প্রাক্তন ৰাজ্যপাল সত্যপাল মালিক দেহাৱসান
ৰঙিলী বাৰ্ত্তাসেৱা- জম্মু-কাশ্মীৰ, গোৱা, বিহাৰ আৰু মেঘালয়ৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ দেহাৱসান ঘটে। দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা প্ৰাক্তন ৰাজ্যপালগৰাকী যোৱা বহুদিন ধৰি দিল্লীৰ ডাঃ ৰাম মনোহৰ লোহিয়া চিকিৎসালয়ত ভৰ্তি হৈ আছিল। আৰু আজি চিকিৎসালয়তে তেওঁৰ মৃত্যু হয় । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৯ বছৰ । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৯ বছৰ। প্ৰস্ৰাৱৰ সংক্ৰমণ আৰু বৃক্ক বিকল হোৱাৰ বাবে সত্যপাল মালিকক আই চি ইউত ৰখা হৈছিল। তাৰ মাজতেই আজি তেওঁ শেষ নিস্বাস ত্যাগ কৰে। তেওঁৰ সামাজিক মাধ্যম একাউন্ট X হেণ্ডেলৰ পৰা দিয়া এটা পোষ্টত তেওঁৰ ব্যক্তিগত সচিব কনোৱাৰ সিং ৰাণাই কয়, “দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ মৃত্যু হৈছে । বুধবাৰে পুৱা ৯ বজাৰ পৰা দুপৰীয়া ২ বজালৈকে আৰ কে পুৰমৰ সোম বিহাৰত থকা তেওঁৰ ঘৰত তেওঁৰ মৃতদেহ অন্তিম শ্ৰদ্ধাৰ বাবে ৰখা হ’ব । তেওঁৰ শেষকৃত্য লোধি ৰোডৰ শ্মশানত অনুষ্ঠিত হ’ব । তেওঁৰ অন্তিম যাত্ৰা আৰম্ভ হ’ব বিয়লি ৩ বজাৰ পৰা ।” ১৯৪৬ চনৰ ২৪ জুলাইত জন্মগ্ৰহণ কৰা সত্যপাল মালিকৰ ঘৰ উত্তৰ প্ৰদেশৰ বাঘপাট জিলাৰ হিছৱাদা গাঁৱত। এটা জাট পৰিয়ালত জন্মগ্ৰহণ কৰা মালিকে মীৰুট মহাবিদ্যালয়ৰ পৰা বিজ্ঞান শাখাত স্নাতক আৰু এল এল বি ডিগ্ৰী গ্ৰহণ কৰিছিল। তেওঁ ১৯৬৮-৬৯ চনত মীৰুট মহাবিদ্যালয়ৰ ছাত্ৰ সন্থাৰ সভাপতি হিচাপে ৰাজনৈতিক জীৱন আৰম্ভ কৰিছিল। তেওঁ ১৯৭৪-৭৭ চনলৈ উত্তৰ প্ৰদেশ বিধানসভাৰ সদস্য হিচাপে ১৯৮০ চনৰ পৰা ১৯৮৯ চনলৈ ৰাজ্যসভাত উত্তৰ প্ৰদেশক প্ৰতিনিধিত্ব কৰিছিল। সত্যপাল মালিকে ২০১৮ চনৰ আগষ্টৰ পৰা ২০১৯ চনৰ অক্টোবৰলৈকে জম্মু-কাশ্মীৰৰ অন্তিমগৰাকী ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।তেওঁৰ কাৰ্যকালতে জম্মু কাশ্মীৰৰ পৰা ২০১৯ চনৰ ৫ আগষ্টত ৩৭০ অনুচ্ছেদ বাতিলৰ ঐতিহাসিক সিদ্ধান্ত লোৱা হৈছিল। তাৰ পিছত জম্মু-কাশ্মীৰক দুটা কেন্দ্ৰীয় শাসিত অঞ্চলত বিভক্ত কৰা হৈছিল। ইয়াৰ পিছত তেওঁ বিহাৰ আৰু মেঘালয়ৰ ৰাজ্যপাল হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। ২০১৯ চনৰ পুলৱামা আক্ৰমণত নিৰাপত্তাৰক্ষীৰ ত্ৰুটি আৰু কিৰু জলবিদ্যুৎ প্ৰকল্পত হোৱা দুৰ্নীতিৰ অভিযোগৰ বিষয়ত তেওঁ মুকলিকৈ যিবোৰ কথা উল্লেখ কৰিছিল সেইবোৰক লৈ দেশৰ ৰাজনীতি উত্তাল হৈ পৰিছিল।