পোহৰৰ উৎসৱ দিপাৱলী কিয় পালন কৰা হয় ? –  হিয়া তালুকদাৰ

পোহৰৰ উৎসৱ দিপাৱলী কিয় পালন কৰা হয় ?

  হিয়া তালুকদাৰ  
     টিহু 

পোন প্ৰথমতে মোৰ ফালৰ পৰা আপোনালোক আটাইকে দিপাৱলীৰ শুভকামনা জনালো । প্ৰতি বছৰে শৰৎ কালৰ কাতি মাহৰ অমাৱস্যা তিথিত হিন্দুসকল, জৈনসকল , শিখসকল আৰু বৌদ্ধসকলে পালন কৰি অহা দেখা যায় । ইয়াক পোহৰৰ উৎসৱ বুলিও কোৱা হয় বা ইয়াক পোহৰৰ প্ৰতীক বুলিও কোৱা হয়। ৰাজ্যজুৰি প্ৰতিবছৰে দিপাৱলী পালন কৰি আহিছে । দিপাৱলীক আন আন নামেৰেও জনা যায় দিপান্বিতা , দেৱালী আদি নামেৰে জনা যায় । এই উৎসৱ অক্টোৱৰ -নৱেম্বৰ মাহত পালন কৰা হয় ।প্ৰতিবছৰৰ দৰে এইবেলিও মহা ধুম – ধামেৰে পালন কৰা হ’ব ১২ নৱেম্বৰ তাৰিখে । দেৱালীৰ আগে আগে মানুহবিলাকে তেওলোকৰ ঘৰবোৰ চাফ – চিকুণ কৰি পৰিস্কাৰ কৰি তোলে ।দেৱালীৰ দিনা তেওলোক সুন্দৰ সাজ পৰিধান কৰি মিঠাতেলৰ চাকি, মম আদি আলোকৰে আলোকিত কৰি তোলে । এইবোৰ কৰাৰ লগতে তেওলোকে কলগছ পুতে আৰু কলগছতো চাকি জ্বলায় । আৰু পিছত কণ কণ শিশু , বয়োবৃদ্ধ লোকসকলে ফুলজাৰী , এটম বোমা , ফটকা ফুটাই দেৱালী পালন কৰা হয় । দক্ষিণ এছিয়াৰপৰা উৎপত্তি হোৱা সংস্কৃত গ্ৰন্থত পোৱা যায় এই পাঁচদিনীয়া দেৱালী উৎসৱৰ উল্লেখ পোৱা যায় ।ভাৰতৰ ভিন ভিন ঠাইত এই উৎসৱ ভিন ভিন নামেৰে জনা যায় । ইয়াৰ লগত দেৱালীৰ নীতি – নীয়ম বেলেগ বেলেগ ।দেৱালী দুৰ্গা পূজাৰ দশমীৰ ১৮ দিনৰ পিছত পালন কৰা হয় ।দেৱালী ধনতেৰাচৰ দিনৰ পৰা আৰম্ভ কৰা হয় । দ্বিতীয় দিনাক নৰক চতুৰ্দশী কয় ।দক্ষিণ ভাৰতত এই দিনকে মূল দেৱালী বুলি কয় । পশ্চিম , পূৱ আৰু উত্তৰ ভাৰতত তৃতীয় দিনটোত মূল দেৱালী পালন কৰা হয় । এই দিনটো পশ্চিম আৰু উত্তৰ ভাৰতত লক্ষ্মী পূজা ,পূৱ ভাৰতত কালী পূজা হয় ।চতুৰ্থ গোৱৰ্ধন পূজা আৰু পন্সম দিনা ভাতৃ দ্বিতীয়াৰে দেৱালী উৎসৱৰ সামৰণি পৰে ।

 দেৱালী কিয় পালন কৰা হয় ?

এসময়ত দ্বাপৰ যুগত বৰাহৰূপী বিষ্ণু আৰু বসুমতীৰ পুত্ৰ নৰকাসুৰে স্বৰ্গলোক আক্ৰমণ কৰাৰ পাছত কোনো অসুৰকে পৰাস্ত কৰিব নোৱাৰা হোৱাত দেৱৰাজ ইন্দ্ৰ শ্ৰীকৃষ্ণৰ শৰণাপন্ন হৈছিল ।ভকতবৎসল ভগৱন্তই ভকতৰ দুখ সহিব নোৱাৰি নৰকাসুৰক বধ কৰিছিল । অসুৰ বধ হোৱাত তিনিলোকত চাকি জ্ঝলাই আনন্দ উৎসৱ পালন কৰা হৈছিল । তেতিয়াৰ পৰাই দেৱালী পালন কৰা হয় । আকৌ আন আখ্যান মতে ৰামায়ণত আছে যে ৰাক্ষসৰাজ লংকাধিপতি ৰাৱণক বধ কৰি অযোধ্যালৈ উভতি অহাৰ পিছত অযোধ্যাৰ প্ৰজাসকলে পদুলিয়ে পদুলিয়ে চাকি জ্ঝলাই আনন্দ উৎসৱ পালন কৰি ৰামচন্দ্ৰক আদৰণি জনাইছিল আৰু সেই প্ৰবাদ মতে তেতিয়াৰ পৰা দেৱালী পালন কৰা হয় । যিয়েই নহওক দেৱালীয়ে আসুৰিক শক্তি নাশ কৰি জগতৰ মাজত শান্তি বিলাই দিয়ে।