প্রবীণ সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীৰ দেহাৱসান
ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ সংবাদ জগতৰ পিতামহস্বৰূপ, আটাইতকৈ বয়োজ্যেষ্ঠ সম্পাদক, চিন্তাবিদ, সমাজকর্মী ধীৰেন্দ্ৰ নাথ চক্রবর্তী আৰু নাই। অসমৰ সংবাদ ক্ষেত্ৰ উকা কৰি অনন্তধামলৈ গতি কৰিলে প্রবীণ সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্রৱতীয়ে। দেওবাৰে পুৱা প্রায় ৭.৩৫ বজাত মহানগৰীৰ দিছপুৰস্থিত জি এন আৰ চি হাস্পতালত চিকিৎসাধীন অৱস্থাত তেওঁৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল প্ৰায় ৯৭ বছৰ।যোৱা ১৯ ফেব্ৰুৱাৰীৰ পৰা চিকিৎসাধীন হৈ আছিল যশস্বী সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তী । সাংবাদিকতাৰ ক্ষেত্ৰখনত সততা আৰু স্পষ্টবাদিতাৰে চিৰদিনে সক্ৰিয় হৈ থকা বিশিষ্ট সাংবাদিকগৰাকীৰ জন্ম হৈছিল যোৰহাটৰ ঐতিহ্যমণ্ডিত বালিগাঁৱৰ দিচৈকাষত ১৯২৮ চনৰ ৮ অক্টোবৰত। যোৰহাটৰ বালিগাঁৱৰ দুৰ্গানাথ শৰ্মা আৰু সুনন্দা দেৱীৰ চাৰিটা সন্তানৰ ভিতৰত দ্বিতীয় সন্তান ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীয়ে যোৰহাটৰ বালিগাঁও প্রাথমিক বিদ্যালয়ত শিক্ষাজীৱন আৰম্ভ কৰে। ইয়াৰ পিছত জগন্নাথ বৰুৱা আৰ্য বিদ্যালয়ৰ পৰা ১৯৪৩ চনত মজলীয়া পৰীক্ষাত উত্তীৰ্ণ হৈ ঘৰৰ পৰা ৫ কিলোমিটাৰ নিলগৰ যোৰহাট চৰকাৰী উচ্চ ইংৰাজী বিদ্যালয়ত নামভৰ্তি কৰিছিল। তাৰ পৰাই ১৯৪৭ চনত মেট্রিক পৰীক্ষাত উত্তীৰ্ণ হৈ যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা ১৯৪৯ চনত আইএ পৰীক্ষাত উত্তীর্ণ হৈ ১৯৫২ চনত স্নাতক ডিগ্রী লাভ কৰিছিল। তাৰ পাছতে ১৯৫৫ চনত অর্থনীতি বিষয়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্রী তেওঁ লাভ কৰে। শিক্ষাজীৱন সামৰণি মৰাৰ পাছতে একেটা বর্ষতে ‘দ্য আছাম ট্রিবিউন’ত ছাব এডিটৰ ৰূপে কর্মময় জীৱন তেওঁ আৰম্ভ কৰে। বিশ্ববিদ্যালয়ত অধ্যয়নৰত অৱস্থাত এগৰাকী তার্কিক আৰু সুবক্তা হিচাপে প্রসিদ্ধি লাভ কৰা সাংবাদিকগৰাকীৰ অসমীয়াৰ উপৰি ইংৰাজী ভাষাতো যথেষ্ট ব্যুৎপত্তি আছিল। ‘দ্য আছাম ট্রিবিউন’ত দুবছৰ কাল চাকৰি কৰাৰ পাছত ১৯৫৭ চনত ৰাজ্য চৰকাৰৰ জিলা তথ্য আৰু জনসংযোগ বিষয়া ৰূপে তেওঁ চৰকাৰী চাকৰিত নিয়োজিত হয়। সততা আৰু নিষ্ঠাসহকাৰে চৰকাৰী দায়িত্ব পালন কৰি তথ্য আৰু জনসংযোগ বিভাগৰ সঞ্চালক ৰূপে ১৯৮৯ চনত তেওঁ অৱসৰ গ্ৰহণ কৰে। অধ্যয়নৰত অৱস্থাত ব্ৰিটিছৰ বিৰুদ্ধে গঢ়ি উঠা আন্দোলনত সক্রিয়ভারে জড়িত হৈ পৰা সাংবাদিক চক্রবর্তীয়ে আইএনএ দিৱস, ৰছিদ আলী দিৱস, গ্রুপিংবিৰোধী আন্দোলনৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয় প্রতিষ্ঠাৰ হকে আর্থিক বৰঙণি সংগ্ৰহ কৰা কার্যসূচীতো অংশগ্রহণ কৰিছিল। ১৯৬৭ চনত তেওঁৰ উদ্যোগতে কেন্দ্ৰীয় চৰকাৰে তদানীন্তন অবিভক্ত অসমক ফেডাৰেল ভিত্তিত পুনঃগঠন কৰিবলৈ লোৱা প্ৰস্তাৱৰ বিৰুদ্ধে জনমত গঠন কৰিবলৈ ফেডাৰেল অসমবিৰোধী কৰ্ম পৰিষদ গঠন কৰি জনসাধাৰণক মতামত প্ৰদানৰ সুযোগ প্রদান কৰিছিল।

অসমৰ অবৈধ নাগৰিকৰ সমস্যা, পাকিস্তানৰ ভাৰতবিদ্বেষ, উগ্রপন্থী সংগঠনৰ হিংসাত্মক কার্যকলাপ আদিৰ বিৰুদ্ধে আপোচহীন স্থিতি গ্রহণ কৰা সাংবাদিক চক্রৱতীয়ে চাকৰিৰ পৰা অৱসৰৰ পাছতে ১৯৯১-৯২ চনত ‘দৈনিক জনমভূমি’ কাকতৰ সম্পাদকৰ দায়িত্ব লোৱাৰ লগতে ১৯৯২-৯৮ চনত ‘আজিৰ বাতৰি’ৰ সম্পাদক ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ পাছত ‘নর্থ-ইষ্ট অৱজাৰভাৰ’, ‘নতুন অসম’, ‘নতুন দৈনিক’, ‘দৈনিক অসম’, ‘প্রাগজ্যোতিষ’, ‘বিনোদন’, ‘শংকৰজ্যোতি’, ‘আমি অসমৰ জনগণ’, ‘পয়োভৰা’ আদিকে ধৰি বিভিন্ন কাকত-আলোচনীৰ সম্পাদনাৰ দায়িত্বও গ্ৰহণ কৰিছিল। ‘ৰাইজৰ বাতৰি’ৰ মুখ্য উপদেষ্টা ৰূপে কার্যনির্বাহ কৰা সাংবাদিক চক্ৰৱৰ্তীয়ে ৬,৬০০টা সম্পাদকীয় লিখনিৰে একপ্ৰকাৰ অভিলেখ স্থাপন কৰিছিল। ইয়াৰ বাহিৰেও সামাজিকভাৱে সক্রিয় সাংবাদিকগৰাকী ১৯৪৭-৫১ চনলৈ যোৰহাট জিলা ছাত্ৰ কংগ্ৰেছৰ সভাপতিৰ দায়িত্বত থকা সময়ত এহাজাৰটা বক্তৃতা প্রদান কৰাৰ লগতে তথ্য-জনসংযোগ বিভাগৰ সঞ্চালকৰূপে কাৰ্যনিৰ্বাহ কৰাৰ সময়তো দুই সহস্রাধিক বক্তৃতা প্রদান কৰিছিল। সামাজিকভাৱে অতি সক্রিয় বিশিষ্ট সাংবাদিকগৰাকীৰ এই বৰঙণিৰ বাবেই বিগত ২০০২ চনত অসম চৰকাৰে সাহিত্যিক পেন্সনেৰে তেওঁক সন্মানিত কৰাৰ লগতে অসম চৰকাৰৰ তৰফৰ পৰা ২০১৯ চনত গণৰাজ্য দিৱসত সাংবাদিকতা বঁটাৰে সন্মানিত কৰা হৈছিল। তদুপৰি ২০২৩ চনত লোকপ্রিয় গোপীনাথ বৰদলৈ ৰাষ্ট্ৰীয় সংহতি বঁটা, বৃহত্তৰ পাঞ্জাবাৰী সাহিত্য সভাৰ সন্মান, অসম জ্যেষ্ঠ নাগৰিক সম্মিলনৰ জ্যেষ্ঠ ৰত্ন, অসম সাহিত্য সভাৰ শতবর্ষীয় বিশেষ সন্মান, অসম সাহিত্য সভাৰ ৰহা অধিৱেশনৰ অৰুনোদই সম্মান, ভীমবৰ দেউৰী বঁটা, সাংস্কৃতিক মহাসভা অসমৰ সংবাদ শিৰোমণি, সাহিত্যৰথী সাহিত্য সভাৰ তথ্য প্রজ্ঞা উপাধি, উত্তৰণ সাহিত্য সাংস্কৃতিক গোষ্ঠীৰ বিশেষ বঁটা, চেনেল নৰ্থ-ইষ্টৰ তৰফৰ পৰা নর্থ-ইষ্ট আইকন এৱাৰ্ডকে ধৰি বিভিন্ন সন্মানেৰে তেওঁক সন্মানিত কৰা হৈছিল। ইয়াৰ বাহিৰেও অসমীয়াৰ লগতে দেশৰ বিভিন্ন ইংৰাজী বাতৰিকাকতত তেওঁ ডেৰ শতাধিক প্রবন্ধ লিখি অসমৰ সমস্যাক ৰাষ্ট্ৰীয় প্রেক্ষাপটত দাঙি ধৰিবলৈ চেষ্টা কৰিছিল। বঁটা-সম্মানৰ লগতে অসম সাংবাদিক আৰু সাহিত্যিক পেন্সনাৰ্ছ এছ’চিয়েচনৰ সভাপতি, জার্নেলিষ্ট এছ’চিয়েচনৰ সভাপতি, গুৱাহাটী জ্যেষ্ঠ নাগৰিক সন্থাৰ সভাপতিৰ লগতে অসম জ্যেষ্ঠ নাগৰিক সন্থা, মণিৰাম দেৱান ন্যাস, গোপীনাথ বৰদলৈ স্মাৰক সমিতি, যোৰহাটৰ মিলনচ’ৰা আদিকে ধৰি বিভিন্ন সংগঠনৰ সৈতেও তেওঁ ওতপ্রোতভাবে জড়িত হৈ আছিল। ১৯৫৬ চনত তিনিচুকীয়াৰ কৰুণা দেৱীৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা সাংবাদিকগৰাকীৰ পত্নীৰ ছমাহ পূর্বে বিয়োগ হৈছিল। মৃত্যুৰ পাছত তেওঁৰ মৃতদেহ হাস্পতালৰ পৰা পোনে পোনে পাঞ্জাবাৰীৰ বাসভৱনলৈ অনা হয়। তাতে পৰিয়ালবৰ্গই ধর্মীয় ৰীতি-নীতি সম্পন্ন কৰাৰ পাছতে নশ্বৰদেহ পাঞ্জাবাৰীৰ জ্যেষ্ঠ নাগৰিক সন্থাৰ কাৰ্যালয়লৈ নিয়া হয়। তাতেই গুণমুগ্ধই শ্রদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পাছত নশ্বৰদেহ ৰুক্মিণী গাঁৱৰ সন্থাৰ কাৰ্যালয়লৈ নিয়া হয়। তাৰ পৰা অসম সাহিত্য সভাৰ দীঘলীপুখুৰীত থকা কার্যালয়লৈ নি শ্রদ্ধা জ্ঞাপন কৰা হয়। অসম সাহিত্য সভাৰ কাৰ্যালয়ত অজস্র গুণমুগ্ধই শ্রদ্ধা জ্ঞাপন কৰাৰ পাছত নশ্বৰদেহ নৱগ্ৰহ শ্মশানলৈ নিয়া হয়। তাতেই ৰাজ্যিক মর্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হয়। প্রয়াত সাংবাদিকগৰাকীৰ পুত্রদ্বয় ক্রমে সত্যজিত চক্ৰৱৰ্তী আৰু সমৰজিৎ চক্ৰৱৰ্তীয়ে মৃতদেহত মুখাগ্নি কৰে। প্ৰয়াত সাংবাদিকগৰাকীৰ মৃত্যুৰ সময়ত দুই পুত্ৰ-বোৱাৰী, একমাত্র কন্যা-জোঁৱাইসহ অনেক আত্মীয়-স্বজনক এৰি থৈ গৈছে।

প্রয়াত সাংবাদিকগৰাকীৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰি অসম সাহিত্য সভাৰ দিনজুৰি যোৰহাট কেন্দ্ৰীয় কাৰ্যালয়কে ধৰি ৰাজ্যৰ আটাইকেইটা আঞ্চলিক কার্যালয়ৰ পতাকা অর্ধনমিত কৰি শ্ৰদ্ধা জ্ঞাপন কৰাৰ লগতে অসম জ্যেষ্ঠ নাগৰিক সম্মিলনে ৰাজ্যৰ সকলো কাৰ্যালয়ত পতাকা অর্ধনমিত কৰি চাৰিদিনীয়াকৈ শোক পালন কৰাৰ সিদ্ধান্ত গ্রহণ কৰে। ৰাজ্য চৰকাৰৰ তৰফৰ পৰা নৱগ্রহ শ্মশানত ৰাজ্যিক মর্যাদাৰে জ্যেষ্ঠ সাংবাদিকগৰাকীৰ শেষকৃত্য সম্পন্ন কৰা হয়। দেওবাৰে বিয়লি প্রায় ৩ মান বজাত সম্পন্ন হোৱা শেষকৃত্য অনুষ্ঠানত উপস্থিত থাকে ৰাজ্য চৰকাৰৰ মন্ত্ৰী বিমল বড়া, ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ লগতে অসমৰ সংবাদক্ষেত্ৰখনৰ সৈতে জড়িত বহু বিশিষ্ট ব্যক্তি। আনহাতে প্রবীণ সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। এক শোকবার্তাযোগে মুখ্যমন্ত্রীয়ে কয় যে প্রবীণ সাংবাদিকগৰাকীৰ তীক্ষ্ণ কলম আৰু শক্তিশালী কণ্ঠস্বৰে দশক দশক ধৰি জাতিক বিপদৰ সময়ত বাট দেখুৱাই আহিছিল। যুক্তিবাদী লেখক, সাংবাদিক হিচাপে ধীৰেন্দ্ৰ নাথ চক্রৱতীয়ে জাতীয় জীৱনলৈ আগবঢ়াই যোৱা অৱদানখিনিক কৃতজ্ঞ অসমীয়া জাতিয়ে চিৰদিন মনত ৰাখিব। প্রবীণ সাংবাদিকগৰাকীৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি পৰিয়ালবৰ্গক গভীৰ সমবেদনা জ্ঞাপন কৰিছে মুখ্যমন্ত্রী ড° শর্মাই।
