প্রতিষেধকৰ সম্পূৰ্ণকৈ গ্ৰহণ কৰাৰ পাছত কোভিড-১৯ৰ সংক্ৰমণৰ আশংকা ৬০ শতাংশ হ্রাস পায়

pc Sonivaccinatons

প্রতিষেধকৰ সম্পূৰ্ণকৈ গ্ৰহণ কৰাৰ পাছত কোভিড-১৯ৰ সংক্ৰমণৰ আশংকা ৬০ শতাংশ হ্রাস পায়

অনলাইন বাৰ্ত্তাসেৱা – ব্ৰিটেইনৰ ইম্পিৰিয়েল কলেজ অব লণ্ডন আৰু ইপ্সোছ মোৰী’ নামৰ প্ৰতিষ্ঠান এটাই চলোৱা সমীক্ষাৰ পৰা এই কথা জানিব পৰা গৈছে যে কোভিড ভেকচিনৰ দুয়োটা পালি গ্ৰহণ কৰাৰ পাছত কোভিড-১৯ৰ সংক্ৰমণৰ আশংকা ৬০ শতাংশ হ্রাস পায়। ২৪ জুৰ্নৰ পৰা ১২ জুলাইৰ ভিতৰত সংগ্ৰহ কৰা ৯৮,২৩৩টা নমুনাৰ বিশ্লেষণ কৰি এই অধ্যয়নটো চলোৱা হৈছিল৷ এই নতুন অধ্যয়নটোত দাবী কৰা হৈছে যে প্রতিষেধকৰ দুয়োটা পালি গ্ৰহণ কৰাৰ পাছতো প্রতি তিনিজন লোকৰ ভিতৰত দুজন লোকৰ সংক্ৰমণৰ আশংকা থাকিয়েই যায়৷ অৱশ্যে টিকা নোলোৱা লোকতকৈ টিকাকৰণ কৰা লোক সংক্ৰমিত হোৱাৰ আশংকা ৬০ শতাংশ কম হয় বুলি অধ্যয়নটোৰ জৰিয়তে প্ৰকাশ পাইছে।

(UD.)