প্রধানমন্ত্রীলৈ স্মাৰক-পত্র প্ৰেৰণ জুবিন পত্নী গৰিমা গাৰ্গৰ 

প্রধানমন্ত্রীলৈ স্মাৰক-পত্র প্ৰেৰণ জুবিন পত্নী গৰিমা গাৰ্গৰ 

ৰঙিলী বাৰ্ত্তাসেৱা- অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ স্মাৰক- পত্ৰ প্ৰেৰণ কৰিছে শিল্পী পত্নী গৰিমা শইকীয়া গাৰ্গে। জুবিন গাৰ্গ হত্যা গোচৰৰ দ্রুত বিচাৰ প্ৰক্ৰিয়াৰ বাবে বিশেষ আদালত গঠন-অভিযুক্তক জামিন নিদিয়া-যথাসম্ভৱ কঠোৰতম শাস্তি বিহাটো নিশ্চিত কৰাকে ধৰি একাধিক অনুৰোধ জনাই প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীলৈ স্মাৰক-পত্ৰখন প্ৰেৰণ কৰিছে গৰিমা গাৰ্গে। য’ত জুবিন গাৰ্গৰ খুৰাক মনোজ কুমাৰ বৰঠাকুৰ আৰু ভগ্নী পামী বৰঠাকুৰেও স্বাক্ষৰ কৰিছে।  স্মাৰক-পত্ৰখন সংলগ্ন কৰি সামাজিক মাধ্যমত গৰিমা শইকীয়া গাৰ্গে এই সন্দর্ভত এক পোষ্ট দিয়ে। পোষ্টটোত গৰিমা গাৰ্গে লিখিছে-ভাৰতবৰ্ষৰ গৌৰৱান্বিত ৭৭ সংখ্যক গণৰাজ্য দিৱস পালনৰ প্ৰাকৃক্ষণত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ প্ৰণাম জনোৱাৰ লগতে আমাৰ পৰিয়ালৰ তৰফৰ পৰা অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ন্যায় প্রক্রিয়া সন্দৰ্ভত এক স্মাৰক-পত্ৰ প্ৰেৰণ… প্ৰতিটো দিন-ৰাতি এতিয়া মাথোঁ এটাই আমাৰ লক্ষ্য… জুবিন গার্গে সম্পূর্ণ সত্য, শুদ্ধ আৰু উচিত ন্যায় পাবই লাগিব। দোষীয়ে কঠোৰতম শাস্তি পাবই লাগিব। প্রধানমন্ত্রী মোদীক উদ্দেশ্য কৰি স্মাৰক-পত্ৰখনত উল্লেখ কৰা হয় যে আমি প্রয়াত জুবিন গাৰ্গৰ পৰিয়ালে সাংবিধানিক কর্তৃত্ব, ন্যায়, মর্যাদা, আইনৰ শাসনৰ প্ৰতি ভাৰত চৰকাৰৰ দায়বদ্ধতাৰ ওপৰত বিশ্বাস ৰাখি এই স্মাৰক-পত্ৰখন বিনম্রভাৱে আপোনাৰ সন্মুখত উত্থাপন কৰিছোঁ। জুবিন গাৰ্গ কেৱল আমাৰ পৰিয়ালৰ সদস্যই নাছিল, তেওঁ আছিল অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ সাংস্কৃতিক কণ্ঠস্বৰ। ২০২৫ চনৰ ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত তেওঁৰ আকস্মিক আৰু অকাল মৃত্যুত কেৱল এটা শোকসন্তপ্ত পৰিয়ালকেই নহয়, অসমৰ লাখ লাখ লোক আৰু সমগ্ৰ বিশ্বতে বাস কৰা অসমীয়া মানুহক এৰি থৈ গৈছে। এই ঘটনাৰ লগে লগে ছিংগাপুৰৰ কৰ্তৃপক্ষই নিজাববীয়াকৈ কার্যব্যৱস্থা আৰম্ভ কৰে। ছিংগাপুৰস্থিত ভাৰতৰ উচ্চায়ুক্তই মৰণোত্তৰ পৰীক্ষা আৰু আনুষংগিক প্রক্রিয়াসমূহ সম্পন্ন কৰাত উদ্যোগ লয়। পৰৱৰ্তী সময়ত শোকসন্তপ্ত পৰিয়ালৰ তৰফৰ পৰা অসমৰ চিআইডিত এজাহাৰ দাখিল কৰাৰ পাছত ৰাজ্য চৰকাৰে এটা বিশেষ তদন্তকাৰী দল গঠন কৰাৰ বিষয়েও স্মাৰক-পত্ৰখনত উল্লেখ কৰা হয়। বিশেষ তদন্তকাৰী দলৰ মুৰব্বীৰ নেতৃত্বত এটা দলে ছিংগাপুৰলৈ যোৱাকে ধৰি প্ৰায় তিনি মাহৰ তদন্তৰ অন্তত ২,৫০০ৰো অধিক পৃষ্ঠাৰ অভিযোগনামা দাখিলৰ বিষয়ে উনুকিয়াই স্মাৰক-পত্ৰখনত কোৱা হয় যে সংগ্ৰহ কৰা প্ৰমাণৰ ভিত্তিত হত্যাৰ সৈতে জড়িত ধাৰাসমূহ আৰোপ কৰে। একে সময়তে ছিংগাপুৰৰ ক’ৰনাৰ্ছৰ সন্মুখত ই-মেইলৰ জৰিয়তে আৰু ক’ৰনাৰ্ছত তদন্তৰ প্রথম দিনটোত মৃতকৰ খুৰাকে এটা বিশদ আৰু যুক্তিযুক্ত বিবৃতি দাঙি ধৰে। য’ত জুবিনৰ মৃত্যুৰ সৈতে জড়িত ঘটনাৰ ক্রম, সুৰক্ষা ব্যৱস্থা, মানৱীয় সিদ্ধান্ত আৰু জৰুৰীকালীন সঁহাৰি সন্দৰ্ভত বাস্তৱিক স্পষ্টতা বিচৰা হৈছে। এই প্রশ্নবোৰ হ’ল আইনসন্মত।স্মাৰক-পত্ৰখনত প্রধানমন্ত্রী মোদীৰ প্ৰতি কেইটামান বিশেষ অনুৰোধ জনোৱা হৈছে।ইয়াৰে আটাইতকৈ গুৰুত্বপূৰ্ণ দাবীটো হ’ল জুবিনৰ হত্যাৰ বিচাৰ প্ৰক্ৰিয়া খৰটকীয়া কৰিবৰ বাবে এখন বিশেষ আদালত গঠন কৰা। লগতে অসম চৰকাৰে গঠন কৰি দিয়া চৰকাৰী অধিবক্তাৰ দলটোত প্রয়োজন সাপেক্ষে অধিক শক্তিশালী চৰকাৰী অধিবক্তা নিযুক্তি দিবলৈও গৰিমা গার্গে প্রধানমন্ত্রীক অনুৰোধ জনাইছে। আনহাতে, জুবিনৰ ন্যায় লাভৰ প্ৰক্ৰিয়াটো যাতে সময়ৰ লগে লগে স্তিমিত হৈ নপৰে, তাৰবাবে ফাষ্ট ট্রেক আদালতত এই বিচাৰ প্রক্রিয়া চলোৱাৰ ব্যৱস্থা কৰিবলৈও তেওঁ প্ৰধানমন্ত্ৰীক অনুৰোধ জনাইছে। গৰিমাৰ উপৰি জুবিনৰ ভগ্নী পামী বৰঠাকুৰ আৰু গায়ক মনোজ বৰঠাকুৰে স্বাক্ষৰ কৰা এই স্মাৰক-পত্ৰখনৰ যোগে জুবিনৰ ন্যায় প্রক্রিয়া সম্পূর্ণ নোহোৱা পর্যন্ত কোনো এটা অপৰাধীয়ে যাতে জামিনত মুকলি হৈ আহিব নোৱাৰে সেয়া নিশ্চিত কৰিবৰ বাবেও তেওঁলোকে প্রধানমন্ত্রী মোদীক অনুৰোধ জনাইছে। আনহাতে, ছিংগাপুৰৰ আদালতত চলি থকা জুবিন হত্যাৰ গোচৰটো যাতে শীর্ষ পর্যায়ত পর্যবেক্ষণ কৰিব পৰা হয়, ভাৰত-ছিংগাপুৰ দুয়োখন দেশৰ মাজত যাতে গোচৰটো চলাই যোৱাত সহযোগিতা অটুট থাকে আৰু বিদেশী ৰাষ্ট্ৰ হোৱাৰ বাবেই যাতে জুবিনৰ মৃত্যুৰ প্ৰকৃত সত্য লুকাই নাথাকে, তাৰবাবে ভাৰত চৰকাৰে ছিংগাপুৰৰ লগত কূটনৈতিক আৰু আইনী হেঁচা দিবৰ বাবে তেওঁলোকে প্রধানমন্ত্রী মোদীক দাবী জনাইছে। এইক্ষেত্ৰত তেওঁ কেইটামান বিশেষ কথা স্মাৰক-পত্ৰখনত উল্লেখ কৰিছে। সেয়া হ’ল- ক’ৰনাৰ্ছত চলি থকা বিচাৰ প্ৰক্ৰিয়া সর্বোচ্চ পর্যায়ত নিৰীক্ষণ, সকলো প্ৰাসংগিক সামগ্রী-সাক্ষ্য-তথ্য ভাৰতীয় কর্তৃপক্ষৰ বাবে উপলব্ধ কৰাটো নিশ্চিত কৰাত পাৰস্পৰিক আইনী সহায়ৰ বাবে সকলো দা আইনগত পথ উপলব্ধ কৰিব পৰা যায়। বিষয়টোত যাতে ইয়াৰ প্ৰাপ্য গুৰুত্ব জৰুৰী-নৈতিক মূল্যৰে অনুসৰণ কৰা হয়, তাৰ দাম বাবে প্রধানমন্ত্রী মোদীৰ ওপৰত আস্থা ৰখা বুলি স্মাৰক-পত্ৰখনৰ শেষাংশত উল্লেখ কৰিছে গৰিমা গার্গে।