পোহৰৰ উৎসৱ দীপাৱলী স্বাগতা বৰুৱা গোস্বামী

পোহৰৰ উৎসৱ দীপাৱলী

স্বাগতা বৰুৱা গোস্বামী

শাৰদীৰাণী শৰতে লৈ আহে স্নিগ্ধ শীতল উৎসৱমুখৰ বতৰা ।দশোদিশে শেৱালীজোপাৰ আমোলমোলোৱা গোন্ধ। নৈৰ পাৰত কহুৱাৰ শুভ্ৰ দেউকা।নীলা আকাশৰ তলত মেঘৰ খেল ধেমালী আৰু আৰম্ভ হয় দুৰ্গোৎসৱৰ।এই উৎসৱৰ লগে লগে আমাৰ ছোৱালীৰ পৰা বোৱাৰীসকলেও নিজকে সাজু কৰি তোলে উৎসৱৰ বতৰত কোনদিনা কি পিন্ধিব,নিজকে কেনেদৰে সুন্দৰকৈ সজাব ইত্যাদি ইটো-সিটো বহুতো। সকলোৰে মন উগুল থুগুল।উৎসৱ হৈছে মানুহৰ মনবোৰ সতেজ কৰাৰ এক সহজ উপায়।এতিয়া বতৰ দীপাৱলীৰ।শৰৎকালৰ কাতি মাহৰ অমাৱস্যা তিথিত হিন্দু, জৈন, শিখ আৰু বৌদ্ধসকলে পালন কৰি অহা দেখা যায় আন্ধাৰ বিনাশী দীপাৱলীৰ।এক অৰ্থত দীপাৱলী হ’ল পোহৰৰ প্ৰতীক।দেৱালী ধনতেৰাচৰ দিনৰ পৰা আৰম্ভ কৰা হয় । দ্বিতীয় দিনাক ভূটৰ চতুৰ্দশী আৰু তাৰ পিছত মূল দেৱালী পালন কৰা হয়।এই দীপাৱলী পালনৰ অন্তৰালত কেইবাটাও পৌৰাণিক আখ্যান জড়িত হৈ আছে । ৰামায়ণৰ মতে , ত্ৰেতা যুগত ভগৱান ৰামচন্দ্ৰই পিতৃ আজ্ঞা পালি চৈধ্য বছৰ বনবাসৰ অৱসান ঘটাই পত্নী সীতা আৰু ভাতৃ লক্ষ্মণ সহিতে অয্যোধ্যালৈ উভতি অহাৰ দিনা ৰাজ্যৰ প্ৰজাগণে আনন্দতে চাকি – বন্তি জ্বলাই চৌদিশে পোহৰেৰে আলোকিত কৰি তেওঁলোকক আদৰণি জনাই আনন্দ উৎসৱ কৰিছিল । তেতিয়াৰপৰাই এই দীপাৱলী পালন কৰি অহা হৈছে বিশ্বাস কৰা হয় । দ্বাপৰ যুগত ভগৱান শ্ৰীকৃষ্ণ আৰু ভূমি দেৱীৰ পুত্ৰ নৰকাসুৰে ব্ৰক্ষ্মাৰ পৰা বৰ লৈ অহঙ্কাৰী হৈ তিনিও লোকতে ত্ৰাসৰ সৃষ্টি কৰিছিল । নৰকাসুৰৰ অত্যাচাৰত তিষ্ঠিব নোৱাৰি দেৱতাসকলে বধ কৰি পাপৰ বিনাশ ঘটাই সমস্ত জগতক উদ্ধাৰ কৰিছিল । অত্যাচাৰী নৰকাসুৰৰ নিধনত সকলোৱে আনন্দিত হৈ চাকি – বন্তি জ্বলাই আনন্দোল্লাস কৰিছিল । তাৰেই পৰিপ্ৰেক্ষিতত দীপাৱলী বা দেৱালী পালন কৰি অহা হৈছে বুলি আন এক প্ৰবাদ প্ৰচলিত হৈ আহিছে । যিয়েই নহওঁক , এই আখ্যানবোৰ বিশ্লেষণ কৰিলে দেখা যায় যে দীপাৱলী দুষ্টক দমন , শিষ্টক পালন অৰ্থাৎ অন্যায়ৰ বিৰুদ্ধে ন্যায়ৰ জয় । অসূয়া – অপশক্তিক নিৰ্মূল কৰি সুখ – শান্তি স্থাপন কৰাই হৈছে দীপাৱলীৰ মূল উদ্দেশ্য। সেইবাবেই দীপাৱলীৰ নিশা সকলোৰে ঘৰে ঘৰে জ্বলোৱা হয় চাকি -বন্তি।

সাম্প্ৰতিক সময়ত আমাৰ চৌপাশৰ যি উশৃংখল পৰিবেশৰ সৃষ্টি হৈ থকা দেখা গৈছে ইয়াক ভাল কৰাৰ দায়িত্ব প্ৰথমে ল’ব লাগিব ঘৰখনে অৰ্থাৎ মাতৃ গৰাকীয়ে।আজিকালি আমাৰ নৱপ্ৰজন্মসকলৰ একাংশৰ মাজত কিছুমান নঞাৰ্থক মানসিকতা দেখা পোৱা যায়।এডাল কুমলীয়া বাহঁ যেনেদৰে সহজেই ভাঁজ দিব পাৰি ঠিক তেনেদৰেই আমি মানে প্ৰত্যেক গৰাকী মাতৃয়ে নিজৰ ল’ৰা-ছোৱালীৰ কুমলীয়া মনটোক অধ্যয়ন কৰিব পাৰিব লাগিব। আজিকালিৰ যুগটো প্ৰতিযোগিতাৰ যুগ।এই যুগত কেৱল পৰীক্ষাত প্ৰথম কৰিলেই নহ’ব তাৰ সমানে সমানে আচাৰ- ব্যৱহাৰ ভাল হ’ব লাগিব। পঢ়াতো লাগিবই কিন্তু তাৰ সমানে সমানে লাগিব ভাল মানুহ হ’ব।তেতিয়াহে আমাৰ ভৱিষ্যতৰ নাগৰিকসকলৰ পৰা অনাগত দিনত এখন সুস্থ সমাজৰ আশা কৰিব পাৰিম। এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰিব লাগিব ঘৰখনৰ মাতৃগৰাকীয়ে।কাৰণ মাতৃ গৰাকী হাততেই থাকে ঘৰখনৰ মূল চাবিকাঠি।এইবাৰ দীপাৱলীৰ প্ৰতিগৰাকী মহিলাৰ প্ৰতি গছ বন্তিয়েই বৰ্তমান সমাজৰ যি উশৃংখল পৰিবেশ তাক নাশ কৰিবলৈ যেন শক্তি দিয়ে আৰু সকলোৰে মনবোৰ যাতে বন্তিৰ পোহৰেৰে আলোকিত কৰি তুলিব পাৰে তাৰে কামনা কৰিলোঁ।