প্রমোদ-হাগ্ৰামাৰ সমষ্টিত প্রার্থী নিদিয়ে বিজেপিয়েঃমুখ্যমন্ত্ৰী

প্রমোদ-হাগ্ৰামাৰ সমষ্টিত প্রার্থী নিদিয়ে বিজেপিয়েঃমুখ্যমন্ত্ৰী

ৰঙিলী বাৰ্ত্তাসেৱা- বিটিচি প্রধান প্রমোদ বড়ো আৰু বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে আগন্তুক বিটিচি নির্বাচনত প্রার্থী নিদিয়ে বিজেপিয়ে। এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। দিহিৰা পৰিষদীয় সমষ্টিত বিজয় সংকল্প সমাৱেশত অংশগ্ৰহণৰ পাছত সংবাদ মাধ্যমৰ সন্মুখত মুখ্যমন্ত্রী ড° শর্মাই কয় যে প্রমোদ বড়ো আৰু হাগ্রামা মহিলাৰীৰ বিৰুদ্ধে  বর্তমানলৈকে প্রার্থী নিদিয়াৰ আমি সিদ্ধান্ত লৈছোঁ। তেওঁলোকে ক’ত প্রতিদ্বন্দ্বিতা কৰিব আমি নাজানো। সেইকাৰণে তেওঁলোকৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ পাছতহে আমি এটা স্পষ্ট সিদ্ধান্ত ল’ব পাৰিম। ইপিনে বিটিচি নির্বাচনত কংগ্রেছসহ আন দলসমূহে প্রতিদ্বন্দ্বিতা কৰাৰ বাবে চলোৱা কুচকাৱাজ সন্দর্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ কয়- বিটিআৰত যিমান মানুহে নির্বাচন খেলে, সিমানেই বিটিআৰলৈ গণতান্ত্রিক পৰিৱেশ এটা ঘূৰি আহিব। সেইকাৰণে মই সকলো ৰাজনৈতিক দলে বিটিআৰত নির্বাচন খেলাটো বিচাৰিছোঁ, যাতে বিটিআৰৰ মানুহেও অনুভৱ কৰে যে আমিও নলবাৰী বা গুৱাহাটীৰ দৰেই, ইয়াত আমি বেলেগ নহয়। যেতিয়া সকলো ৰাজনৈতিক দলে নির্বাচন খেলিব, তেতিয়া সেই পৰিৱেশৰ সৃষ্টি হ’ব। সেইবাবে কংগ্রেছেও নির্বাচন খেলক অথবা আন চিপিআই, চিপিআই (এম) আদি দলেও নির্বাচন খেলক। মই সকলোকে আদৰণি জনাইছোঁ। আনহাতে বিটিআৰত বৰ্তমান অব্যাহত থকা ভিচিডিচি ব্যৱস্থাৰ সংশোধনীৰো প্ৰয়োজনীয়তাৰ কথা তেওঁ উল্লেখ কৰে। মুখ্যমন্ত্রী ড° শৰ্মাই এই প্রসংগতে কয়-ভিচিডিচিৰ বৰ্তমানৰ যিটো ব্যৱস্থা সেই ব্যৱস্থা মানুহে ভাল নাপায়। ভিচিডিচিৰ নির্বাচন হ’ব লাগে। নহ’লে ভিচিডিচি ব্যৱস্থা বন্ধ হ’ব লাগে। বিজেপিৰ লক্ষ্য হ’ব ভিচিডিচিৰো যাতে নির্বাচন হয়। কোনো দলৰ চিহ্নত নির্বাচন হ’ব নালাগে। দলীয় প্রতীক নোহোৱাকৈ নির্বাচন হওক যাতে ভাল মানুহ ভিচিডিচিলৈ আহিব পাৰে। দলীয় মানুহে ভিচিডিচি কৰি থাকিলে দুর্নীতি সদায় হৈ থাকিব। ইফালে ৰাজ্যৰ আন প্ৰান্তৰ দৰে বিটিআৰতো উচ্ছেদ অভিযান চলিব নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে বিটিআৰত প্ৰথমে ২৬টা জনগোষ্ঠীৰ ৰাইজে মাটিৰ অধিকাৰ পাব। এতিয়া বিটিআৰত উচ্ছেদৰ কথা কোৱাৰ পৰিৱেশ অহা নাই। কাৰণ আমাৰ খিলঞ্জীয়া মানুহৰ হাততো মাটিৰ পট্টা নাই। বসুন্ধৰাৰে খিলঞ্জীয়া মানুহখিনিৰ চিন্তা-ভাবনা নোহোৱা কৰাৰ পাছতহে আমি অসমত উচ্ছেদ কৰিছোঁ। গতিকে উচ্ছেদলৈকে অহাৰ আগতে এটা প্রক্রিয়া থাকে। প্রথম বিটিআৰত ২৬টা জনগোষ্ঠী, দেশী, জলহা, গৰিয়া-মৰিয়া যিমান আমাৰ খিলঞ্জীয়া জাতি আছে তেওঁলোকে মাটিৰ অধিকাৰ পাব। তাৰ পাছত আমি চিন্তা কৰিব পাৰিম যে কাক খেদিব লাগিব। কাক খেদিব নালাগে। কিন্তু নিশ্চিতভাৱে অসমৰ পৰিস্থিতি যিমান গম্ভীৰ, বিটিআৰৰ পৰিস্থিতিও সিমানেই গম্ভীৰ। বিটিআৰত জনগাঁথনি পৰিৱৰ্তন হৈ আছে। প্রত্যেকবাৰে মই দেখি আছোঁ যে এটা বিশেষ সম্প্ৰদায়ৰ ভোট ইয়াত বৃদ্ধি পাইছে। সেইটো যদি হৈ থাকে বড়োসকলে ইমান কষ্ট কৰি আন্দোলনেৰে বিটিএডি গঠন কৰাৰ পাছতো আমাৰ মানুহখিনিৰ হাতত ৰাজনৈতিক অধিকাৰ নাথাকিব। সেয়েহে বিটিআৰৰ পৰিস্থিতি গম্ভীৰ। তাৰ আগতে খিলঞ্জীয়া আৰু স্থানীয় মানুহসকলক মাটিৰ অধিকাৰ দি ল’ব লাগে। সেই কামটো আমি যদি দুবছৰ-তিনি বছৰৰ ভিতৰত কৰিব পাৰোঁ, তেতিয়াহ’লে বাকী কাম ইমান টান নহয়। সমান্তৰালভাৱে বিজেপিয়ে চৰকাৰ গঠন কৰিব নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত তেওঁ পুনৰ কয়- চৰকাৰ গঠনত আমাৰ আটাইতকৈ শক্তিশালী ভূমিকা হ’ব। ২০খন আসন গৈ পাওঁ নে নাপাওঁ সেইটো ক’ব নোৱাৰোঁ। মোৰ বুজাবুজি সকলোৰে লগত আছে। বিপিএফ, ইউপিপিএল, অঞ্জলি দৈমাৰী সকলোৰে লগত মোৰ ভাল সম্পর্ক। কাৰো লগত মোৰ বেয়া সম্পর্ক নহয়। কিন্তু চৰকাৰ কাৰ লগত কৰিম, কেনেকৈ কৰিম সেইটো মই ভবিষ্যদ্বাণী কৰিব নোৱাৰোঁ। পূজাৰ আগত ফলাফল দিব তেতিয়াহে গম পাম। আমাৰ এটাই লক্ষ্য- ভাল চৰকাৰ এখন হওক। সকলো ৰাইজে মিলাপ্ৰীতিৰে বাস কৰক। মই বিচাৰিছোঁ শান্তি আৰু সমন্বয় থাকক। ৰাইজৰ সমস্যাসমূহ সমাধান হওক। একেটা প্রসংগতে তেওঁ বিটিআৰৰ আঞ্চলিক দলসমূহ একত্ৰিত হোৱাটো বিজেপিয়ে বিচাৰে বুলিও উল্লেখ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বিপিএফ আৰু ইউপিপিএল তথা অঞ্জলি দৈমাৰী সকলো যদি একত্রিত হয়, তাক বিজেপিয়ে আদৰণি জনাব। আমি পূর্বেও এই কথা উল্লেখ কৰিছোঁ। আনহাতে ৰাজ্যৰ ভিন্ন প্ৰান্তত হোৱা উচ্ছেদক লৈ উজনিৰ একাংশ সংগঠনৰ নেতৃবৃন্দই কৰা মন্তব্য সন্দর্ভত সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্রী ড° শৰ্মাই কয়- মোৰ এইবিলাকত কোনো আগ্রহ নাই। মোৰ কাম হ’ল য’তেই বনাঞ্চল, ভিজিআৰ, পিজিআৰ দখল হৈছে। মিঞা মুছলমানসকল উজনিলৈ গৈছে, উত্তৰ অসমলৈ গৈছে, তেওঁলোকে অসমৰ জনগাঁথনি সলনি কৰিব। আমি তেওঁলোকৰ বিৰুদ্ধে আইনমতে ব্যৱস্থা ল’ব লাগে। আইনৰ গণ্ডীত উচ্ছেদ কৰিব লাগিব। কোনে কি ভাষ্য দিয়ে সেইবোৰৰ প্ৰতি মোৰ কোনো কচি নাই। প্রদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ আৰু ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে দুখীয়া লোকক উচ্ছেদ কৰা বুলি মন্তব্য কৰা প্ৰসংগতো মুখ্যমন্ত্ৰীগৰাকীয়ে প্রতিক্রিয়া প্রকাশ কৰে। এই প্রসংগত ড° শৰ্মাই কয়- গৌৰৱ গগৈ বা অখিল গগৈৰ দৃষ্টিভংগী বেলেগ। আমাৰ স্পষ্ট কথা যে আমাৰ মাটি কোনো কাৰণতে সন্দেহযুক্ত বিদেশীৰ দখলত থাকিব নোৱাৰে। এটা এটাকৈ আমি সমষ্টি হেৰুৱাইছোঁ, জাতি হেৰুৱাইছোঁ, মাটি হেৰুৱাইছোঁ। ভেটি হেৰুৱাইছোঁ। সেই সম্পৰ্কত গৌৰৱ গগৈ-অখিল গগৈৰ কি উত্তৰ আছে? উৰিয়ামঘাটত অবৈধভাৱে থকা ১০ হাজাৰ মানুহে যদি ভোট দিলেহেঁতেন তেতিয়াহ’লে খিলঞ্জীয়া ৰাইজে বিচৰা ৰায়দানটো বাস্তৱত প্রতিফলিত হ’লহেঁতেন নে এই সন্দেহযুক্ত লোকসকলে দিয়া ভোটটোৰ জৰিয়তে ৰাইজে নিজৰ অধিকাৰ হেৰুৱাই পেলালেহেঁতেন। দুখীয়া মানুহৰ লগত দুশ-তিনিশ বিঘা মাটি থাকে নেকি? দুখীয়া মানুহৰ লগত ৯-১০টা পুখুৰী থাকে নেকি? দুখীয়া মানুহৰ লগত দুশ-তিনিশ বিঘাৰ তামোল-পাণৰ বাৰী থাকে নেকি? দুখীয়া মানুহৰ ঘৰত তিনিমহলীয়া বিল্ডিং থাকে নেকি বুলিও তেওঁ প্রশ্ন উত্থাপন কৰে। সমান্তৰালভাৱে অখিল গগৈয়ে ৰাষ্ট্ৰপতি শাসন বিচৰা সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ পুনৰ কয় যে অখিল গগৈয়েও বহুত বস্তু বিচাৰি থাকে। কোনে ৰাষ্ট্ৰপতি শাসন দিব? তেওঁৰ কথা শুনে কোনে? তেওঁ যিকোনো কথা দাবী কৰিব পাৰে। দাবী কৰাত মই বাধা দিব নোৱাৰোঁ। যিমান পাৰোঁ তেওঁ যিটো কয় মই তাৰ ওলোটাটোহে কৰোঁ।