পোহৰৰ এক উৎসৱ দীপাৱলী – লখিমী শৰ্মা

পোহৰৰ এক উৎসৱ দীপাৱলী
লখিমী শৰ্মা
যোৰহাট 

শৰৎ কালত পালন কৰা হিন্দু ধৰ্মৰ আটাইতকৈ জাকজমকতাৰ উৎসৱেই হৈছে দীপাৱলী বা দীপান্বিতা । কাতি মাহৰ অমাৱস্যা তিথিৰ দিনা ” দীপাৱলী ” পালন কৰা হয় । এই উৎসৱক পোহৰৰ উৎসৱ বুলিও কোৱা হয় । সেয়ে অন্ধকাৰক নাশিবলৈ , শাৰী শাৰী বন্তি প্ৰজ্জ্বলনেৰে চৌদিশে পোহৰাই তোলা হয়  দীপাৱলীৰ নিশা । যুগ – যুগান্তৰ পৰাই দীপাৱলী পালন কৰি অহা হৈছে যদিও এই দীপাৱলী পালনৰ অন্তৰালত কেইবাটাও পৌৰাণিক আখ্যান জড়িত হৈ আছে । ৰামায়ণৰ মতে , ত্ৰেতা যুগত ভগৱান ৰামচন্দ্ৰই পিতৃ আজ্ঞা পালি চৈধ্য বছৰ বনবাসৰ অৱসান ঘটাই পত্নী সীতা আৰু ভাতৃ লক্ষ্মণ সহিতে অয্যোধ্যালৈ উভতি অহাৰ দিনা ৰাজ্যৰ প্ৰজাগণে আনন্দতে চাকি – বন্তি জ্বলাই চৌদিশে পোহৰেৰে আলোকিত কৰি তেওঁলোকক আদৰণি জনাই আনন্দ – উৎসৱ কৰিছিল । তেতিয়াৰপৰাই এই দীপাৱলী পালন কৰি অহা হৈছে বিশ্বাস কৰা হয় । দ্বাপৰ যুগত ভগৱান শ্ৰীকৃষ্ণ আৰু ভূমি দেৱীৰ পুত্ৰ নৰকাসুৰে ব্ৰক্ষ্মাৰ পৰা বৰ লৈ অহঙ্কাৰী হৈ তিনিও লোকতে ত্ৰাসৰ সৃষ্টি কৰিছিল । নৰকাসুৰৰ অত্যাচাৰত তিষ্ঠিব নোৱাৰি দেৱতাসকলে বধ কৰি পাপৰ বিনাশ ঘটাই সমস্ত জগতক উদ্ধাৰ কৰিছিল । অত্যাচাৰী নৰকাসুৰৰ নিধনত সকলোৱে আনন্দিত হৈ চাকি – বন্তি জ্বলাই আনন্দোল্লাস কৰিছিল । তাৰেই পৰিপ্ৰেক্ষিতত দীপাৱলী বা দেৱালী পালন কৰি অহা হৈছে বুলি আন এক প্ৰবাদ প্ৰচলিত হৈ আহিছে । যিয়েই নহওঁক , এই আখ্যানবোৰ বিশ্লেষণ কৰিলে দেখা যায় যে দীপাৱলী পালনৰ তাৎপৰ্য হৈছে — দুষ্টক দমন , শিষ্টক পালন অৰ্থাৎ অন্যায়ৰ বিৰুদ্ধে ন্যায়ৰ জয় । অসূয়া – অপশক্তিক নিৰ্মূল কৰি সুখ – শান্তি স্থাপন কৰাই হৈছে দীপাৱলী পালনৰ মূল তত্ত্ব । কিন্তু বিগত কিছু বছৰৰ পৰা দীপাৱলীৰ সাত্ত্বিকতাতকৈ জাকজমকতা তথা প্ৰদৰ্শনকামীতাইহে প্ৰাধান্য পাই অহা দেখা গৈছে । পোহৰৰ উৎসৱ দীপাৱলী ক্ৰমান্বয়ে শব্দ – বাৰুদৰ উৎসৱলৈ পৰিৱৰ্তিত হৈছে । দীপাৱলী পালনৰ প্ৰকৃত উদ্দেশ্য যেন ক’ৰবাতে পৰি ৰ’ল ।
শান্তি স্থাপনতকৈ শান্তি – শৃংখলা বিঘ্নিত কৰি দীপাৱলীৰ নামত পুৱালৈকে ফুটোৱা আতচ্‌বাজীবোৰৰ বিকট শব্দ আৰু ধোঁৱাই বাৰুকৈয়ে শব্দ আৰু বায়ু প্ৰদুষণৰ সৃষ্টি কৰে । যি হাঁপানী বা এজমা ৰোগীৰ বাবে অত্যন্ত বিপদজনক আৰু ক্ষতিকাৰক । সুস্থ মানুহকো ই অসুস্থ কৰি তোলে । বিশেষকৈ নৱজাতক শিশু , বয়সীয়াল লোক তথা ৰোগীয়া মানুহৰ বাবে বৰ অস্বস্তিজনক এই পৰিৱেশ । বৰ্তমান ৰং – বিৰঙী বিজুলী বাতিৰে চৌদিশে পোহৰাই আলোকিত কৰি তোলা হয় , যদিও সেই দীপান্বিতাৰ মাদকতা আজি পাবলৈ নাই । আগৰ দিনত সৰু – ডাঙৰ সকলোৰে সহযোগত যি আনন্দ , উৎসাহ – উদ্দীপনাৰে দীপাৱলী পালন কৰি এক সুকীয়া মাদকতা বা আনন্দ লভিছিল । সাম্প্ৰতিক সময়ৰ বৈদ্যুতিক আলোকসজ্জাই মনত সেই আনন্দ বা সুখানুভূতি দিব নোৱাৰে। আগৰ দিনত দীপাৱলীৰ দিনবোৰত ঘৰে ঘৰে কলগছ কাটি পদূলিমুখত পুতি , চাকি দিবৰ বাবে তাত বাঁহ ফালি খুছি লগোৱা হৈছিল । চাকিবোৰ ভালকৈ ৰাখিবৰ বাবে তাত মাটিৰ লেও বা প্ৰলেপ দিয়া হৈছিল । কিছুলোকে মাটি চাকিৰ সলনি ঔটেঙাৰ বখলাতো চাকি জ্বলোৱা পৰিলক্ষিত হৈছিল । ফাকুৱা গুৰি আৰু আটাৰে ঘৰৰ বাৰাণ্ডাত আল্পনা ( ৰংগলী ) অংকণ কৰা হয় দেৱালীৰ দিনাখন । ক্ষণিক আনন্দৰ বাবে বিকট শব্দৰ আতচ্‌বাজীবোৰ ফুটাই  গোটেই অঞ্চল প্ৰদুষিত কৰাৰ সলনি যদি আমি পোহৰৰ উৎসৱ কেৱল পোহৰেৰে পালন কৰোঁ অৰ্থাৎ আমি পৰম্পৰাগত মাটি চাকি শলিতাৰে পালন কৰোঁ , আমাৰ লগতে আন জীৱকুলো নিৰাপদ হ’ব । লগতে পৰম্পৰাগত থলুৱা মাটি চাকি ব্যৱহাৰৰ ফলত আমাৰ থলুৱা মৃৎশিল্পীসকলেও আৰ্থিক ভাৱে এটা সকাহ পাব আৰু দীপান্বিতাৰ ঐতিহ্যও অটুত থাকিব ।