প্রধানমন্ত্রী মোদীক ইজৰাইলী সংসদৰ সৰ্বোচ্চ সন্মান প্রদান 

প্রধানমন্ত্রী মোদীক ইজৰাইলী সংসদৰ সৰ্বোচ্চ সন্মান প্রদান 

ৰঙিলী বাৰ্ত্তাসেৱা- দুদিনীয়া ভ্রমণসূচীৰে বুধবাৰে ইজৰাইলত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ইজৰাইলত উপস্থিত হোৱা প্রধানমন্ত্রী নৰেন্দ্র মোদীক ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেটান্যাহু আৰু তেওঁৰ পত্নী ছাৰা নেটান্যাহু  বিমানবন্দৰত উপস্থিত হৈ বিপুলভাৱে আদৰণি জনায়। প্রধানমন্ত্রী মোদীক টেল আভিভত বিমানৰ পৰা নমাৰ লগে লগে নেটান্যাহুৰে তেওঁক আদৰণি জনাই আলিংগন কৰে। সেই সময়ত বিমান বন্দৰত ৰাষ্ট্ৰীয় সংগীতৰ সুৰ বাজি আছিল। নেটান্যাহুৰে বিমান বন্দৰতে মোদীৰ সৈতে ব্যক্তিগতভাৱে আলোচনা কৰে। বিমান বন্দৰৰ পৰা হোটেলত উপস্থিত হোৱাৰ সময়ত প্ৰধানমন্ত্ৰী মোদীক দেশখনত থকা প্রবাসী ভাৰতীয়সকলে আদৰণি জনায়। সেই সময়ত শিল্পীসকলে অনুষ্ঠান পৰিৱেশন কৰে।

উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী মোদী ৯ বছৰৰ পাছত ইজৰাইলত উপস্থিত হৈছে। ইফালে প্রধানমন্ত্রী মোদীয়ে ইজৰাইলৰ সংসদতো ভাষণ প্ৰদান কৰে।  প্রধানমন্ত্রী মোদী সংসদত উপস্থিত হোৱাৰ সময়ত সাংসদসকলে ঠিয় হৈ তেওঁক অভিবাদন জনায়। ইজৰাইলৰ সংসদ নেছেটত ভাষণ দিয়া মোদী প্রথমজন প্রধানমন্ত্রী। প্রধানমন্ত্রী মোদীৰ আগতে ইজৰাইলৰ প্রধানমন্ত্রী নেটান্যাহুৰে দিয়া ভাষণত কয় যে প্রধানমন্ত্রী মোদী ইজৰাইলৰ মহান বন্ধু। তেওঁ কয়, ‘মোদী মোৰ ভাতৃৰ দৰে, তেওঁৰ বাবে মোৰ অন্তৰত বিশেষ স্থান আছে।’ তেওঁ মোদীক বিশ্বৰ এজন সন্মানীয় নেতা বুলি কয়। নেটান্যাহুৱে ভাৰতক প্রশংসা কৰি কয় যে ভাৰত এনেকুৱা এক সভ্যতা, য’ত কেতিয়াও ইহুদিসকলক অত্যাচাৰ কৰা হোৱা নাই। তেওঁ কয় যে ইতিহাসত বিভিন্ন দেশে ইহুদিসকলক অত্যাচাৰ কৰিছিল, কিন্তু ভাৰতে সদায় তেওঁলোকক নিজৰ বুলি গ্ৰহণ কৰি সন্মান কৰিছিল। তেওঁ কয়, ‘ভাৰত এনেকুৱা এক সভ্যতা, য’ত ইহুদিসকলক আদৰণি জনোৱা হৈছিল। আমি এই কথা কেতিয়াও নাপাহৰোঁ।

ইফালে প্রধানমন্ত্রী মোদীয়ে ইজৰাইলৰ সংসদত দিয়া ভাষণত দেশখনত হামাছে কৰা আক্ৰমণক গৰিহণা দিয়ে। প্রধানমন্ত্রীয়ে কয়, ‘আমি আপোনালোকৰ বেদনা বুজি পাওঁ, ভাৰত দীর্ঘদিন সন্ত্রাসবাদৰ দ্বাৰা পীড়িত।’ প্ৰধানমন্ত্ৰী মোদীয়ে ভাষণৰ আৰম্ভণিতে কয়, ‘ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে মই ১৪০ কোটি ভাৰতীয়ৰ মৈত্ৰীৰ বাৰ্তা লৈ মই আহিছোঁ।’ হামাছৰ আক্ৰমণক সমালোচনা কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘নিৰীহ নাগৰিকক হত্যা কৰাটো যিকোনো মূল্যৰ বিনিময়ত সহ্য কৰিব নোৱাৰি। কোনো মূল্যৰ বিনিময়ত নিৰীহক কৰা হত্যাক ন্যায্য বুলি ক’ব নোৱাৰি।’ তেওঁ ভাষণত কয়, ‘শান্তিৰ পথ কেতিয়াও সহজ নহয়, কিন্তু শান্তি প্রতিষ্ঠাৰ এই প্রক্রিয়াত ভাৰত সদায় লগত আছে। গাজা শান্তি প্রক্রিয়াত ভাৰত আপোনালোকৰ লগত আছে।’

তেওঁ কয় যে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে গাজাত শান্তিৰ পদক্ষেপেৰে আগবাঢ়ি যোৱাৰ এক পথ দেখুৱাইছে। ভাৰতে ইয়াক শক্তিশালীভাবে সমর্থন জনাইছে। এই পদক্ষেপে অঞ্চলটোৰ সকলো লোকৰ বাবে ন্যায় আৰু দীর্ঘ দিন টিকি থকা শান্তি আনিব বুলি তেওঁ আশা প্রকাশ কৰে। ইয়াক পেলেষ্টাইনীসকলৰ বিষয়ো চামিল হৈ আছে। তেওঁ কয়, ‘আমাৰ প্ৰতিটো খোজ বুদ্ধিমান, সাহস আৰু মানবীয় আধাৰত হোৱা উচিত।’ প্রধানমন্ত্রীয়ে সন্ত্রাসবাদক সমালোচনা কৰি কয়, ‘আমাৰ মুম্বাইত ২৬ নৱেম্বৰত কৰা আক্ৰমণৰ কথা মনত আছে, য’ত ইজৰাইলী নাগৰিকো নিহত হৈছিল। আপোনালোকৰ দৰে ভাৰতৰো সন্ত্রাসবাদৰ বিৰুদ্ধে কঠোৰ নীতি আছে আৰু ইয়াত কোনো দুমুখীয়া নীতি থাকিব নোৱাৰে। সন্ত্রাসবাদে সমাজত। অস্থিৰতাৰ সৃষ্টি কৰে, বিকাশত বাধা দিয়ে আৰু জনসাধাৰণৰ মাজত আস্থা হ্রাস কৰে।’

Pc Sathyam Online
Pc Sathyam Online

আনহাতে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক ইজৰাইলী সংসদৰ সর্বোচ্চ সন্মান ‘স্পীকাৰ অব্ দ্য নেছেট’ পদকেৰে সন্মানিত কৰা হয়। নেচেটৰ সৰ্বোচ্চ সন্মান এই পদক লাভ কৰা প্ৰথমজন ব্যক্তি হিচাপে পৰিগণিত হয় প্রধানমন্ত্রী মোদী । ভাৰত আৰু ইজৰাইলৰ মাজৰ কৌশলগত সহযোগিতা শক্তিশালী কৰাত তেওঁ আগবঢ়োৱা অসাধাৰণ অৱদানৰ বাবে তেওঁক এই সন্মান প্রদান কৰা হয় ।

উল্লেখযোগ্য যে প্রধানমন্ত্রী  মোদীয়ে ইজৰাইলী সংসদত দিয়া ভাষণত কয়, ‘ভাৰত অচিৰেই বিশ্বৰ তৃতীয় অর্থনীতিত পৰিণত হ’ব। আমি বিশ্বত অর্থনৈতিক কৰিডৰ নিৰ্মাণ কৰি আছোঁ। ভাৰতত বিশ্বৰ ভিতৰত সৰ্ববৃহৎ এ আই (কৃত্রিম বুদ্ধিমত্তা) শীর্ষ সন্মিলন অনুষ্ঠিত হয়। আমাৰ বাবে সমগ্র বিশ্ব এটা পৰিয়াল।’ তেওঁ কয় যে ভাৰত আৰু ইজৰাইলৰ সম্পর্ক ২০০০ বছৰ পুৰণি। প্রথম বিশ্ব যুদ্ধত ৪ হাজাৰ সৈনিক শ্বহীদ হয়। হাইফাত ভাৰতীয় জোৱান শহীদ হয়। ইহুদি-নৰসংহাৰ ইতিহাসৰ এক ক’লা অধ্যায়। তেওঁ লগতে কয় যে তেওঁৰ জন্ম ১৯৫০ চনৰ ১৭ ছেপ্টেম্বৰত হৈছিল আৰু সেই দিনাই ভাৰতে আনুষ্ঠানিকভারে ইজৰাইলক স্বীকৃতি দিছিল। ইফালে, নেটান্যাহুৰে মোদীক এছিয়াৰ সিংহ বুলি অভিহিত কৰে।