পোৱানে মোৰ প্ৰিয়তমৰ খবৰ
উৰিশ্মা নাথ
গৰুখুটি (দৰং)
ধূসৰ উদং পথাৰত
সেন্দুৰ সনা ৰঙৰ,
পোহাৰ লৈ
তুমি পলাশ।
লঠঙা গছবোৰৰ ডালে ডালে,
পচোৱা বতাহে সিঁচি দিয়ে
তোমাৰেই ৰং।
আঁচল উৰাই যোৱা
সেই পচোৱা বতাহ জাকক
লাজে লাজে সুধিলো,
পোৱা নেকি মোৰ
প্ৰিয়তমৰ খবৰ?
প্ৰত্যুত্তৰ দিলে,
অভিমান বোৰক
জোকাই নল’বা,
শব্দবোৰ সৰিলে
তুমিও তিতিবা।
মই ক’লো,
শব্দ বিহীন মোৰ সপোনবোৰ
মাথোঁ তেওঁক লৈ,
কেনেকৈ নো কৰিম প্ৰকাশ।
মোৰ এই মৌনতাই
বহুত কিবা কিবি কয়,
তুমি কিবা পোৱানে আভাস?