প্রকৃতিৰ মিঠা সুৱাস – দুলুমণি দেৱী

PC - Freepik
প্রকৃতিৰ মিঠা সুৱাস
দুলুমণি দেৱী, মাকুম
নতুনকৈ  ওলোৱা গছৰ পাত‌বোৰৰ মিঠা সুৱাসে ছটিয়াই দিয়ে সুন্দৰ সুগন্ধি৷ এখিলা দুখিলাকৈ হাজাৰখিলা পাতেৰে যেতিয়া গছ গছনিবোৰ ভৰি পৰে এনে লাগে যেন গছ গছনিৰ মাজত উলাহৰ মাদল বাজিছে৷ফাগুণ চ’ত মাহত শুকান হৈ পৰা গছবোৰত নতুনকৈ ৰসৰ সঞ্চাৰ ঘটে বহাগ মাহতে৷সেয়ে কব পাৰি বহাগ যেন কেৱল এটি মাহ নহয়,এটি নতুন প্রভাত৷ গছৰ পাতবোৰে আকাশলৈ চাই অনন্য আমেজসনা চাৱনিয়ে ৷ যি চাৱনিত চপৰা চপৰে আকাশৰ বুকুত উৰি ফুৰা ডাৱৰবোৰ পৃথিৱীত বৰষুণ হৈ  পৰি চিৰসেউজ তথা জীপাল কৰি তোলে৷ মাটিবোৰ ,গছবোৰ ,ঘৰবোৰ আৰু সমগ্র জীৱজগত৷বৰষুণ পাই গছবোৰে হালি জালি নিজৰ মাজতে যেন কথা পাতে,সেই কথাবোৰে গীত হৈ মানুহৰ অন্ত:জগতত সময়ে সময়ে খলকনি তোলে,বর্ণিল আকাশৰ বুকুত গছ গছনিৰ মৃদু বতাহজাকেও প্রশমিত কৰিব পাৰে শ্রম ক্লান্তি ৷প্রকৃতিৰ অনাবিল ৰঙৰ স্মৃতিৰ ডিঙৰাবোৰে মনাকাশ স্পর্শ কৰে ,পানী পাই হাঁহি মাৰে শুকান পথাৰখনে I নতুনকৈ শস্যৰ বীজ সিঁচিবলৈ আগ্রহেৰে বাট চাই থকা খেতিয়কে সকাহ পায় যেতিয়া বৰষুণে কোমল কৰি তোলে পথাৰখনি ৷শস্যৰ বীজবোৰে কোমল মাটি ফালি যেতিয়া গোজেই গজালি হৈ নদন বদনকৈ পথাৰ ছানি ধৰে এনে লাগে যেন সমগ্র কৃষিজীৱি ৰাইজৰ ভালপোৱাবোৰ উথলি উঠে ৷কেঁচু কুমতিবোৰে বাৰিষাৰ বতৰত  পানী পাই গাঁতৰ পৰা ওলাই আহে ৷গাঁতৰ পৰা ওলোৱা কেকোৰাবোৰে ৰংমনে এবাৰ গাঁতৰ পৰা ওলায় ,এবাৰ সোমায় ৷বাৰিষা অহাৰ লগে লগে সিহঁতৰ মাজতো যেন উলাহৰ মাদল বাজে ৷ নৈ বিল ,জান জুৰিত মাছৰ উজান উঠে৷ দোপালপিতা বৰষুণজাকে ধৰাখনি কৰি তোলে মহীয়ান ৷মুঠতে  বাৰিষাকালত ফুটি উঠা  ছবিখনে প্রকৃতিৰ এক অনির্বচনীয় মাদকতা প্রদান কৰি  আহিছে ৷ যাৰ মাদকতাই সুকীয়া ৷তদুপৰি কেঁচা চাহপাতৰ মিঠা সুৱাসে মনোজগতত অন্য এক খলকনি তোলে ৷ চাহ বাগানৰ মাজত ,চাহ গছবোৰৰ কোমল কোঁহবোৰত যেতিয়া চকু পৰে অালফুলে চুই থাকিলেও যেন হেঁপাহ নপলায় ৷পাঁজিসেৰীয়া আঙুলিৰ ফাঁকেৰে চাহ গছৰ পাতবোৰ লিৰিকি বিদাৰি ,সেউজীয়াৰ মাজত দুহাত মেলি দি পাব পাৰি অনন্য মাদকতা ৷