পেৰেডী গীতৰ সম্ৰাট ত্ৰৈলোক্য সোণোৱাল আৰু নাই

পেৰেডী গীতৰ সম্ৰাট ত্ৰৈলোক্য সোণোৱাল আৰু নাই

ৰঙিলী বাৰ্ত্তাসেৱা- জনপ্ৰিয় কৌতুক অভিনেতা তথা পেৰেডী গীতৰ ৰচক ত্ৰৈলোক্য সোনোৱাল আৰু নাই। আজি পুৱতিনিশা ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে জনপ্ৰিয় শিল্পীগৰাকীয়ে৷ ২৩ আগষ্টত হঠাতে উশাহ–নিশাহত কষ্ট পাই প্ৰথমে ভৰ্তি হৈছিল লখিমপুৰ মেডিকেল কলেজ হাস্পতালত৷ বহু পেৰডী গীত গাই বিপুল জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল সোণোৱাল। ত্ৰৈলোক্য সোণোৱালৰ ঘৰ লখিমপুৰৰ আজাদ ভৰ্তি সোণোৱাল গাঁৱত। তেওঁৰ মৃত্যুত বিভিন্নজনে শোক প্ৰকাশ কৰিছে।