পেহেলগামৰ বৰ্বৰ আক্ৰমণক লৈ এছচিঅ’ সন্মিলনত পাকিস্তানক সমালোচনা প্রধানমন্ত্রী মোদীৰ
ৰঙিলী বাৰ্ত্তাসেৱা- চীনত আয়োজিত এছচিঅ’ সন্মিলনত সন্ত্রাসবাদৰ পৃষ্ঠপোষক ৰাষ্ট্ৰৰ বিৰুদ্ধে আক্রমণাত্মক প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী। চুবুৰীয়া চিৰবৈৰী ৰাষ্ট্ৰ পাকিস্তানৰ নাম প্রত্যক্ষভাৱে নোলোৱাকৈ সীমান্তৰ সিপাৰৰ সন্ত্রাসবাদ আৰু পেহেলগামৰ বৰ্বৰ সন্ত্রাসবাদী আক্রমণক লৈ পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহৱাজ শ্বৰীফৰ সন্মুখতে সন্ত্রাসবাদৰ পৃষ্ঠপোষক ৰাষ্ট্ৰখনক কঠোৰ ভাষাৰে সমালোচনা কৰে প্রধানমন্ত্রী মোদীয়ে। সন্ত্রাসবাদৰ বিৰুদ্ধে যুঁজত দুমুখীয়া নীতি গ্রহণযোগ্য নহয় বুলি মন্তব্য কৰি প্রধানমন্ত্রী মোদীয়ে কয় যে ভাৰতে সন্ত্রাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতি গ্রহণ কৰি আহিছে। সন্ত্রাসবাদৰ বিৰুদ্ধে যুঁজত নতুন দিল্লীয়ে সন্ত্রাসবাদক লৈ দুমুখীয়া নীতি গ্রহণ কৰা দেশৰ বিৰুদ্ধে বিশ্বক একত্ৰিত হোৱাৰ সময় আহিছে। সন্ত্রাসবাদক গৰিহণা দি কঠোৰ বাৰ্তা বিশ্ববাসীক প্ৰেৰণ কৰা প্রধানমন্ত্রী মোদীয়ে কয় যে সন্ত্রাসবাদ সম্প্রতি মানৱ জাতিৰ প্ৰতি ভয়াৱহ ভাবুকি। সন্ত্রাসবাদক লৈ শূন্য সহনশীলতা নীতি সকলো দেশে গ্রহণ কৰিব লাগে। সন্ত্রাসবাদক লৈ দুমুখীয়া নীতি বিশ্ব সমুদায়ে বৰ্জন কৰিব লাগে। জম্মু-কাশ্মীৰৰ পেহেলগাম আক্ৰমণৰ প্ৰসংগৰে সন্ত্রাসবাদী পৃষ্ঠপোষক ৰাষ্ট্ৰখনকো গৰিহণা দিয়ে প্রধানমন্ত্রী মোদীয়ে।