প্রতিজন দোষীয়ে কঠোৰতম শাস্তি পোৱাটো বিচাৰিছোঁঃ গৰিমা গাৰ্গ

প্রতিজন দোষীয়ে কঠোৰতম শাস্তি পোৱাটো বিচাৰিছোঁঃ গৰিমা গাৰ্গ

ৰঙিলী বাৰ্ত্তাসেৱা- কামৰূপ (মহানগৰ) জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত এছআইটিয়ে শুকুৰবাৰে জুবিন গাৰ্গৰ মৃত্যু গোচৰৰ অভিযোগনামা দাখিলৰ পিছতে নিশালৈ সোণাপুৰৰ জুবিনক্ষেত্ৰত উপস্থিত হয় পত্নী  গৰিমা গাৰ্গ আৰু ভগ্নী পামী বৰঠাকুৰ। জুবিনক্ষেত্ৰত উপস্থিত হৈ জুবিনৰ সমাধিত এগছি চাকি জ্বলাই আপোন মানুহজনক শ্রদ্ধাঞ্জলি জ্ঞাপন কৰি আৱেগিক হৈ পৰে গৰিমা গাৰ্গ। গৰিমা গার্গে এছআইটিয়ে অভিযোগনামা দাখিল কৰা সন্দর্ভত সংবাদ মাধ্যমৰ আগত প্রতিক্রিয়া প্রকাশ কৰে আৰু কয় যে লক্ষ লক্ষ জুবিন অনুৰাগীয়ে বিচৰাৰ দৰে জুবিনৰ পৰিয়ালেও জুবিনৰ মৃত্যুৰ উচিত তদন্ত বিচাৰি অধিক আগ্ৰহেৰে বাট চাই আছিল গোচৰৰ অভিযোগনামালৈ। এছআইটিয়ে কৰা তদন্ত আমি আশা কৰা মতে হৈছে। তদন্ত যেনেদৰে আশা কৰা হৈছিল তেনেদৰে হোৱা বাবে ভাল লাগিছে। বহু কষ্ট কৰি এছআইটিয়ে এই কার্য সম্পন্ন কৰিছে। তাৰ বাবে তেওঁলোকক ধন্যবাদ জনাইছোঁ। এতিয়া ন্যায় প্ৰক্ৰিয়াৰ আশাত আছোঁ। ন্যায় প্রক্রিয়াটো নিশ্চয় সুচাৰুৰূপে সম্পন্ন হ’ব, যিহেতু জুবিনৰ হত্যাৰ প্ৰতিজন দোষীয়ে কঠোৰৰ পৰা কঠোৰতম শাস্তি পোৱাটো বিচাৰিছোঁ। সেইটোৱে আমাৰ কাম্য। ন্যায় ব্যৱস্থাটো ভাল হ’ব বুলি ভাবিছোঁ। তদন্ত আশা কৰা ধৰণে আগবাঢ়িছে। গৰিমা গাৰ্গে আৰু কয় যে মুখ্যমন্ত্ৰীয়ে যিহেতু জুবিন হত্যাৰ তদন্ত ফাষ্টট্রেক আদালতৰ জৰিয়তে বিচৰাৰ কথা কৈছে তাৰ বাবে মুখ্যমন্ত্রীক ধন্যবাদ জনাইছোঁ। তেনে আদালতৰ বিচাৰ ব্যৱস্থা ৰাইজে বিচাৰিছে আৰু আমিও পৰিয়ালৰ ফালৰ পৰা সকলোৱে বিচাৰিছোঁ। অতি সোনকালে যাতে এই ন্যায় ব্যৱস্থা কৰে তাৰ বাবে আমি অনুৰোধ জনাইছোঁ। গৰিমা গাৰ্গে সংবাদ মাধ্যমৰ আগত আৰু কয়, কেনেদৰে জুবিন গাৰ্গৰ দৰে এটা সত্তা নোহোৱা হৈ যাব পাৰে। তেওঁৰ দৰে এজন মানুহক হত্যা কৰিবলগীয়া কি থাকিব পাৰে। নিজৰ পৰা সকলো উদঙাই ধন, টকা-পইচাৰ পৰা সকলো ৰাইজৰ বাবে, অসমৰ বাবে কৰিলে জুবিনে। গতিকে এনেকুৱা এজন মানুহক হত্যাৰ ষ্টেপ কিয় ল’ব লগা হ’ল বুলিও কয় গৰিমা গাৰ্গে। আৰক্ষী ছিংগাপুৰলৈ যোৱাৰ প্ৰসংগত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত গৰিমাই কয় যে আমাৰ দেশৰ তদন্ত প্ৰক্ৰিয়াত আমাৰ সম্পূৰ্ণ বিশ্বাস আৰু আস্থা আছে। ছিংগাপুৰত এটা তদন্ত প্রক্রিয়া চলাইছিলে। মই ভাবোঁ আমাৰ অসম পুলিচে যিখিনি কৰিব তাৰ ওপৰত বিশ্বাস আছে। জুবিনৰ প্ৰতি সকলোৰে আবেগ-অনুভূতি আছে। গতিকে মই ছিংগাপুৰলৈ যোৱাৰ কথা ভবা নাই। আইনৰ কথাবোৰ আমি যিহেতু সকলো নাজানো। গতিকে অসম পুলিচে যিটো কৰিব সেইটো জুবিনৰ প্ৰতি থকা দায়িত্ব আবেগ, হিচাপে নিশ্চয় তদন্ত কৰিব। গতিকে আমি পৰিয়ালৰ ফালৰ পৰা আৰু কিবা বেলেগকৈ কৰিব লাগিব বুলি আমি নাভাবোঁ বুলিও কয় গৰিমা গাৰ্গে। গৰিমাৰ সৈতে জুবিন ক্ষেত্রত উপস্থিত হৈ পামী বৰঠাকুৰেও কয় যে তদন্ত প্রক্রিয়া আমি ভবাৰ দৰে বহু নিষ্ঠাৰে কৰিছে। আমি আৰু ৰাইজে বিচৰা মতে সকলো হৈছে। হত্যাৰ অভিযোগনামাখন নিশ্চয় খুব শক্তিশালী হৈছে। আমি আশাবাদী-ন্যায় ব্যৱস্থা খৰতকীয়াকৈ হ’ব আৰু আমি উচিত ন্যায় পাম।