প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীলৈ ড’মিনিকাৰ সৰ্বোচ্চ অসামৰিক সন্মান
ৰঙিলী বাৰ্ত্তাসেৱা- প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীলৈ ড’মিনিকাৰ সর্বোচ্চ অসামৰিক সন্মান আগবঢ়োৱা হৈছে । কেৰিবিয়ান দেশ ড’মিনিকা ভ্ৰমণৰ পূৰ্বেই প্রধানমন্ত্রীলৈ এই সন্মান দুয়ো দেশৰ মাজত সম্পৰ্ক শক্তিশালী কৰাৰ আৰু ক’ভিড-১৯ মহামাৰীৰ সময়ত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱাৰ বাবে হৈছে বুলি ড’মিনিকা চৰকাৰে প্ৰকাশ কৰিছে। ভাৰত-কেৰিকম সন্মিলনৰ সময়ত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক এই সন্মান আনুষ্ঠানিকভাৱে আগবঢ়াব ড’মিনিকা অৱ কমনৱেল্ল্থৰ ৰাষ্ট্ৰপতি চিলভেনী বার্টনে। অহা ১৯ নৱেম্বৰৰ পৰা ২১ নৱেম্বৰলৈকে গায়েনাৰ জৰ্জ টাউনত আয়োজিত ভাৰত-কেৰিকম সন্মিলনত অংশ ল’বৰ বাবে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী উক্ত দেশখনত উপস্থিত হ’ব। ড’মিনিকা চৰকাৰে বিবৃতিত প্ৰকাশ কৰা মতে, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ ড’মিনিকা কমনৱেৰ সৰ্বোচ্চ অসামৰিক সন্মান ড’মিনিকা এৱাৰ্ড অৱ অনাৰ আগবঢ়োৱা হৈছে। তেওঁ ক’ভিড-১৯ মহামাৰীৰ সময়ত ড’মিনিকালৈ আগবঢ়োৱা অৱদান আৰু দুয়ো দেশৰ মাজত সম্পৰ্ক শক্তিশালীকৰণৰ স্বীকৃতি হিচাপে। ড’মিনিকাই আগবঢ়োৱা এই সন্মান গ্রহণ কৰি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ড’মিনিকা আৰু কেৰিবিয়ান দেশসমূহৰ সৈতে জলবায়ু পৰিৱৰ্তন আৰু ভূ-ৰাজনৈতিক সংঘাতৰ আন্তর্জাতিক প্রত্যাহ্বানৰ সৈতে মোকাবিলা কৰিবলৈ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে গুৰুত্ব দিব বুলি প্রকাশ কৰিছে।