প্রাক্তন গৃহমন্ত্রী শিৱৰাজ পাটিলৰ দেহাৱসান

Pc Newsonair

প্রাক্তন গৃহমন্ত্রী শিৱৰাজ পাটিলৰ দেহাৱসান

ৰঙিলী বাৰ্ত্তাসেৱা-  দেশৰ প্রাক্তন গৃহমন্ত্রী তথা প্ৰবীণ কংগ্ৰেছ নেতা, লোকসভাৰ প্ৰাক্তন অধ্যক্ষ শিৱৰাজ পাটিলৰ শুক্ৰবাৰে পুৱাৰ ভাগতে মহাৰাষ্ট্ৰৰ লাটুৰত থকা নিজ বাসভৱনত  শেষ নিশ্বাস ত্যাগ কৰে ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৯০ বছৰ।যোৱা কিছুদিন ধৰি প্ৰবীণ কংগ্ৰেছ নেতাগৰাকীয়ে বিভিন্ন বার্ধক্যজনিত সমস্যাত ভুগি আছিল। সুদীর্ঘ ৰাজনৈতিক জীৱনত বিভিন্ন প্রশাসনিক দায়িত্ব পালন কৰিছিল শিৱৰাজ পাটিলে।১৯৩৫ চনৰ ১২ অক্টোবৰত জন্মগ্ৰহণ কৰা পাটিলে ১৯৬৬ চনৰ পৰা ১৯৭০ চনৰ ভিতৰত লাটুৰ পৌৰসভাৰ সভাপতি হিচাপে ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰিছিল আৰু পৰৱৰ্তী সময়ত দুটা কাৰ্যকালৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হয় । ১৯৭৭ চনৰ পৰা ১৯৭৯ চনৰ ভিতৰত তেওঁ উপাধ্যক্ষ আৰু অধ্যক্ষকে ধৰি মহাৰাষ্ট্ৰ বিধানসভাত গুৰুত্বপূৰ্ণ পদবীত অধিষ্ঠিত হৈছিল ।ইয়াৰ পিছত তেওঁ ৭ বাৰকৈ লাটুৰ লোকসভাৰ আসন দখল কৰি ১৯৯১ চনৰ পৰা ১৯৯৬ চনলৈকে লোকসভাৰ দশম অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । তেওঁ ৰাজ্যসভাৰ সদস্যও আছিল । ২০০৪ৰ পৰা ২০০৮ বর্ষ পর্যন্ত তেওঁ দেশৰ গৃহমন্ত্ৰীৰ দায়িত্ব পালন কৰিছিল। কিন্তু ২০০৮ বৰ্ষৰ ২৬ নৱেম্বৰত হোৱা মুম্বাইৰ সন্ত্রাসবাদী আক্ৰমণৰ পিছত নিৰাপত্তা সম্পকীয় ব্যৰ্থতাৰ নৈতিক দায়িত্ব মূৰ পাতি লৈ তেওঁ সেই সময়ৰ মনমোহন সিং মন্ত্রীসভাৰ পৰা পদত্যাগ কৰে। ২০১০ৰ পৰা ২০১৫ চনলৈ পঞ্জাবৰ ৰাজ্যপাল আৰু কেন্দ্ৰীয়শাসিত চণ্ডীগড়ৰ প্রশাসক আছিল।