পোহৰৰ উৎসৱ দীপান্বিতা
ছেলিমা বেগম
নগাঁও
চিকমিক দেৱালী বন্তি জ্বলাই
ৰজা ঘৰত পোহৰ, প্ৰজা ঘৰতো পোহৰ
চাৰিওফালে কেৱল পোহৰে’ই পোহৰ
প্ৰকৃততে পোহৰৰ উৎসৱ দীপান্বিতা
মনৰ মাজৰ পৰা আন্ধাৰ আঁতৰাই
জ্ঞানৰ পোহৰ বিলোৱা কেই দীপান্বিতা।।
চৈধ্য বছৰ খাটি বনবাস শ্ৰী ৰামচন্দ্ৰ
আহিল অযোধ্যা লৈ ঘূৰি পিতৃ গৃহত
প্রজাগনে বিজয়ৰ উৎসৱ পোহৰাই দিলে
শ্ৰী কৃষ্ণই শংখচুৰক বধ কৰি দেখুৱাই দিলে
ষোল্ল হাজাৰ গোপীক মুক্ত কৰি দিলে
প্রজাগনে পোহৰৰ উৎসৱ অনুষ্টিত কৰিলে।।
এই উৎসৱ সকলোৰে আনন্দৰ উৎসৱ
ৰংগুলীৰ লগতে আতচবাজীয়ো জ্বলোৱা হয়
পোহৰৰ উৎসৱত যাতে শব্দ নহয়
পৰিবেশ প্ৰদূষণ নহয় ভাই-ভনী
তাকে চকু দিবা সদায়
বছৰৰ মূৰত পালন কৰিবা এবাৰ ।