পৌৰকৰ বৃদ্ধিৰ বিৰুদ্ধে অসম তৃণমূল কংগ্ৰেছৰ আন্দোলনৰ ঘোষণা
ৰঙিলী বাৰ্ত্তাসেৱা- পৌৰকৰ বৃদ্ধিৰে জনতাক জ্বলাকলা খুওৱা অসম চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে অসম তৃণমূল কংগ্ৰেছ।আজি এক সংবাদমেলত অসম তৃণমূল কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ দিলীপ কুমাৰ শৰ্মাই কয়,’১ লাখ ৪২ হাজাৰ কোটি টকাৰ ঋণত ককবকাই থকা অসম চৰকাৰে দিকবিদিক হেৰুৱাই ৰাইজক শোষণ কৰি পৰিস্থিতি চম্ভালিব বিচাৰিছে। অহা ১ এপ্ৰিলৰ পৰা পৌৰকৰ বৃদ্ধিৰে ৰাইজক পুনৰ হাৰাশাস্তি কৰিব বিচাৰিছে। চৰকাৰখনৰ এই জনবিৰোধী নীতিৰ তীব্ৰ বিৰোধিতা কৰিছোঁ। ৰাজহ বৃদ্ধিৰ বাবে কোনো অৰ্থনৈতিক পৰিকল্পনা নকৰি সহজ উপায় অৱলম্বন কৰি ৰাইজৰ টকাৰে চৰকাৰ চলাব বিচাৰিছে। চৰকাৰৰ এই নীতিৰ বিৰুদ্ধে অসম তৃণমূল কংগ্ৰেছে অহা ২২ মাৰ্চত ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰিব।’