প্রধান বিৰোধী দলক প্রত্যাহ্বান মুখ্যমন্ত্রীৰ

প্রধান বিৰোধী দলক প্রত্যাহ্বান মুখ্যমন্ত্রীৰ

ৰঙিলী বাৰ্ত্তাসেৱা- গো-মাংসৰ বিৰুদ্ধে ৰাজ্যজুৰি অভিযান অব্যাহত থকাৰ সময়তে ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্রেছক আন এক প্রত্যাহ্বান জনাইছে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। বিশেষকৈ গৰখুঁটি কৃষি প্ৰকল্পৰ গীৰ গাইক লৈ ৰাজনীতি কৰি অহা কংগ্রেছক প্রত্যাহ্বান জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে কুৰ্বানিৰ ওপৰত মাত মতাৰ সাহস কংগ্ৰেছৰ নাই। এই প্ৰসংগতে তেওঁ কয়- ‘বিৰোধী দলে য’ত মাত মাতিব লাগে, তাত নামাতে। অসমত হাজাৰ হাজাৰ গৰু কুৰ্বানি হৈ আছে। জীয়াই থকা গৰুক লৈ মাত মাতিব লাগে নে যিয়ে গৰু মাৰি আছে, সেইটোক লৈ মাত মাতিব লাগে? কংগ্ৰেছ দলক মই প্রত্যাহ্বান জনাব পাৰোঁ যে কুৰ্বানিৰ ওপৰত মাত মতাৰ তেওঁলোকৰ সাহস নাই। আমি যেনেকৈ বিজেপিয়ে ক’ব পাৰোঁ যে ইছলামে গৰুৰ কুৰ্বানিক মান্যতা কৰা নাই। যিকোনো জন্তুৰ কুৰ্বানি হ’ব পাৰে। বিজেপিৰ সাহস আছে যে ৰাইজক অনুৰোধ কৰিব ৰাইজ অহাবাৰ গৰুৰ কুৰ্বানি নকৰিব। ছাগলীৰ কুৰ্বানি কৰক। কংগ্ৰেছে এই অনুৰোধ কৰিব পাৰিব নেকি? এইটো কথা ক’বৰ বাবে কংগ্রেছে সাত জনম ল’ব লাগিব। কংগ্রেছে ক’ব নোৱাৰে।’ গৰুৰ শুভচিন্তক কোন বুলি প্রশ্ন উত্থাপন কৰি মুখ্যমন্ত্রী ড° শর্মাই এইবুলিও কয় যে দোকান-পোহাৰ, নামঘৰ, মন্দিৰৰ সন্মুখত গৰু বিক্ৰী হৈ থকাক লৈ আজিলৈকে কেতিয়াবা কংগ্ৰেছে প্রতিবাদ কৰা দেখিছে নেকি? ধুবুৰীত ইমান ডাঙৰ ঘটনা হ’ল। আজিও হাজোত এটা নামঘৰৰ সন্মুখত গৰুৰ মাংস পোৱা গৈছে। কংগ্ৰেছে এটাও গৰিহণা দিব নেকি? কংগ্ৰেছে জীয়াই থকা গৰুৰ কথা ক’ব নালাগে। মৰা গৰুৰ কথাহে ক’ব লাগে। কংগ্ৰেছ দলটোৱেই ওলোটা। য’ত বাজিব লাগে তাত নাবাজে। অথচ য’ত বাজিব নালাগে, তাত বাজিব। ইপিনে গৰুখুঁটি প্রকল্পক লৈ কংগ্ৰেছ সৰৱ হোৱা প্ৰসংগত তেওঁ পুনৰ কয়- ‘কংগ্ৰেছৰ লক্ষ্য হ’ল গৰখুঁটি প্রকল্পটো যাতে বন্ধ হয় আৰু যিখিনি মানুহক আমি উচ্ছেদ কৰিছোঁ তেওঁলোকে যাতে গৰুখুঁটি প্রকল্পটো বন্ধ হোৱা বুলি কৈ পুনৰ দখল কৰিব পাৰে। কালি গৰুখুঁটিৰ ৰাইজে কৈছে- আমি তেজ দিম, কিন্তু ইয়াত কাকো সোমাব নিদিওঁ। গতিকে কংগ্ৰেছক ৰাইজে ইমান ডাঙৰ উত্তৰ দিয়াৰ পিছত মই আৰু উত্তৰ দিয়াৰ কোনো প্রয়োজন নাই। নাৰেংগী-কুৰুৱাৰ দলং হৈ যোৱাৰ পিছত গৰুখুঁটিৰ মাটিৰ দাম বৃদ্ধি পাব। এই মাটিৰ অধিকাৰ কাৰ লগত আছে? থলুৱা ৰাইজৰ লগতে আছে। যদিহে গৰুখুঁটিত সময়মতে উচ্ছেদ নহ’লহেঁতেন, তেনেহ’লে দলং হোৱাৰ পাছত সমগ্ৰ মাটিৰ মূল্য বৃদ্ধি পোৱাৰ পাছত আমাৰ খিলঞ্জীয়া লোকসকলে নাপালেহেঁতেন। গৰখুঁটিৰ ভিতৰত কেৱল কৃষিয়েই নহয়, দুদিন পিছত চৰকাৰী প্রকল্পও স্থাপন কৰিব পৰা যাব। উদ্যোগ-হাস্পতাল কৰিব পৰা যাব। কাৰণ গুৱাহাটীও ওচৰ হ’ব, মঙলদৈও ওচৰ হ’ব। সেইকাৰণে মই ভাবোঁ, কংগ্রেছ দলে বুজি পাইছে যে তেওঁলোকৰ পৰিকল্পনা সকলো শেষ। গৰুখুঁটি প্রকল্প এতিয়া প্রায় লাভৰ মুখলৈকে আহি আছে। মই লাভ বিচৰা নাই। মাত্র মাটিখিনিৰ ৰক্ষণাবেক্ষণহে বিচাৰিছোঁ। লাভ আহিব মাটিৰ দামৰ জৰিয়তে। সেইকাৰণে এইটো মোৰ লক্ষ্য নহয় যে গৰুখুঁটিৰ শাক-পাচলিৰে লাভ অর্জন হ’ব লাগে। লাভ অর্জন কৰিবৰ বাবে খাৰুপেটীয়াৰ দৰে ভেজাল সাৰ প্ৰয়োগ কৰিব লাগিব। তেতিয়াহে শাক-পাচলিৰ পৰা লাভ হ’ব। কিন্তু লাভ মাটিৰ মূল্যৰ জৰিয়তেহে হ’ব। ইয়াত মথাউৰি-ৰাস্তা হ’ব। মাটিৰ মূল্য বাঢ়িব। কংগ্ৰেছৰ প্ৰতি মোৰ দুখ লাগে। যিটো দলে কুৰ্বানিৰ বিৰুদ্ধে মাত মাতিব নোৱাৰে, নামঘৰত গো-মাংস থ’লে মাত মাতিব নোৱাৰে সেই দলটোৱে আকৌ গৰুৰ ৰাজনীতি কৰি আছে। তেওঁলোকে অদৰকাৰী কথাত সময় নষ্ট কৰিব নালাগে। ভাল কামত সময় খৰচ কৰক।’ ইফালে কালি গোৱালপাৰাত আচাৰ্য পংকজ পাঠকক প্ৰহাৰ কৰা ঘটনাক লৈও মুখ্যমন্ত্ৰীগৰাকীয়ে প্রতিক্রিয়া প্রকাশ কৰিছে। পাঠকক প্ৰহাৰ কৰা ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ব্যৱস্থা ল’ব বুলি উল্লেখ কৰি তেওঁ কয়- ‘ঘটনাটো মই দেখিছোঁ। মাৰপিট কৰাটো বেয়া। গতিকে আৰক্ষীয়ে যি ব্যৱস্থা ল’ব লাগে ল’ব।’