প্রাদেশিকীকৰণৰ বাবে আবেদন কৰিবলৈ প’র্টেল মুকলি মুখ্যমন্ত্ৰীৰ  

প্রাদেশিকীকৰণৰ বাবে আবেদন কৰিবলৈ প’র্টেল মুকলি মুখ্যমন্ত্ৰীৰ  

ৰঙিলী বাৰ্ত্তাসেৱা-  অপ্ৰাদেশীকৃত শিক্ষানুষ্ঠান আৰু ইয়াত কৰ্মৰত শিক্ষক-শিক্ষয়িত্ৰী আৰু কৰ্মচাৰীসকলৰ সেৱা প্রদেশিকীকৰণ প্ৰক্ৰিয়াটো অধিক মসৃণ কৰাৰ লক্ষ্যৰে  লোকসেবা ভৱনত অনুষ্ঠিত এক কার্যসূচীত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই প্রাদেশিকীকৰণ ব্যৱস্থাপনা প্রণালী নামৰ এটা প’র্টেল আনুষ্ঠানিকভাবে মুকলি কৰে।  অসমৰ অপ্ৰাদেশিকৃত শিক্ষানুষ্ঠান আৰু ইয়াত কৰ্মৰত শিক্ষক-শিক্ষয়িত্ৰী তথা কৰ্মচাৰীসকলৰ সেৱা প্রাদেশিকীকৰণৰ আবেদনসমূহ দাখিল, পৰীক্ষণ আৰু প্ৰক্ৰিয়াকৰণ কৰিবলৈ তৈয়াৰ কৰা এটা কেন্দ্রীয় ডিজিটেল প্লেটফর্ম এই  হৈছে প’ৰ্টেলটো । ‘অসম শিক্ষা (শিক্ষকৰ সেৱা প্রাদেশিকীকৰণ আৰু শিক্ষানুষ্ঠানৰ পুনৰ সংগঠন) আইন, ২০১৭’ৰ শেহতীয়া সংশোধন অনুসৰি যোগ্য অপ্রাদেশিকৃত শিক্ষানুষ্ঠানসমূহে প্রাদেশিকীকৰণৰ বাবে এই প’ৰ্টেলৰ জৰিয়তে আবেদন কৰিব পাৰিব। এই প’ৰ্টেলৰ জৰিয়তে অপ্রাদেশিকৃত শিক্ষানুষ্ঠান আক ইয়াত কৰ্মৰত শিক্ষক আৰু আন কৰ্মচাৰীসকলৰ সেৱাৰ তথ্য সংগ্ৰহ কৰা হ’ব। অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড° শর্মাই কয় যে প্রাদেশিকীকৰণ ব্যৱস্থাপনা প্রণালী নামৰ প’ৰ্টেলটো অসমৰ প্ৰাদেশিকীকৰণ নোহোৱা শিক্ষানুষ্ঠান আৰু ইয়াত কৰ্মৰত শিক্ষক আৰু কৰ্মচাৰীসকলৰ পদ প্রাদেশিকীকৰণৰ বাবে আবেদন কৰাত সুবিধা প্ৰদান কৰিবলৈ প্ৰস্তুত কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে কয় যে তেওঁ ৰাজ্যৰ শিক্ষামন্ত্রী হৈ থাকোঁতে প্রাদেশিকীকৰণৰ বাবে পদক্ষেপ গ্রহণ কৰি ২০১১ চনত ২১,৯৫৭ গৰাকী প্রাথমিক বিদ্যালয়ৰ শিক্ষক, ১৪,০৩৪ গৰাকী মাধ্যমিক বিদ্যালয়ৰ শিক্ষক আৰু ৩,১৮০ গৰাকী মহাবিদ্যালয়ৰ শিক্ষকৰ সেৱা প্রদেশিকীকৰণ কৰিছিল। পৰৱৰ্তী সময়ত ২০১৭ চনত ৯,৮৯৭ গৰাকী প্রাথমিক বিদ্যালয়ৰ শিক্ষক, ৫,৩৪৫ গৰাকী মাধ্যমিক বিদ্যালয়ৰ শিক্ষক আৰু ১,৭৪৬ গৰাকী মহাবিদ্যালয়ৰ শিক্ষকৰ সেৱা প্রাদেশিকীকৰণ হৈছিল। তেওঁ কয় যে তৃতীয় পর্যায়ত আজি প্রাদেশিকীকৰণ ব্যৱস্থাপনা প্রণালী নামৰ প’ৰ্টেলটো আনুষ্ঠানিকভাবে মুকলি কৰি প্রাদেশিকীকৰণৰ উদ্যোগ লোৱা হৈছে। এই প’ৰ্টেলত ২০০৬ চনৰ ১ জানুৱাৰী তাৰিখৰ আগতে স্থাপন হোৱা ৰাজ্যৰ অপ্ৰাদেশিকৃত প্রাথমিক বিদ্যালয়, উচ্চপ্রাথমিক বা মধ্য ইংৰাজী বিদ্যালয়, হাইস্কুল, উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু ডিগ্রী কলেজসমূহে ইয়াত কৰ্মৰত শিক্ষক-শিক্ষয়িত্ৰী আৰু কৰ্মচাৰীসকলৰ পদ প্রদেশিকীকৰণৰ বাবে আবেদন কৰিব পাৰিব। আবেদনকাৰী শিক্ষানুষ্ঠানে শিক্ষানুষ্ঠানখনৰ স্বীকৃতি বা অনুমোদন-পত্র, ভূমি সংক্রান্তীয় নথি, শিক্ষক-কর্মচাৰীৰ নিযুক্তি-পত্র, যোগদানৰ ৰিপ’ৰ্ট আৰু শৈক্ষিক প্রমাণ-পত্র, বিগত চাৰি বছৰৰ শিক্ষার্থীৰ উপস্থিতিৰ তথ্য আদি জমা দিব লাগিব। যোৱা ১৭ ফেব্ৰুৱাৰীত অসম বিধানসভাত বিত্তমন্ত্রীয়ে দাখিল কৰা লেখানুদানত ‘গুৰদক্ষিণা’ নামৰ এখন আঁচনিৰ বাবে ধন ধাৰ্য কৰাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে এই আঁচনিৰ অধীনত যিসকল শিক্ষক আৰু কৰ্মচাৰীৰ সেৱা কোনো প্ৰকাৰে প্ৰাদেশিকীকৰণ কৰিব পৰা নাযাব, তেওঁলোকক বিত্তীয় সাহায্য দিয়া হ’ব। এই শিক্ষক-কর্মচাৰীসকলে আন চৰকাৰী চাকৰিৰ বাবে আবেদন কৰিলে তেওঁলোকক অতিৰিক্ত নম্বৰ দিয়াৰ ব্যৱস্থা কৰা হ’ব। অপ্রাদেশিকৃত বিদ্যালয়ৰ সমস্যাটো স্থায়ীভাবে সমাধান কৰাত সকলোকে সহযোগিতা আগবঢ়াবলৈ তেওঁ আহ্বান জনায়। শিক্ষা আদি বিভাগৰ মন্ত্রী ডাঃ ৰণোজ পেগুৱে এই কাৰ্যসূচীত আদৰণী ভাষণ প্ৰদান কৰে। কাৰ্যসূচীত অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধ্যক্ষ আৰ চি জৈন, বিদ্যালয় শিক্ষা বিভাগৰ সচিব এছ এন চৌধুৰী, মাধ্যমিক শিক্ষা, অসমৰ সঞ্চালক মমতা হোজাই প্ৰমুখ্যে কেইবাগৰাকী গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।