প্রশাসনত ব্যাপক ৰদ-বদল
ৰঙিলী বাৰ্ত্তাসেৱা- বিধানসভা নিৰ্বাচনৰ পূৰ্বে অসম চৰকাৰৰ প্ৰশাসনিক বিভাগত বৃহৎ সালসলনি ৷ একেদিনাই ৭খন জিলাত নিযুক্তি দিছে নতুন আয়ুক্ত।কৰ্মচাৰী বিভাগে এক নির্দেশযোগে এই জিলাকেইখন নতুন আয়ুক্ত নিযুক্তি দিছে।এই জিলাকেইখন হ’ল- বজালী, লখিমপুৰ, পশ্চিম কাৰ্বি আংলং, দৰং, গোলাঘাট, বাক্সা আৰু চিৰাং। গৃহ ৰাজনৈতিক বিভাগৰ আয়ুক্ত-সচিব পার্থ প্রতিম মজুমদাৰক বজালীৰ জিলা আযুক্তৰ দায়িত্ব দিয়া হৈছে। মুখ্যমন্ত্ৰীৰ সচিবালয়ৰ অতিৰিক্ত সচিব আদিত্য বিক্রম যাদৱ হ’ব লখিমপুৰৰ নতুন জিলা আয়ুক্ত। পশ্চিম কাৰ্বি আংলঙৰ জিলা আযুক্ত হিচাপে নিযুক্তি দিয়া হৈছে সাধাৰণ প্ৰশাসন বিভাগৰ যুটীয়া সচিব প্রীতি কুমাৰীক। বিত্ত বিভাগৰ যুটীয়া সচিব আয়ুশী জৈনক দৰঙৰ জিলা আয়ুক্ত পদলৈ বদলি কৰা হৈছে। দৰঙৰ বৰ্তমানৰ জিলা আয়ুক্ত পূৱালী গোহাঁইক একে পদমর্যাদাৰে বদলি কৰা হৈছে গোলাঘাটলৈ। বিটিচিৰ সচিব ধীৰাজ সাউদ বাক্সাৰ আৰু গকুল চন্দ্ৰ ব্ৰহ্ম হ’ব চিৰাঙৰ নতুন জিলা আযুক্ত। ইফালে নিয়োগ আৰু কাৰিকৰী প্রশিক্ষণ বিভাগৰ সঞ্চালক নৰেন্দ্ৰ কুমাৰ শ্বাহক মুখ্যমন্ত্ৰীৰ সচিবালয়ৰ সচিব হিচাপে বদলি কৰা হৈছে। ৰাজহ আৰু দুর্যোগ প্রশমন বিভাগৰ সচিব মীনাক্ষি দাস নাথক অব্যাহতি দিয়া হৈছে অসম ৰাজ্যিক দুর্যোগ প্রশমন প্ৰাধিকৰণৰ অতিৰিক্ত মুখ্য কাৰ্যবাহী বিষয়াৰ দায়িত্বৰ পৰা। পশ্চিম কার্বি আংলঙৰ বৰ্তমানৰ জিলা আয়ুক্ত সাৰংগপাণি শৰ্মাৰ নতুন দায়িত্ব হ’ব পৰিবহণ বিভাগৰ সচিব। বাক্সাৰ বৰ্তমানৰ জিলা আযুক্ত গৌতম দাসক পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ সচিব পদলৈ বদলি কৰা হৈছে। চিৰাঙৰ বৰ্তমানৰ জিলা আযুক্ত যতীন বৰাক দিয়া হৈছে সাধাৰণ প্রশাসন বিভাগৰ সচিবৰ দায়িত্ব। লখিমপুৰৰ বৰ্তমানৰ জিলা আয়ুক্ত প্ৰণৱ জিৎ কাকতিক দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ অতিৰিক্ত সচিব পদলৈ বদলি কৰা হৈছে। গোলাঘাটৰ বৰ্তমানৰ জিলা আয়ুক্ত পৰাগ কুমাৰ কাকতিৰ নতুন দায়িত্ব হ’ব ৰাজহ আৰু দুর্যোগ প্রশমন বিভাগৰ অতিৰিক্ত সচিব। সেইদৰে বজালীৰ বৰ্তমানৰ জিলা আযুক্ত মৃদুল কুমাৰ দাসক গৃহ-ৰাজনৈতিক বিভাগৰ অতিৰিক্ত সচিব পদলৈ বদলি কৰা হৈছে।
