‘প্রান্তিক’ৰ ৰূপকাৰ প্ৰদীপ বৰুৱাৰ দেহাৱসান

‘প্রান্তিক’ৰ ৰূপকাৰ প্ৰদীপ বৰুৱাৰ দেহাৱসান

ৰঙিলী বাৰ্ত্তাসেৱা- মাঘ বিহুৰ আনন্দ-উলাহৰ মাজতে অসমীয়াই হেৰুৱালে আন এগৰাকী সু-সন্তানক। উৰুকাৰ দিনা ৰাজ্যবাসীয়ে হেৰুৱাইছিল শিল্পী সমৰ হাজৰিকাক ৷ তাৰে পৰৱৰ্তী দিনটোতে আন এগৰাকী অসম সন্তানৰ দেহাৱসান ঘটে ৷ অসমীয়া জাতীয় জীৱনক মহীয়ান কৰি সংবাদ-সাহিত্য ক্ষেত্ৰখনলৈ অতুলনীয় অৱদান আগবঢ়াই অহা ‘প্রান্তিক’ আলোচনীৰ ৰূপকাৰ প্ৰদীপ বৰুৱাই ১৪ জানুৱাৰীৰ সন্ধিয়া ৭.২৭ বজাত মহানগৰীৰ এক বেচৰকাৰী চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে। অসমৰ সংবাদ-সাহিত্য ক্ষেত্রখনক এক নতুন মাত্রা প্রদান কৰা ‘প্রান্তিক’ৰ মাজেৰে বহু নবীন লেখক-লেখিকাক আত্মপ্রকাশৰ সুযোগ দি প্রতিভাশালী লেখকৰ সৃষ্টি আৰু এচাম মূল্যবোধসম্পন্ন ৰুচিশীল পাঠক গঢ়াত উল্লেখনীয় অৱদান আগবঢ়াই সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱাৰ কনিষ্ঠ পুত্র প্রদীপ বৰুৱাই এক নতুন যুগৰ সূচনা কৰিছিল।বিগত কিছুদিন ধৰি শাৰীৰিক অসুস্থতাৰ বাবে গুৱাহাটী মহানগৰীৰ ডাউন টাউন হাস্পতালত ভৰ্তি হৈ আছিল বিশিষ্ট সাংবাদিকগৰাকী ৷  মৃত্যুৰ সময়ত প্ৰদীপ বৰুৱাৰ বয়স হৈছিল ৮৭ বছৰ ৷ সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱা আৰু লিলি বৰুৱাৰ কনিষ্ঠ পুত্ৰ প্ৰদীপ বৰুৱাৰ জন্ম হৈছিল ১৯৩৮ চনৰ ৩ ছেপ্টেম্বৰত ডিব্ৰুগড়ৰ আমোলাপট্টিত। ডিব্ৰুগড়তে শৈশৱ পাৰ কৰা প্ৰদীপ বৰুৱাক পৰৱৰ্তী সময়ত পিতৃ ৰাধাগোবিন্দ বৰুৱাই গুৱাহাটীৰ ডনবস্ক’ বিদ্যালয়ত নামভৰ্তি কৰাই দিয়ে। তাৰ পৰা ১৯৫৬ চনত মেট্ৰিকত সুখ্যাতিৰে উত্তীৰ্ণ হৈ কটন কলেজত তেওঁ আইএছচিত নামভর্তি কৰে। কটন কলেজত পঢ়ি থকা সময়তে প্রথম বার্ষিকত ছাত্ৰ একতা সভাৰ নিৰ্বাচনত লঘু ক্রীড়া বিভাগৰ সম্পাদক হিচাপে তেওঁ নির্বাচিত হৈছিল। ১৯৫৮ চনত কটন কলেজৰ পৰা আইএছচি পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ স্নাতক মহলাত তেওঁ নামভৰ্তি কৰিছিল। কিন্তু অনিবার্য কাৰণবশতঃ তাতে অধ্যয়ন সমাপ্ত নকৰাকৈ গুৱাহাটীলৈ উভতি আহি পুনৰ কটন কলেজত স্নাতক মহলাত নামভৰ্তি কৰি সুখ্যাতিৰে উত্তীৰ্ণ হয়। স্নাতক ডিগ্রী লাভৰ পাছতে আছাম ট্রিবিউন প্রতিষ্ঠানত যোগদান কৰা প্ৰদীপ বৰুৱাই ১৯৬৪ চনৰ ৭ মাৰ্চত যোৰহাটৰ মায়া বৰুৱাৰ সৈতে বিবাহপাশত আবদ্ধ হয়। ট্রিবিউন প্রতিষ্ঠানত গুৰুদায়িত্বত নিয়োজিত হ’লেও চিৰদিনেই এক স্বাধীনচিতীয়া মন লৈ কার্যনির্বাহ কৰা প্ৰদীপ বৰুৱাই ১৯৮১ চনৰ ১ ডিচেম্বৰৰ পৰা আৰম্ভ কৰে পষেকীয়া আলোচনী ‘প্রান্তিক’ৰ। ড° ভবেন্দ্রনাথ শইকীয়াক মুখ্য সম্পাদক হিচাপে লৈ আৰম্ভ কৰা ‘প্রান্তিক’-এ অতি কম সময়ৰ ভিতৰতে অসমীয়া সংবাদ-সাহিত্য ক্ষেত্ৰখনৰ এক অন্যতম সমল ৰূপে পৰিগণিত হয়। ১৯৯৭ চনত স্বাস্থ্যজনিত কাৰণত ড° ভবেন্দ্রনাথ শইকীয়াই মুখ্য সম্পাদকৰ পদবীৰ পৰা অব্যাহতি লোৱাৰ পাছতো তেওঁ ইমৰান হুছেইনৰ সৈতে লগ লাগি আলোচনীখন নিয়াৰিকৈ প্ৰকাশ কৰি আহিছিল। মৃত্যুৰ আগমুহূৰ্তলৈকে আলোচনীখনৰ প্ৰতি দায়বদ্ধ হোৱা সম্পাদকগৰাকীৰ কন্যা ৰশ্মি বৰুৱাই মৃত্যুৰ পিছত এই কথা সুঁৱৰি কয় যে সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱাৰ তেওঁ কনিষ্ঠ সন্তান আছিল। নিজস্ব পৰিচয়েৰে তেওঁ জীয়াই থাকিব বিচাৰিছিল। মৃত্যুৰ পাছত তেওঁৰ মৃতদেহ প্রথমে হাস্পতালৰ পৰা নৱগিৰি পথত থকা বাসভৱনলৈ অনা হয় আৰু তাৰ পৰা পোনে পোনে নৱগ্রহ শ্মশানলৈ নিয়া হয়। তাতেই একমাত্র কন্যা ৰশ্মি বৰুৱাই মুখাগ্নি কৰে। বিশিষ্ট সাংবাদিক-লেখক প্ৰদীপ বৰুৱাৰ বিয়োগত শোকপ্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।  মুখ্যমন্ত্ৰীয়ে কয়, ‘‘আজি মাঘৰ বিহুৰ দিনটোতে প্ৰতিগৰাকী অসমবাসীক মৰ্মাহত কৰা স্বনামধন্য প্ৰদীপ বৰুৱা ডাঙৰীয়াৰ দেহাৱসানৰ খবৰ শুনি গভীৰভাৱে ম্ৰিয়মাণ হ’লোঁ৷ অসমীয়া পষেকীয়া ব্যতিক্ৰমী আলোচনী ‘প্ৰান্তিক’ৰ জৰিয়তে তেখেতে সাহিত্য-চৰ্চাৰ এক সুকীয়া যুগৰ সূচনা কৰাই নহয়, অসমৰ সংবাদ জগতখনকো অনন্য সমৃদ্ধি প্ৰদান কৰিছিল৷ তেখেতৰ অবৰ্তমান আমাৰ বাবে এক পূৰাব নোৱৰা শূন্যতা৷ নিশ্চিতকৈ তেখেতৰ অৱদান প্ৰতি অসমীয়াই চিৰদিন স্মৰণ কৰিব৷ প্ৰভু ভগৱন্তই প্ৰদীপ বৰুৱা ডাঙৰীয়াৰ স্বৰ্গগামী আত্মাক চিৰশান্তি প্ৰদান কৰক৷ এই শোকাৰ্ত মুহূৰ্তত প্ৰসিদ্ধ সম্পাদক, সাহিত্যিকগৰাকীৰ পৰিয়ালবৰ্গ, প্ৰান্তিক পৰিয়াল তথা অজস্ৰ গুণমুগ্ধলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ৷’’ আনহাতে বিশিষ্ট সাংবাদিকগৰাকীৰ মৃত্যুত আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যই নৱগিৰি পথত থকা বাসভৱনত উপস্থিত হৈ শেষশ্রদ্ধা জ্ঞাপন কৰে। তেওঁ কয় যে অসমৰ বৌদ্ধিক জগতখনক তেওঁ সমুখৰ পৰা নেতৃত্ব দিছিল। অসমৰ প্ৰতিটো সংকটত বৌদ্ধিক চিন্তাৰে জাতীয় জীৱনক বাট দেখুৱাইছিল। তেওঁৰ মৃত্যু অসমীয়া জাতীয় জীৱনৰ অপূৰণীয় ক্ষতি।