প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীলৈ ওমানৰ সৰ্বোচ্চ সন্মান
ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ওমান ভ্রমণ কালত বৃহস্পতিবাৰে দেশখনৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘অৰ্ডাৰ অৱ ওমান’ প্ৰদান কৰা হয়।ভাৰত আৰু ওমানৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কক শক্তিশালী কৰি তোলাৰ ক্ষেত্ৰত তেওঁৰ অৱদানৰ বাবে ওমানৰ ৰজা চুলতান হাইথাম বিন তাৰিকে প্ৰধানমন্ত্ৰী মোদীক এই সন্মান প্রদান কৰে। জর্ডান আৰু ইথিঅ’পিয়াৰ পিছত ত্রিদেশীয় ভ্রমণসূচীৰ অন্তিম পর্যায়ত প্রধানমন্ত্রী মোদীয়ে দুদিনীয়া ভ্রমণসূচীৰে ওমানত উপস্থিত হোৱাৰ সময়ত তেওঁক প্রদান কৰা হয় এই বিশেষ সন্মান। উল্লেখ্য যে কোনো বিদেশী ৰাষ্ট্ৰৰ পৰা প্রধানমন্ত্রী মোদীয়ে লাভকৰা সর্বোচ্চ সন্মানসমূহৰ ভিতৰত এই শেহতীয়া সংযোজনটো ২৮সংখ্যক সন্মান।

ইতিমধ্যে প্রধানমন্ত্রী মোদীক ইথিঅ’পিয়াৰ বিশেষ সন্মান নিছান অৱ ইথিঅ’পিয়া আৰু কুৱেটৰ অৰ্ডাৰ অৱ মুবাৰক অল-কাবিৰ সন্মান প্রদান কৰা হৈছে। বিশ্বৰ আৰ্থ-ৰাজনৈতিক প্রেক্ষাপটত ভাৰতৰ শেহতীয়া নেতৃত্বকাৰী ভূমিকাৰ বাবে প্ৰধানমন্ত্ৰী মোদীৰ অৱদানক এনেদৰে স্বীকৃতি দিছে বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰই।উল্লেখযোগ্য যে, ওমান ভ্রমণৰত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ এই সময়ছোৱাতে দুয়োখন দেশৰ কূটনৈতিক সম্পর্কই ৭০ বছৰ সম্পূৰ্ণ কৰিছে। ভাৰত আৰু ওমানৰ মাজৰ ঘনিষ্ঠ সম্পর্ক আৰু দুয়ো দেশৰ জনসাধাৰণৰ নামত প্রধানমন্ত্রীয়ে এই সন্মান উৎসর্গা কৰা বুলি প্রকাশ কৰে। ইয়াৰ পূর্বে দুয়োখন দেশে অর্থনৈতিক সম্পৰ্কৰ ক্ষেত্ৰত মাইলৰ খুঁটি স্থাপন কৰা সংহত অর্থনৈতিক অংশীদাৰিত্ব চুক্তিত স্বাক্ষৰ কৰে। এই চুক্তিত কেন্দ্রীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীযূষ গোবেল আৰু ওমানৰ বাণিজ্য আৰু উদ্যোগ মন্ত্রী কুৰেছ আল ইউছুফে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু ওমানৰ চুলতান হেইথম বিন তাৰিকৰ উপস্থিতিত স্বাক্ষৰ কৰে।
