বুলি আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে। ইপিনে, পাঞ্জাবাৰী মছজিদ পৰিচালনা সমিতিৰ তৰফৰ পৰাও প্রেমজনিত কাৰণত মছজিদলৈ গাহৰিৰ মাংস দলিয়াই যুৱতীগৰাকীক বিপদত পেলোৱাৰ অপচেষ্টা চলোৱা বুলি সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে।