প্রাপ্তবয়স্কক  আধাৰ কাৰ্ড কেৱল ডিচিয়েহে দিব পাৰিবঃমুখ্যমন্ত্রী

প্রাপ্তবয়স্কক  আধাৰ কাৰ্ড কেৱল ডিচিয়েহে দিব পাৰিবঃমুখ্যমন্ত্রী

ৰঙিলী বাৰ্ত্তাসেৱা- দিছপুৰৰ লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাৰ অধ্যক্ষতাত শুকুৰবাৰে অসম চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক অনুষ্ঠিত হয় । এই কেবিনেটতে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । বৈঠকৰ পাছতে কেবিনেটৰ সিদ্ধান্তসমূহ সংবাদমেলযোগে সদৰী কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ।সংবাদ মেলত মুখ্যমন্ত্রী ড° শৰ্মাই জানিবলৈ দিয়া মতে, এতিয়াৰে পৰা প্রাপ্তবয়স্ক লোকক আধাৰ কাৰ্ড দিব পাৰিব কেৱল জিলা আযুক্ত (ডিচি)ইহে। এই সন্দৰ্ভত মুখ্যমন্ত্রী ড° শৰ্মাই কয়- আমি প্রতিদিনে ২০-২৫-৩০জন অনুপ্ৰৱেশকাৰীক অসমৰ পৰা ওভতাই পঠিয়াই আছোঁ। কিন্তু এনেকুৱাও নহয়, আৰক্ষীয়ে সকলোকে ধৰিব পাৰিছে। ইতিমধ্যে অসমত আধাৰ কাৰ্ড প্ৰদানৰ প্ৰক্ৰিয়া বহুবছৰ হৈ গ’ল। প্রাপ্তবয়স্ক মানুহে এতিয়া আধাৰ কাৰ্ড লোৱাৰ প্ৰয়োজনীয়তা নাই। কাৰণ তেওঁলোকক আধাৰ কাৰ্ড দিয়া হৈ গৈছে। কেৱল আধাৰ কার্ড দিব লাগে নতুনকৈ জন্মলাভ কৰা শিশুসকলকহে। গতিকে আমি এতিয়া অসমত নিয়ম কৰিম- প্রাপ্তবয়স্ক লোকে আধাৰ কাৰ্ড বিচাৰিলে অকল জিলা আয়ুক্তইহে দিব পাৰিব। পৰৱৰ্তী কেবিনেট বৈঠকত এই বিষয়ে ভালদৰে আলোচনা কৰা হ’ব বুলি জানিবলৈ দি মুখ্যমন্ত্রী ড° শৰ্মাই পুনৰ কয় যে জিলা আযুক্তৰ বাদে আন কোনেও প্রাপ্তবয়স্ক লোকক আধাৰ কাৰ্ড দিব নোৱাৰিব। ইয়াৰ ফলত বাংলাদেশৰ পৰা নতুনকৈ অহা মানুহে আধাৰ কাৰ্ড ল’ব নোৱাৰিব। অৱশ্যে আধাৰ কাৰ্ড লাভৰ ৰাস্তাটো একেবাৰে বন্ধ কৰিব বিচৰা নাই বুলিও তেওঁ মন্তব্য কৰে। তেওঁ জানিবলৈ দিয়া মতে, কোনোবা যদি প্রকৃত লোক আছে, বিশেষকৈ চাহ জনগোষ্ঠীৰ তেওঁলোকক জিলা আয়ুক্তই আধাৰ কাৰ্ড দিব পাৰিব। এইক্ষেত্ৰত পৰৱৰ্তী কেবিনেটত আনুষ্ঠানিক সিদ্ধান্ত গ্ৰহণ কৰাৰ ইংগিত দিয়ে মুখ্যমন্ত্রী ড° শৰ্মাই। ইফালে ভোটাৰ তালিকাত নাম অন্তর্ভুক্তিৰ কাৰণে জন্ম-মৃত্যুৰ প্ৰমাণপত্ৰ পৰৱৰ্তী সময়ত প্রয়োজন হ’ব বুলিও মন্তব্য কৰি তেওঁ কয়-আমি জন্মৰ প্ৰমাণপত্ৰ দিয়াৰ ব্যৱস্থাটোত কিছু কঠোৰ হ’ব বিচাৰিছোঁ। বহুদিন পূর্বে জন্ম হোৱা লোকেও প্রমাণপত্ৰৰ বাবে আবেদন কৰে। অৱশ্যে অবৈধভাৱে নহয়, বৈধভাৱেই। তেনে লোকসকলেও জন্মৰ প্ৰমাণপত্ৰৰ বাবে জিলা আযুক্তৰ ওচৰলৈ যাব লাগিব।