প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত দিল্লীত বিজেপিৰ সংসদীয় ব’ৰ্ডৰ বৈঠক
ৰঙিলী বাৰ্ত্তাসেৱা- বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থী তালিকা চূড়ান্ত কৰাৰ লক্ষ্যৰে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত হয় বিজেপিৰ কেন্দ্রীয় সংসদীয় ব’ৰ্ডৰ বৈঠক। কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ, ৰাজনাথ সিং, ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন, মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা, কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল, ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াকে ধৰি ৰাষ্ট্ৰীয় কেইবাজনো শীর্ষ নেতাৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত অসমৰ বিজেপিৰ প্রার্থী তালিকা চূড়ান্ত কৰা হ’ল।

উল্লেখ্য যে এইবাৰ নির্বাচনত বিজেপিয়ে ৮৯খন আসনত প্রতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে মিত্রদল অগপই ২৬খন আসনত আৰু বিপিএফে ১১খন আসনত প্রতিদ্বন্দ্বিতা কৰিব। সংসদীয় ব’ৰ্ডৰ বৈঠকত মুখ্যতঃ বিজেপিয়ে প্রতিদ্বন্দ্বিতা কৰিবলগা ৮৯খন আসনৰ প্রার্থী তালিকা চূড়ান্ত কৰা হয়। বিজেপিৰ শীৰ্ষ সূত্ৰই প্ৰকাশ কৰা মতে, যিকোনো সময়তে দলৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰা হ’ব। একেখন বৈঠকতে নির্বাচন অনুষ্ঠিতব্য পশ্চিমবংগ-কেৰালা-তামিলনাডু-পুডুচেৰীৰ দলীয় প্রার্থিত্বও চূড়ান্ত কৰা হৈছে।
