পেহেলগাম আক্ৰমণত জড়িত সন্ত্ৰাসবাদীক আশ্ৰয় দিয়া দুজনক গ্ৰেপ্তাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- যোৱা ২২ এপ্ৰিলৰ পোহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ চাঞ্চল্য এতিয়াও মাৰ যোৱা নাই । পোহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ দুমাহৰ পাছত এন আই এয়ে তদন্তত বৃহৎ সফলতা লাভ কৰিছে। আক্ৰমণকাৰী সন্ত্ৰাসবাদীক আশ্ৰয় দিয়াৰ অভিযোগত তদন্তকাৰী সংস্থা এন আই এয়ে দুজন লোকক গ্ৰেপ্তাৰ কৰে । দেওবাৰে এন আই এয়ে জনোৱা মতে অভিযুক্ত দুজন হৈছে ক্ৰমে বাটকোটেৰ পাৰভেজ আহমদ জোথাৰ আৰু পহলগামৰ হিল পাৰ্কৰ বছিৰ আহমদ জোথাৰ । আক্ৰমণত জড়িত ৩ অস্ত্ৰধাৰী সন্ত্ৰাসবাদীৰ পৰিচয়ো প্ৰকাশ কৰিছে এই দুই লোকে । তেওঁলোকে জেৰাৰ সময়ত নিশ্চিত কৰিছে যে আক্ৰমণকাৰীসকল নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰে জড়িত পাকিস্তানী নাগৰিক আছিল । এন আই এয়ে এই সন্দৰ্ভত কয়, “আক্ৰমণৰ পূৰ্বে পাৰভেজ আৰু বছিৰে হিল পাৰ্কৰ এটা জুপুৰিত তিনিওটা সশস্ত্ৰ সন্ত্ৰাসবাদীক আশ্ৰয় দিছিল ।” সংস্থাটোৱে জনোৱা মতে লোক দুজনে সন্ত্ৰাসবাদীক খাদ্য, বাসস্থান আৰু লজিষ্টিক সহায়ো আগবঢ়াইছিল ।সংস্থাটোৱে এক বিবৃতিত কয় যে ১৯৬৭ চনৰ অবৈধ কাৰ্যকলাপ (প্ৰতিৰোধ) আইনৰ ১৯ নং ধাৰাত এই দুই লোকক গ্ৰেপ্তাৰ কৰা হৈছে । গ্ৰেপ্তাৰ পাছতে আজি দুয়োকে আদালতত হাজিৰ কৰোৱা হয় । উল্লেখ্য যে, ২২ এপ্ৰিলৰ জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত হৈছিল ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা। য’ত সন্ত্ৰাসবাদীয়ে ২৬ জন নিৰীহ লোকক বৰ্বৰতাৰে হত্যা কৰিছিল লগতে আহত হৈছিল বহুতো। তদন্তত পোহৰলৈ আহিছিল যে পাকিস্তানৰ পৰা অহা সন্ত্ৰাসবাদীয়ে এই কাণ্ড সংঘটিত কৰিছিল।