প্রাক্তন বিধায়ক সঞ্জয়ৰাজ চুব্বাৰ দেহাৱসান
ৰঙিলী বাৰ্ত্তাসেৱা- প্রাক্তন বিধায়ক সঞ্জয়ৰাজ চুব্বাৰ দেহাৱসান ঘটিছে। উচ্চ ৰক্তচাপ সম্পৰ্কীয় সমস্যাৰ বাবে মঙলবাৰে দেহাৱসান ঘটে প্রাক্তন বিধায়কগৰাকীৰ।৬৫ বছৰ বয়সত লালুক আদৰ্শ চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে প্রাক্তন বিধায়কগৰাকীয়ে।নাওবৈচা সমষ্টিৰ দুটা কাৰ্যকালৰ বিধায়ক আছিল সঞ্জয়ৰাজ চুব্বা।তেজপুৰৰ প্রাক্তন সাংসদ প্রয়াত মণিকুমাৰ চুব্বাৰ ভাতৃ আছিল সঞ্জয়ৰাজ চুব্বা।সঞ্জয়ৰাজ চুব্বাই প্ৰথমে ২০০৬ চনত নিৰ্দলীয় হিচাপে আৰু পিছত ২০১১ চনত নাওবৈছাৰ পৰা ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে বিধানসভা নির্বাচনত জয় লাভ কৰিছিল।২০১৬ চনৰ অসম বিধানসভা নিৰ্বাচনত তেওঁ এআইইউডিএফৰ প্ৰাৰ্থী মামুন ইমদাদুল হক চৌধুৰীৰ হাতত পৰাস্ত হৈছিল।নাওবৈচাত তেওঁৰ মৃত্যুত সমষ্টিৰ ৰাইজৰ লগতে কেইবাটাও সামাজিক সংগঠনে শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালৰ সদস্যসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছে।