অপাৰেশ্যন সেন্দূৰঃ পেহেলগাম আক্ৰমণৰ প্ৰত্যুত্তৰ দিলে ভাৰতে
ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতীয় সেনাৰ আক্ৰমণত মাজনিশা কপি উঠিল পাকিস্তান। কাশ্মীৰৰ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰত্যুত্তৰ দিলে ভাৰতে।বুধবাৰে নিশা ১.৩০ বজাত ভাৰতীয় সেনা বাহিনীয়ে পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰৰ ৯ স্থানত ভয়ংকৰ আক্ৰমণ কৰে। এই অভিযানৰ নাম ৰখা হৈছিল ‘অপাৰেচন সেন্দুৰ’, যিটো তিনিওটা সেনাৰ যৌথ অভিযান আছিল । ভাৰতীয় বাহিনীয়ে পাকিস্তানত অৱস্থিত ৪টা আৰু পাক অধিকৃত কাশ্মীৰ থকা ৫টা সন্ত্ৰাসবাদী আত্মগোপন স্থানক লক্ষ্য কৰি লয় । গোটেই নিশা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ অভিযানটো তীক্ষ্ণ দৃষ্টিৰে নিৰীক্ষণ কৰিছিল, য’ত ভাৰতীয় সেনাই পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰৰ (PoK)ৰ ৯টা সন্ত্ৰাসবাদীৰ ঠিকনাত আক্ৰমণ চলায়। চৰকাৰী সূত্ৰই জনোৱা মতে, প্ৰধানমন্ত্ৰীয়ে দিল্লীৰ পৰা সমগ্ৰ অভিযানৰ ৰিয়েল-টাইম আপডেট নিৰীক্ষণ কৰিছিল আৰু প্ৰতিৰক্ষা মন্ত্ৰণালয়ে নিশ্চিত কৰিছে যে বাহাৱালপুৰৰ জয়ছ-ই-মহম্মদ আৰু মুৰিদকেৰ লস্কৰ-ই-তৈবাৰ মুখ্য কাৰ্যালয়সহ ৯টা নিৰ্দিষ্ট লক্ষ্যত আঘাত হনা হৈছে। ভাৰতীয় সেনাই ‘অপাৰেচছন সিন্দুৰ’ৰ অধীনত চলোৱা মিছাইল আক্ৰমণত ৯০ টাকৈ সন্ত্ৰাসবাদী নিহত হৈছে । এই সন্দৰ্ভত প্ৰতিৰক্ষা মন্ত্ৰালয়ে নিশা ১.৪৪ বজাত প্ৰকাশ কৰা এক বিবৃতিত কয়, “কিছু সময় পূৰ্বে ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে পাকিস্তান আৰু পাকিস্তান অধিকৃত জম্মু-কাশ্মীৰৰ সন্ত্ৰাসবাদী আন্তঃগাঁথনিত আঘাত কৰি ‘অপাৰেশ্যন সেন্দূৰ’ আৰম্ভ কৰিছে য’ৰ পৰা ভাৰতৰ বিৰুদ্ধে সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিকল্পনা আৰু নিৰ্দেশনা দিয়া হৈছিল । মুঠতে, নটা (9) স্থানক লক্ষ্য কৰি লোৱা হয়।” লগতে বিবৃতিত উল্লেখ কৰা হয়, “এই আক্ৰমণত কোনো পাকিস্তানী কোনো পাকিস্তানী সামৰিক সুবিধাক লক্ষ্য কৰা হোৱা নাই। ভাৰতে লক্ষ্য বাছনি আৰু কাৰ্যকৰী কৰণৰ পদ্ধতিত যথেষ্ট সংযম প্ৰদৰ্শন কৰিছে।” লগতে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে এই কথা স্পষ্ট কৰি দিয়ে যে ভাৰতৰ এই পদক্ষেপ পহলগামত নিৰীহ ব্যক্তিসকলৰ ওপৰত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰত্যুত্তৰ ৷ “এই পদক্ষেপ বৰ্বৰ পহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত লোৱা হৈছে য’ত ২৫ জন ভাৰতীয় আৰু এজন নেপালী নাগৰিকক হত্যা কৰা হৈছিল। এই আক্ৰমণৰ বাবে দায়ীসকলক জবাবদিহি কৰা হ’ব বুলি দিয়া আমাৰ প্ৰতিশ্ৰুতিক আমি পালন কৰিছো,” বিবৃতিটোৱে উল্লেখ কৰে ৷