প্রাগ নিউজৰ বিতর্কিত সাংবাদিক উৎপল বৰাক বৰ্খাস্ত 

প্রাগ নিউজৰ বিতর্কিত সাংবাদিক উৎপল বৰাক বৰ্খাস্ত 

ৰঙিলী বাৰ্ত্তাসেৱা-  যোৰহাটস্থিত ‘প্রাগ নিউজ’ৰ  বিতর্কিত সাংবাদিক উৎপল বৰাক বৰ্খাস্ত কৰা  হৈছে। অসমীয়াৰ হিয়াৰ আমঠু, শিল্পী জুবিন গাৰ্গৰ দুৰ্ভাগ্যজনক মৃত্যুৰ পাছত যোৰহাটত অনুষ্ঠিত এখন সভাত উৎপল বৰাই প্ৰৰোচনামূলক ভাষণ দিয়াৰ বাবে প্ৰাগ নিউজ কর্তৃপক্ষই সাংবাদিকজনক বৰ্খাস্ত কৰে। এই সন্দর্ভত প্ৰাগ নিউজ কর্তৃপক্ষই কয় যে ‘প্রাগ নিউজ’ৰ যোৰহাটস্থিত সাংবাদিক উৎপল বৰাই আমাৰ অতি মৰমৰ শিল্পী জুবিন গাৰ্গৰ দুর্ভাগ্যজনক মৃত্যুৰ পাছত যোৰহাটত অনুষ্ঠিত এখন সভাত ভাষণ দিছিল। এই ভাষণত কেতবোৰ প্ৰৰোচনামূলক মন্তব্য কৰা আমাৰ দৃষ্টিগোচৰ হৈছে। উৎপল বৰাৰ এই বক্তব্যৰ লগত ‘প্রাগ নিউজ’ৰ কোনো সম্পর্ক নাই। উৎপল বৰাই সামাজিক মাধ্যমযোগে, ৰাজহুৱা সভাযোগে উপস্থাপন কৰা বক্তব্যৰ দায়িত্ব কেৱল তেওঁৰ নিজৰ, ‘প্রাগ নিউজ’ৰ নহয়। সাংবাদিক উৎপল বৰাক ইতিমধ্যে কামৰ পৰা বৰ্খাস্ত কৰা হৈছে।