প্রতাৰণা
নিতুল নাথ
নেমুগুৰি, শিৱসাগৰ
মোৰ সেউজীয়া উপত্যকাত প্রচণ্ড ধুমুহাজাকে জৰাজীৰ্ণ কৰি যোৱা
কৰুণ যন্ত্রণাইও স্পর্শ কৰিব পৰা নাই তোমাৰ হিয়া,
যি আত্মাৰ কান্দোনৰ উষ্ণতাইও গ’লাব পৰা নাই তোমাৰ অহংকাৰী অন্তৰ,
যি বাৰিষাৰ জাগলৰ চকুলোৰ বানেও
ধুৱাব পৰা নাই তোমাৰ মলিন মুখ |
কাৰ নিমন্ত্রণত কিম্বা উচ্চকাংক্ষাত
তোমাৰ হৃদয়ৰ তুলাচনিত
বাঢ়ে- কমে মৰমৰ ওজন ?
অনাকাংক্ষিত প্রলোভনত প্ৰেমৰ ক্ষোভ, হুমুনিয়াহ
কিম্বা ভৱিষ্যতৰ সোণালী সপোন ৰচিব বিচৰা
হেঁপাহৰ দলিচাত পুণৰ এবাৰ ?
ক্ষুধাৰ বাবেই নে জীৱনৰ ৰং-আনন্দৰ বিলাসিতাৰ বাবে
তোমাৰ হাতৰ সুনিপুণ চিত্ৰকলাৰ দৰে আঁকিব বিচাৰিছা
উকা কেনভাচত আন এখন হৃদয়ৰ ছবি ?
তাহানিৰ সেই বিপন্ন সময়ৰ ক্ষণতো
কঁপি কঁপিও পিচলি যোৱা নাছিল
তোমাৰ ধৈৰ্য্যৰ দুভৰি,
শিল- ধুমুহায়ো পৃথক কৰিব নোৱাৰিছিল
আমাৰ সেউজীয়া দুখনি হাত |
কোন জাক মৌচুমীৰ পৰশে উৰুৱাই নিলে
তোমাৰ স্থিতপ্রজ্ঞ মন কিম্বা প্ৰতিশ্ৰুতিবোৰ ?
মোৰ ৰঙা কলিজাৰ পৰা উভালি
কোনখন পলসুৱা হৃদয়ৰ উপত্যকাত থিয় হৈ
ৰোপন কৰিব বিচাৰিছা
তোমাৰ জীৱন- জ্যামিতিৰ পুলি ?
মায়াজালৰ অহংকাৰত নে অভিমানত
নে জীৱন নামৰ বাস্তৱ চৰিত্ৰত সঁচা অভিনয় কৰি
বিচ্ছেদৰ মাজ সাগৰৰ বুকুত বিসর্জন দিব বিচাৰিছা ?
আলি দোমোজাৰ মেৰপেচত ধোঁৱাৰে ধূসৰ আকাশ
বিষাদৰ ঝংকাৰে অমানিশা নামিছে মোৰ হৃদয়লৈ,
যেন জীৱন-মৃত্যুৰ অন্তিম ক্ষণৰ শৰশৰ্য্যা |
