কথাগল্প
পোচাক
ৰাজশ্ৰী শৰ্ম্মা,গোলাঘাট, বনগাঁও
ঃ এই বাই , বাই শুনচোন , আজি আমাৰ ঘৰৰ বাইজনী কাম কৰিবলৈ নাহিল । ব’লচোন তোক যি লাগে দিম আজিৰ কামখিনি মোক কৰি দে ।
ঃ মই কাম কৰা বাই নহয় অ, মই বেলেগ কাম এটাত হে ওলাই আহিছোঁ।
ঃ মই তহঁতক ভালদৰে চিনি পাওঁ বুজিছ তহঁতৰ দাম বঢ়াবলৈ এইবোৰ কৰি আছ।
ঃ মই কৈ আছোঁ নহয় মই কাম কৰা বাই নহয় । আপুনি বেলেগ মানুহ বিচাৰক ।
ঃ উস্ তই মোৰ মুৰটো নাখাবি বুজিছ ব’ল এতিয়াই ।মোৰ অফিচলৈ যাবলৈ দেৰি হৈছে। ৰাতিপুৱাই কাৰ পাল্লাত যে পৰিলোঁ। তোক যিমান লাগে দিম বুলি কৈছোঁ শুনা নাই নেকি? ব’ল নাটক কৰি নাথাকিবি। বহুত কাম আছে কৰিবলৈ
ঃ মই আপোনাক একেটা কথাকে বাৰে বাৰে কৈ আছোঁ আপুনি বুজি নাপায় কিয় ? মই কাম কৰা বাই নহয় ।
ঃ কথা নৱঢ়াবি ব’ল বুলি কৈছোঁ নহয় । ইমান সময় মোৰ লগত কাজিয়া কৰি থকাৰ পৰিবৰ্তে যদি আপোনাৰ কামখিনি নিজেই কৰিবলৈ চেষ্টা কৰিলে হেঁতেন এতিয়ালৈ কাম শেষ হৈ গ’ল হেঁতেন । যাওঁক নিজৰ কাম নিজেই কৰিবলৈ শিকক ।
ঃ কি? মোক জ্ঞান দিবলৈ আহিছ । চিনি পোৱা নাই মই কোন । ইমান দেৰি ভালদৰে কথা পাতি থকাযেন দেখিছ । এতিয়াই তোক নি লক্আপত ভৰাই থম গম পোৱা নাই ।
ঃ মোক কি দোষত লকআপত ভৰাব ।
ঃ মই পুলিচ অফিচাৰৰ পত্নী মোৰ কথা নুশুনাৰ দোষত । মোৰ লগত মুখ চলোৱাৰ দোষত ।
ঃ আপোনাৰ স্বামীৰ নাম বদনাম কৰিবলৈ আহিছে । নিজৰ কাম নিজেই কৰিব নোৱাৰে লকআপৰ ভয় দেখুৱাই।
ঃ তোৰ দেখোন মুখখন বৰকৈ চলিছে । একে পাত চৰত তোৰ মুখ বন্ধ হৈ যাব চিনি পোৱা নাই ।
ঃএতিয়া তোক মই লকআপত ভৰাম তোক বাৰে বাৰে বুজাবলৈ চেষ্টা কৰি আছোঁ মই কাম কৰা বাই নহয় বুজি নাপাৱ। এইখন চা মোৰ I-card ।
ঃ মেম আপুনি ? এইটো ড্ৰেচত । ইমান বেয়া কাপোৰ পিন্ধি । আৰু খোজ কাঢ়ি?
ঃ অ, তহঁতৰ নিচিনা অভদ্ৰ বোৰ চিনাকি হ’বলৈ এনেদৰে ওলালো।
ঃ মোক ক্ষমা কৰি দিব মেম । মই নাজানি বহুত বেয়া ব্যৱহাৰ কৰিলোঁ।
ঃ তোৰ স্বামী এজন বিশ্বাসী পুলিচ অফিচাৰ বাবে তোক মাফ কৰি দিলোঁ । নিজৰ কাম নিজেই কৰিবলৈ শিক। আৰু কাপোৰ চাই মানুহক চিনাক্ত নকৰিবি বুজিলি।