প্রাগজ্যোতিষ কলেজত ৰাষ্ট্ৰীয় আলোচনা-চক্র সম্পন্ন
ৰঙিলী বাৰ্ত্তাসেৱা- যোৱা ৬ আৰু ৭ নৱেম্বৰত গুৱাহাটীৰ প্ৰাগজ্যোতিষ কলেজত ছায়াবাদ আৰু কোঁৱৰ চন্দ্ৰপ্ৰকাশ সিং শীর্ষক এখনি ৰাষ্ট্ৰীয় আলোচনা-চক্ৰ অনুষ্ঠিত হয়। প্রাগজ্যোতিষ কলেজৰ হিন্দী বিভাগৰ লগতে আগ্ৰাৰ কেন্দ্ৰীয় হিন্দী প্রতিষ্ঠান আৰু আন্তঃৰাষ্ট্ৰীয় হিন্দী সমিতিৰ উদ্যোগত আড়ম্বৰপূৰ্ণভাৱে অনুষ্ঠিত এই আলোচনা-চক্রত মুখ্য অতিথি হিচাপে কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ৰমেশ চন্দ্ৰ ডেকাই অংশগ্রহণ কৰে। লগতে সন্মানীয় অতিথি ৰূপে বিধায়ক ৰমেন্দ্ৰ নায়ায়ণ কলিতা, কেন্দ্ৰীয় হিন্দী সংস্থানৰ সঞ্চালক অধ্যাপক সুনীল বাবুৰাও কুলকানী আৰু আন্তঃৰাষ্ট্ৰীয় হিন্দী সমিতিৰ ড° ৰবি প্রকাশ সিঙে ভাগ লয়। প্রাগজ্যোতিষ কলেজৰ অধ্যক্ষ ড° মনোজ কুমাৰ মহন্তৰ অধ্যক্ষতাত অনুষ্ঠিত এই আলোচনা-চক্ৰত আদৰণী ভাষণ দিয়ে অধ্যাপিকা ড° চন্দনা শর্মাই। হিন্দী বিভাগৰ ছাত্ৰ-ছাত্ৰীৰ সৰস্বতী বন্দনাৰে আৰম্ভ হোৱা আলোচনা-চক্ৰত বিশিষ্ট অতিথিৰ ভাষণ দিয়ে ড° জগদীন্দ্ৰ ৰয় চৌধুৰীয়ে। হিন্দী বিভাগৰ অধ্যাপিকা ড° মনালিছা চক্ৰৱৰ্তীৰ শলাগৰ শৰাইৰে সম্পন্ন হোৱা এই আলোচনা-চক্রত বহু ছাত্র-ছাত্রী আৰু বিশিষ্ট ব্যক্তিয়ে অংশগ্রহণ কৰে।
