প্রথম দিনাই শাসক-বিৰোধীৰ বহুকেইগৰাকী প্ৰাৰ্থীৰ মনোনয়ন দাখিল

প্রথম দিনাই শাসক-বিৰোধীৰ বহুকেইগৰাকী প্ৰাৰ্থীৰ মনোনয়ন দাখিল

ৰঙিলী বাৰ্ত্তাসেৱা- অহা ৯ এপ্রিলত অনুষ্ঠিত হ’ব লগা বিধানসভা নিৰ্বাচনৰ বাবে প্ৰথম দিনাই  মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, পঞ্চদশ বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, ৰাইজৰ দলৰ সভাপতি অখিল গগৈ, অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈ, মন্ত্রী প্রশান্ত ফুকন, অশোক সিংহল, অজন্তা নেওগ আদিকে ধৰি বহুকেইগৰাকী হেভীৱেট প্রার্থীয়ে নিজৰ নিজৰ মনোনয়ন-পত্র দাখিল কৰে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কামৰূপ মহানগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত বিশাল সমদল কৰি নিজৰ মনোনয়ন-পত্র দাখিল কৰে। ইফালে, ঐতিহাসিক শিৱসাগৰত চাৰিগৰাকী হেভীৱেট প্রার্থীয়ে নিজৰ নিজৰ মনোনয়ন-পত্র দাখিল কৰে। শিৱসাগৰ জিলা আযুক্তৰ কাৰ্যালয়ত  বিৰোধী দলপতি কংগ্ৰেছৰ নাজিৰাৰ প্ৰাৰ্থী দেৱব্ৰত শইকীয়া, ৰাইজৰ দলৰ সভাপতি শিৱসাগৰৰ প্ৰাৰ্থী অখিল গগৈ, নাজিৰাৰ বিজেপিৰ প্ৰাৰ্থী ময়ূৰ বৰগোহাঁই, অগপৰ শিৱসাগৰৰ প্ৰাৰ্থী প্রদীপ হাজৰিকাই নিজৰ মনোনয়ন-পত্র দাখিল কৰে। নাজিৰাৰ প্ৰাৰ্থী দেৱব্রত শইকীয়া আৰু শিৱসাগৰৰ ৰাইজৰ দলৰ প্ৰাৰ্থী অখিল গগৈৰ মনোনয়ন-পত্র দাখিলৰ সময়ত তেওঁলোকক সংগ দিয়ে প্রদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। শিৱসাগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত মনোনয়ন-পত্র দাখিল কৰা উল্লিখিত চাৰিওজন প্রার্থীয়ে শিৱসাগৰ নগৰৰ মাজেৰে বিশাল শোভাযাত্ৰাৰে আয়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ নিজ নিজ মনোনয়ন ৰিটার্নিং বিষয়াৰ হাতত প্ৰদান কৰে। অগপ-বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী প্রদীপ হাজৰিকাই শিৱসাগৰ নগৰৰ বৰ্ডিং খেলপথাৰৰ পৰা, কংগ্ৰেছৰ সমৰ্থিত প্রার্থী ৰাইজৰ দলৰ অখিল গগৈয়ে নগৰৰ পিয়লি ফুকন স্টেডিয়ামৰ পৰা শোভাযাত্রা উলিয়ায়। আনহাতে নাজিৰা বিধানসভা সমষ্টিৰ বাবে প্রতিদ্বন্দ্বিতা কৰা কংগ্ৰেছৰ প্ৰাৰ্থী দেবব্রত শইকীয়াই শিৱসাগৰৰ ধাই আলিৰ পৰা বিশাল শোভাযাত্ৰাৰে জিলা আযুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ মনোনয়ন দাখিল কৰে। মনোনয়ন দাখিলৰ পূৰ্বে ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে কয় যে অগপ-বিজেপি মিত্রজোটৰ প্ৰাৰ্থী প্রদীপ হাজৰিকা এগৰাকী জ্যেষ্ঠ ৰাজনীতিক। তেওঁৰ লগত ৰাজনৈতিক যুঁজ এখনত লিপ্ত হ’ম। ডিব্ৰুগড়ত অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে খোৱাং সমষ্টিৰ বাবে মনোনয়ন-পত্র দাখিল কৰে। সমষ্টিটোৰ হাজাৰ হাজাৰ সদস্য সমৰ্থকৰ লগত শোভাযাত্ৰা কৰি লুৰিণজ্যোতি গগৈয়ে মনোনয়ন দাখিল কৰে। আনহাতে, ডিব্ৰুগড় আয়ুক্তৰ কাৰ্যালয়ত মনোনয়ন দাখিল কৰে ডিব্ৰুগড় সমষ্টিৰ বিজেপি প্রার্থী প্রশান্ত ফুকনেও। মনোনয়ন দাখিলৰ সময়ত তেওঁক সংগ দিয়ে কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে। শাসকীয় বিজেপিৰ কেইবাগৰাকী প্রার্থীয়ে নিজৰ নিজৰ মনোনয়ন-পত্র দাখিল কৰে। মাজুলীত বিধায়ক ভুবন গামে দহ সহস্রাধিক সদস্য সমর্থক লৈ জিলা আয়ুক্তৰ কাৰ্যালয়ত মনোনয়ন দাখিল কৰে। ঢেকীয়াজুলি সমষ্টিৰ বাবে আজি মনোনয়ন দাখিল কৰে বিজেপি প্রার্থী মন্ত্রী অশোক সিংহলে। ঢেকীয়াজুলিৰ আৱাসৰ পৰা হাজাৰ হাজাৰ সমৰ্থকক লগত লৈ তেজপুৰ জিলা আয়ুক্তৰ কার্যালয়ত মনোনয়ন দাখিল কৰে প্ৰাৰ্থীগৰাকীয়ে। ভগৱানৰ আশীৰ্বাদ, জনগণৰ আশিস, যুৱ শক্তিক লগত লৈ মনোনয়ন দাখিল কৰি ঢেকীয়াজুলিত বিজেপিয়ে আকৌ এবাৰ বিজয় ধ্বজা উৰুৱাবলৈ সক্ষম হ’ব বুলি দৃঢ় বিশ্বাসী প্রার্থী অশোক সিংহল। মনোনয়ন দাখিল কৰে গোলাঘাটৰ বিজেপি প্রার্থী অজন্তা নেওগেও। গোলাঘাটত জনতাৰ অভূতপূর্ব সঁহাৰিৰ মাজিত অজন্তা নেওগে গোলাঘাট সমষ্টিৰ এনডিএ প্রার্থীৰূপে সংহত জিলা আয়ুক্তৰ কার্যালয়ত মনোনয়ন-পত্র দাখিল কৰে। মনোনয়ন দাখিলৰ সময়ত তেওঁৰ সৈতে সাংসদ কামাখ্যা প্রসাদ তাছা, জিলা বিজেপিৰ সভাপতি চন্দ্ৰজ্যোতি ঠাকুৰসহ বিজেপিৰ বহু শীর্ষ বিষয়ববীয়াই সংগ দিয়ে। আজি শদিয়াৰ বিজেপি প্রার্থী বলীন চেতিয়ায়ো মনোনয়ন-পত্র দিয়ে। মনোনয়ন-পত্র দিয়ে সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনেও। নদুৱাৰ সমষ্টিৰ বিজেপি প্রার্থী পদ্ম হাজৰিকাও মনোনয়ন-পত্র দাখিল কৰে। তেওঁ নাগশংকৰ মন্দিৰত মূৰ দোঁৱাই নিজৰ মনোনয়ন দাখিল কৰে। ভৱানীপুৰ- সৰভোগৰ মিত্ৰ দলৰ প্ৰাৰ্থী চিপিএমৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰেও মনোনয়ন-পত্র দাখিল কৰে। আনহাতে, যোৰহাটত মৰিয়নি সমষ্টিৰ প্ৰাৰ্থী ড° জ্ঞানশ্ৰী বৰাইও ৰাইজৰ দলৰ প্ৰাৰ্থী হিচাপে মনোনয়ন পত্র দাখিল কৰে।