প্রাক্তন মন্ত্রী সাংসদ বীৰেনছিং ইংতিৰ দেহাৱসান
ৰঙিলী বাৰ্ত্তাসেৱা– বর্ষীয়ান কংগ্রেছ নেতা, পাৰ্বত্য জিলাৰ সাতবাৰৰ সাংসদ, অসম চৰকাৰৰ প্রাক্তন ৰাজ্যিক মন্ত্রী, কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ প্রাক্তন মুখ্য কার্যবাহী সদস্য তথা কার্বি আংলং জিলা কংগ্ৰেছৰ প্ৰাক্তন সভাপতি বীৰেনছিং ইংতিৰ দেহাৱসান ৷ ৯০ বছৰ বয়সত বার্ধক্যজনিত কাৰণত গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয় প্ৰাক্তন মন্ত্ৰীগৰাকীৰ। ১৯৪৫ চনৰ ২ মাৰ্চত জন্মলাভ কৰা বীৰেনছিং ইংতি তিনি পার্বত্য জিলাৰ একমাত্র ডিফু লোকসভা সমষ্টিৰ প্রথমগৰাকী সাংসদ আছিল। লগতে ইংতিয়ে সাতবাৰকৈ সাংসদ হিচাপে মুঠ ৩৫ বছৰ কাৰ্যনিৰ্বাহ কৰিছিল। তিনি পার্বত্য জিলাত যথেষ্ট অৱদান আছে ইংতিৰ। মৃত্যুৰ সময়ত ইংতিৰ বয়স হৈছিল ৮১ বছৰ। ইংতিয়ে দুই পুত্র, এগৰাকী কন্যা, দুই বোৱাৰী, নাতি-নাতিনীসহ অজস্র গুণমুগ্ধক ইহসংসাৰত এৰি যায়। বর্ষীয়ান নেতাগৰাকী বার্ধক্যজনিত কাৰণত সুদীর্ঘ দিন ধৰি অসুস্থ হৈ আছিল। সোমবাৰে স্বাস্থ্যৰ অৱনতি ঘটাত কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য ড° তুলিৰাম ৰংহাঙে নিজেই ডিফু চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ নিয়াৰ ব্যৱস্থা কৰে আৰু পৰৱৰ্তী সময়ত গুৱাহাটী হেলথ চিটী হাস্পতাললৈ প্ৰেৰণৰ ব্যৱস্থা কৰে। আৰু মঙলবাৰে পুৱা প্রায় ৭.৪৫ বজাত ইংতিয়ে শেষ নিশ্বাস ত্যাগ কৰে। ইংতিৰ বিয়োগত তিনি পার্বত্য জিলাতে শোকৰ ছাঁ পৰা দেখা গৈছে। কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য ড° ৰংহাঙে গভীৰ শোক প্ৰকাশ কৰি এয়া কাৰ্বি আংলঙৰ বাবে অপূৰণীয় ক্ষতি বুলি মন্তব্য কৰে। ইপিনে, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে এক নির্দেশনাযোগে দুদিনীয়াকৈ চৰকাৰী বন্ধ ঘোষণা কৰিছে।
