প্রাক প্রাথমিক পৰ্যায়ৰ মিচিং ভাষাৰ ১১খন পাঠ্যপুথিৰ শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ

প্রাক প্রাথমিক পৰ্যায়ৰ মিচিং ভাষাৰ ১১খন পাঠ্যপুথিৰ শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ

ৰঙিলী বাৰ্ত্তাসেৱা- মিচিং জাতিৰ ইতিহাসত আজিৰ দিনটো সোণালী আখৰেৰে লিপিবদ্ধ হৈ ৰ’ব ৷  বুনিয়াদী পাঠ্যক্ৰমত সন্নিবিষ্ট হ’ল মিচিং ভাষা৷ মঙলবাৰে গোগামুখত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শিক্ষামন্ত্ৰী ডা° ৰনোজ পেগুৰ উপস্থিতিত আনুষ্ঠানিকভাৱে মিচিং আগম কেবাং (MAK) আৰু ৰাজ্যিক শিক্ষা গৱেষণা প্ৰতিষ্ঠানে (SCERT) প্ৰস্তুত কৰা ১১ খনকৈ মিচিং ভাষাৰ পাঠ্যপুঠি উন্মোচন কৰে ৷ প্ৰাক-প্ৰাথমিক আৰু প্ৰাথমিক বিদ্যালয়ৰ বাবে মিচিং ভাষাৰ এই কিতাপবোৰ অসম ৰাজ্যিক পাঠ্যপুথি উৎপাদন আৰু প্ৰকাশন নিগমৰ দ্বাৰা প্ৰকাশিত কৰা হৈছে।মিচিং ভাষা-সাহিত্যৰ একমাত্ৰ সংগঠন মিচিং আগম কেবাঙৰ গৌৰৱোজ্জল সোণালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান আৰু ২৪ সংখ্যক ত্ৰি-বাৰ্ষিক সাধাৰণ অধিৱেশনখন ২৮ মে’ৰ পৰা বৰ্ণিল কাৰ্যসূচীৰে ধেমাজি জিলাৰ গোগামুখত অনুষ্ঠিত হৈছিল ৷ গোগামুখস্থিত ৰত্নেশ্বৰ পৗৰমে লত্তাত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা সোণালী জয়ন্তী বৰ্ষ আৰু সাধাৰণ অধিৱেশনখনক লৈ সমগ্ৰ গোগামুখত উখল-মাখল পৰিৱেশৰ বিৰাজ কৰে ৷