পেৰিছ অলিম্পকত ভাৰতৰ হৈ প্ৰথমটো পদক অৰ্জন কৰিলে শ্বুটাৰ মনু ভাকৰে
ৰঙিলী বাৰ্ত্তাসেৱা- ২০২৪ চনৰ পেৰিছ অলিম্পিকত ভাৰতৰ হৈ প্রথম পদক বিজয়ী খেলুৱৈ হিচাপে পৰিগণিত হৈছে মনু ভাকেৰ। মহিলাৰ ১০ মিটাৰ এয়াৰ পিষ্টল প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ কৰি ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিছে মনু ভাকেৰে।কেৰিয়াৰৰ দ্বিতীয়খন অলিম্পিকত পদক লাভ কৰিবলৈ সক্ষম হৈছিল মনু ভাকেৰে। ২২১.৭ স্ক’ৰেৰে ব্ৰঞ্জৰ পদক দখল কৰে। মনু ভাকেৰে ২২১.৭ পইণ্টেৰে ৮জন শ্বুটাৰৰ ফাইনেলত তৃতীয় স্থান দখল কৰি ব্ৰঞ্জৰ পদক লাভ কৰে। বাহিৰ হোৱাৰ পূৰ্বে মনুৱে ৰূপৰ পদক লাভ কৰা দক্ষিণ কোৰিয়াৰ কিম য়েজিতকৈ মাত্র ০.১ পইন্ট পিছ পৰি আছিল। মনু ভাকৰ হৈছে প্ৰথমগৰাকী মহিলা শ্বুটাৰ যিয়ে অলিম্পিক পদক অৰ্জন কৰিছে। ইয়াৰ পূৰ্বে পুৰুষৰ শাখাত অভিনৱ বিন্দ্ৰাই ৱেইজিং অলিম্পিক ২০০৮ত সোণৰ পদক লাভ কৰিছিল। একেদৰে ২০০৪ত ৰাজেন্দ্ৰ সিং ৰাথোৰে ৰূপৰ পদক লাভ কৰিছিল। ২০১২ৰ অলিম্পিকত গগন নৰগানে ব্ৰঞ্জ আৰু বিজয় কুমাৰে ৰূপৰ পদক লাভ কৰিছিল।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মনু ভাকেৰক অভিনন্দন জনায়।