পেহেলগামত সন্ত্ৰাসবাদীৰ গুলিত মৃত সকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি

পেহেলগামত সন্ত্ৰাসবাদীৰ গুলিত মৃত সকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি

ৰঙিলী বাৰ্ত্তাসেৱা- ২২ এপ্ৰিলত কাশ্মীৰৰ অনন্তনাগ জিলাৰ অন্তৰ্গত পেহেলগামত সন্ত্ৰাসবাদীয়ে অতৰ্কীতে পৰ্যটকৰ ওপৰত যি হত্যালীলা চলাই ২৬ গৰাকী নিৰীহ লোকৰ প্ৰাণ কাঢ়ি ললে তাৰ প্ৰতিবাদ তথা মৃত ব্যক্তি সকলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে বতাহঘুলি শ্ৰীশ্ৰী গণেশ মন্দিৰ পৰিচালনা সমিতি , বৃহত্তৰ বতাহঘুলি জনশিমলু উন্নয়ন সমিতি, বয়োজ্যেষ্ঠ বিনোদন কেন্দ্ৰ, গণপতি নাট্য সমাজ আৰু বতাহঘুলি ৰঙালী বিহু উদযাপন সমিতি তথা বতাহঘুলি অঞ্চলৰ ৰাইজে বতাহঘুলি শ্ৰীশ্ৰী গণেশ মন্দিৰ প্ৰাংগনত একগোট হয় । প্ৰথমতে পেহেলগামত সন্ত্ৰাসবাদীৰ গুলিত নিহত ব্যক্তি সকলক একোগছি বন্তি জ্বলাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। বন্তি প্ৰজ্বলনৰ পিছত সকলো ৰাইজে মৃতকৰ আত্মাৰ সদগতিৰ বাবে ভগৱানৰ ওচৰত এক মিনিট মৌন প্ৰাৰ্থনা কৰে । মৌন প্ৰাৰ্থনাৰ পিছত গণেশ মন্দিৰ ৰভা ঘৰত এক প্ৰতিবাদী সভা অনুস্থিত কৰা হয়। সভাত সকলোৱে একে মূখে এই ঘটনাক গৰিহণা দিয়ে । লগতে সকলোকে সন্ত্ৰাসবাদৰ বিৰুদ্ধে এক গোট হ’বলৈ আহ্বান জনায়। ঘটনাৰ লগত জড়িত প্ৰতিজন সন্ত্ৰাসবাদীক বিচাৰ কৰি কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক আহ্বান জনায় আৰু ” সন্ত্ৰাসবাদ নিপাত যাওক” আদি প্ৰতিবাদী ধ্বনি দিয়ে বুলি আটাইকেইটা অনুষ্ঠানৰ সভাপতি , সম্পাদকে এক প্ৰেছ বিজ্ঞপ্তি যোগে জানিবলৈ দিয়ে ।