প্রখ্যাত সন্তুৰ বাদক পংকজ শৰ্মাৰ বিয়োগ

প্রখ্যাত সন্তুৰ বাদক পংকজ শৰ্মাৰ বিয়োগ

ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাজ্যৰ সংগীতাকাশৰ পৰা খহি পৰিল এটি তৰা । উকা হৈ ৰ’ল সাংস্কৃতিক জগতখন । প্রখ্যাত সন্তুৰবাদক, আকাশবাণী- দূৰদৰ্শনৰ স্বীকৃতিপ্রাপ্ত শিল্পী পংকজ শৰ্মা আৰু নাই।  চিকিৎসাধীন অৱস্থাতে গুৱাহাটী চিকিৎসালয় মহাবিদ্যালয় হাস্পতালত পুৱতিনিশা প্রায় ৩ বজাত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। উল্লেখ্য যে ‘তোমাৰ মিঠা এই চাৱনিকে’ ধৰি ডেৰ শতাধিক আধুনিক গীতৰ গীতিকাৰ তথা সুৰকাৰ পংকজ শর্মাই বিগত ২০২৩ বৰ্ষৰ পৰা বৃক্কজনিত ৰোগত আক্ৰান্ত হোৱাৰ পিছৰে পৰা পৰিয়ালৰ লোকে বিভিন্ন আর্থিক সংকটৰ মাজেৰে চিকিৎসা চলাই নিয়াৰ মাজতে চলিত বৰ্ষৰ আগষ্টত তেওঁ জণ্ডিচ ৰোগত আক্রান্ত হৈ যকৃতজনিত সমস্যাত ভুগিবলৈ আৰম্ভ কৰে। তাৰ পিছৰে পৰা তেওঁৰ স্বাস্থ্যৰ অৱস্থা শোচনীয় হৈ পৰে। ছয়দিন পূর্বে তেওঁক পত্নীয়ে জি এম চি এইচত ভৰ্তি কৰাইছিল। ১৯৬৯ চনৰ ১ অক্টোবৰত নলবাৰী জিলাৰ বৰভাগৰ বৰকুলহাটীত পিতৃ প্রয়াত শিক্ষক ধর্মকান্ত শর্মা আৰু মাতৃ যামিনী দেৱীৰ পৰিয়ালত জন্মগ্রহণ কৰা পংকজ শৰ্মা শৈশৱৰ পৰাই সংগীতৰ প্ৰতি আকৰ্ষিত হৈছিল। স্থানীয় বৰভাগ কালাগ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পিছৰে পৰা সংগীতৰ নিচাকে মূলমন্ত্র হিচাপে লৈ আৰম্ভ কৰে সাংগীতিক জীবন। তেওঁ মুম্বাইত দেশৰ প্ৰখ্যাত সম্ভৰবাদক পণ্ডিত শিৱ কুমাৰ শৰ্মাৰ তত্ত্বাৱধানত সন্তুৰবাদনৰ প্ৰশিক্ষণ লৈ ১৯৯২ চনৰ পৰা আৰম্ভ কৰে সাংগীতিক যাত্রা। সুদীর্ঘ সময় মহানগৰীতে সংগীতৰ সাধনা কৰি সন্তুৰবাদক হিচাপে ৰাজ্যজুৰি খ্যাতি অর্জন কৰা পংকজ শৰ্মা গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ এজন নিয়মীয়া ভজন শিল্পীয়ো আছিল। তদুপৰি তেওঁ ডেৰ শতাধিক আধুনিক গীত ৰচনা কৰাৰ লগতে বহু গীতৰ সুৰো কৰিছিল। সম্ভৰবাদনেৰে পৰিয়াল পোহপাল দিয়া শিল্পীজনে মহানগৰীৰ ভাৰাঘৰতে কটাইছিল জীৱন। পুত্ৰ আৰু পত্নীৰ সৈতে মটৰীয়াত ভাৰাঘৰতে থাকি জীৱন সংগ্ৰাম চলাই নিয়া পংকজ শর্মাই শেহতীয়াকৈ নতুন প্ৰজন্মৰ ছাত্ৰ-ছাত্ৰীক সম্ভৰ বাদনৰ প্ৰশিক্ষণ প্ৰদানৰ বাবে ভাৰাঘৰৰ সমীপতে স্থাপন কৰি লৈছিল ‘সন্তুৰ একাডেমী’ নামৰ এখন শিক্ষানুষ্ঠান। পিছে সাংস্কৃতিক জগত চহকী কৰি থৈ যোৱা শিল্পীজনে ৰোগাক্রান্ত হৈ থকাৰ সময়ত চৰকাৰৰ ফালৰ পৰা লাভ নকৰিলে কোনো আর্থিক সাহায্য। চৰকাৰৰ সাংস্কৃতিক বিভাগৰো শিল্পীজনৰ প্ৰতি নপৰিল দৃষ্টি। মৃত্যুৰ সময়ত ইহসংসাৰত তেওঁ পত্নী ববী গোস্বামী, একমাত্র পুত্র আৰু চাৰি ভাই-ককাইৰ লগতে বহু গুণমুগ্ধক ইহসংসাৰত এৰি থৈ গৈছে।