প্রাক্তন কেন্দ্রীয় মন্ত্রী কবীন্দ্র পুৰকায়স্থৰ  দেহাৱসান

প্রাক্তন কেন্দ্রীয় মন্ত্রী কবীন্দ্র পুৰকায়স্থৰ  দেহাৱসান

ৰঙিলী বাৰ্ত্তাসেৱা-   অসম তথা উত্তৰ-পূব বিজেপিৰ পিতামহ, প্রবীণ ৰাজনীতিবিদ তথা প্রাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ দেহাৱসান । বার্ধক্যজনিত অসুস্থতাত ভুগি থকা পুৰকায়স্থই  বুধবাৰে সন্ধিয়া ৫ বজাত শিলচৰ মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় ৰাজ্যিক বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীৰ । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৫ বছৰ । প্ৰবীণ ৰাজনীতিবিদজনৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে বিজেপিত গভীৰ শোকৰ ছাঁ পৰিছে। উল্লেখ্য যে ১৯৩১ চনৰ ১৫ ডিচেম্বৰত বৰ্তমানৰ বাংলাদেশৰ চিলেট জিলাৰ কমাৰখালত জন্মগ্রহণ কৰা পুৰকায়স্থই শিলচৰৰ জিচি কলেজৰ পৰা আইএছচি আৰু বিএ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ গুৱাহাটী বিশ্ববিদ্যালয়ত নামভর্তি কৰে। তেওঁ ১৯৬৮ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা বিটি আৰু ১৯৭৪ চনত স্নাতকোত্তৰ ডিগ্রী লাভ কৰিছিল। ৰাজনীতি জগতত প্ৰৱেশৰ পূৰ্বে তেওঁ কর্মজীৱন আৰম্ভ কৰিছিল শিক্ষকতা বৃত্তিৰে। তেওঁ ১৯৫১ চনৰ পৰা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৈতে জড়িত হৈ থাকি ১৯৮০ চনত বিজেপিত প্রতিষ্ঠাপক সদস্য হিচাপে যোগ দিয়ে। অটল বিহাৰী বাজপেয়ী মন্ত্ৰী পৰিষদৰ তেওঁ সদস্য আছিল। শিলচৰ লোকসভা সমষ্টিক ১৯৯১ চনৰ পৰা তেওঁ সংসদত প্রতিনিধিত্ব কৰিছিল। ১৯৯১, ১৯৯৮ আৰু ২০০৯ চনৰ সংসদীয় নির্বাচনত তেওঁ জয়ী হৈছিল। ১৯৯৮ চনত পুৰকায়স্থই অটল বিহাৰী বাজপেয়ী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰত ৰাজ্যিক মন্ত্ৰী হিচাপে অন্তর্ভুক্ত হয়। ২০০৯ চনৰ নিৰ্বাচনত তেওঁ কংগ্ৰেছৰ সন্তোষ মোহন দেৱ আৰু এআইইউডিএফৰ বদৰুদ্দিন আজমলক পৰাজিত কৰি লোকসভালৈ নির্বাচিত হৈছিল। কিন্তু ২০১৪ চনৰ লোকসভা নির্বাচনত তেওঁ কংগ্ৰেছ প্রার্থী তথা সন্তোষ মোহন দেৱৰ কন্যা সুস্মিতা দেৱৰ হাতত পৰাজয়বৰণ কৰে। ২০১৫ চনৰ জুন মাহত তেওঁৰ পুত্র কনাড পুৰকায়স্থ ৰাজ্যসভাৰ সদস্য হিচাপে নির্বাচিত হয়। দীর্ঘদিনীয়া ৰাজনৈতিক তথা সামাজিক জীৱনৰ স্বীকৃতিস্বৰূপে ২০২৪ চনৰ ছেপ্টেম্বৰ মাহত পুৰকায়স্থক অসম বিশ্ববিদ্যালয়ে প্রদান কৰে সন্মানীয় ডক্টৰেট ডিগ্রী। পুৰকায়স্থৰ বিয়োগত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই গভীৰ শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমত মুখ্যমন্ত্রী ড° শর্মাই কয় যে অসমৰ বিজেপিৰ ধ্বজাবাহক, দূৰদৰ্শী আৰু জনদৰদী নেতা প্রাক্তন কেন্দ্ৰীয় মন্ত্রী কবীন্দ্ৰ পুৰকায়স্থৰ মৃত্যুৰ খবৰত মই গভীৰভাৱে মর্মাহত হৈছোঁ। তেওঁৰ নেতৃত্বত অসমত বিজেপি আৰু ৰাষ্ট্ৰবাদী আদৰ্শৰ যি আধাৰশিলা স্থাপন কৰা হৈছিল সেয়া আজি এক বিশাল বটবৃক্ষৰ ৰূপ লৈছে। বৰাক উপত্যকা তথা অসমৰ সমান্তৰালভাৱে দেশৰ সামাজিক-ৰাজনৈতিক ক্ষেত্ৰলৈ তেওঁৰ অৱদান অনবদ্য। তেওঁৰ বিয়োগ আমাৰ সমাজ জীৱনৰ কাৰণে এক অপূৰণীয় ক্ষতি। তেওঁৰ পৰিয়ালৰ লগতে অসমবাসী তথা বিজেপিৰ পৰিয়াল আজি গভীৰভাৱে শোকাহত। ঈশ্বৰৰ ওচৰত তেওঁৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰিছোঁ। লগতে তেওঁৰ পৰিয়াল, আত্মীয়-স্বজন আৰু গুণমুগ্ধসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছোঁ।কবীন্দ্র পুৰকায়স্থৰ বিয়োগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও শোক প্ৰকাশ কৰিছে। সামাজিৰ মাধ্যম এক্সত তেওঁ লিখেছে, প্ৰাক্তন সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী কবীন্দ্ৰ পুৰকায়স্থ দেৱৰ বিয়োগত মৰ্মাহত হৈছো। সমাজ সেৱাৰ প্ৰতি তেওঁৰ দায়বদ্ধতা আৰু অসমৰ প্ৰগতিৰ প্ৰতি তেওঁৰ অৱদান সদায় স্মৰণীয় হৈ থাকিব। সমগ্ৰ ৰাজ্যতে বিজেপিক শক্তিশালী কৰাৰ ক্ষেত্ৰত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। এই দুখৰ সময়ত তেওঁৰ পৰিয়াল আৰু গুণমুগ্ধসকলৰ প্ৰতি মোৰ সমবেদনা জনাইছো। ঔম শান্তি।  কেন্দ্ৰীয় মন্ত্রী সৰ্বানন্দ সোণোৱালেও পুৰ পুৰকায়স্থৰ বিয়োগত শোক প্রকাশ কৰিছে। এক শোকবার্তাত কেন্দ্রীয় মন্ত্রী সোণোৱালে কয় যে অসমত বিজেপিৰ এজন জ্যেষ্ঠ নেতা তথা প্রাক্তন কেন্দ্রীয় মন্ত্রী কবীন্দ্ৰ পুৰকায়স্থৰ বিয়োগত গভীৰভাৱে মর্মাহত হ’লোঁ। বিজেপিৰ এজন সমর্পিত নেতা হিচাপে তেওঁ নিঃস্বার্থ সেৱাৰে তৃণমূল পৰ্যায়ৰ পৰাই দলৰ সাংগঠনিক ভেটি সুদৃঢ় কৰি তোলাৰ বাবে সমগ্ৰ জীৱন উৎসর্গা কৰিছিল। তেওঁৰ বিয়োগে অসমৰ ৰাজনৈতিক পৰিৱেশত এনে শূন্যতাৰ ৰ সৃষ্টি কৰিলে, যাক পূৰণ কৰাটো অত্যন্ত কঠিন। কেন্দ্রীয় মন্ত্রী সোণোৱালে পুৰকায়স্থৰ বিদেহ আত্মাৰ সদ্‌গতি কামনা কৰাৰ লগতে পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়ায়ো গভীৰ শোক প্রকাশ কৰিছে। এক শোকবার্তাত শইকীয়াই কয় যে কবীন্দ্ৰ পুৰকায়স্থৰ মৃত্যুত এটা যুগৰ অৱসান ঘটিল। তেওঁ আছিল এজন প্রকৃত সেৱক। বিজেপিৰ প্ৰতিষ্ঠাকালৰে পৰা ৰাজ্যখনত দলটোৰ সাংগঠনিক ভেটি সুদৃঢ় কৰা আমাৰ সকলোৰে মাৰ্গদর্শক পুৰকায়স্থৰ দেহাৱসানৰ বাতৰিয়ে বিজেপি পৰিয়ালৰ সকলোকে শোকবিহ্বল কৰি তুলিছে। ৰাজ্যিক বিজেপিৰ সভাপতিজনে পুৰকায়স্থৰ আত্মাৰ চিৰশান্তি কামনা কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গ আৰু গুণমুগ্ধসকলক সমবেদনা জ্ঞাপন কৰে। মন্ত্ৰী ৰঞ্জিত দাসেও পুৰকায়স্থৰ বিয়োগত শোক প্রকাশ কৰিছে। তেওঁ কয় যে আমাৰ অভিভাৱকস্বৰূপ কবীন্দ্ৰ পুৰকায়স্থৰ পৰলোকগমনে আমাক ব্যথিত কৰিছে। ইফালে জানিব পৰা মতে, আজি শিলচৰৰ শ্মশানঘাটত ৰাষ্ট্ৰীয় মর্যাদাৰে তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হ’ব। শেষকৃত্য অনুষ্ঠানত বিজেপিৰ বহুকেইজন শীর্ষ নেতা উপস্থিত থকাৰ কথা।