প্রচণ্ড গৰমত ঢলি পৰিল তেজপুৰ জাতীয় বিদ্যালয়ৰ ১১গৰাকী শিক্ষার্থী
ৰঙিলী বাৰ্ত্তাসেৱা- তেজপুৰত গৰমৰ বাবে ঢলি পৰিল কেইবাজনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী৷ তেজপুৰ পৰোৱাস্থিত শোণিতপুৰ জাতীয় বিদ্যালয়ত সংঘটিত হয় এই ঘটনা৷ গৰম সহিব নোৱাৰি ১১ গৰাকী ছাত্ৰ–ছাত্ৰী অসুস্থ হৈ পৰে৷ ইয়াৰে ১০ গৰাকী ছাত্ৰী আৰু এজন ছাত্ৰ৷ অসুস্থ আটাইকে ততাতৈয়াকৈ সমীপৰে হাস্পতালত ভৰ্তি কৰোৱা হয়৷ চিকিৎসকে গৰমৰ বাবে অসুস্থ হোৱাৰ কথা জানিবলৈ দিছে৷ বৰ্তমান সুস্থ আটাইকেইগৰাকী ছাত্ৰ–ছাত্ৰী৷