পেহেলগামত পর্যটকক হত্যাকাণ্ডত অসম সাহিত্য সভাৰ শোক প্ৰকাশ আৰু বন্তি প্রজ্বলন
ৰঙিলী বাৰ্ত্তাসেৱা- জম্মু-কাশ্মীৰৰ পেহেলগামত সন্ত্রাসবাদীয়ে নিৰীহ পর্যটকসকলৰ ওপৰত চলোৱা নির্মম আৰু অমানবীয় আক্রমণৰ ঘটনাই সমগ্র দেশবাসীক ক্ষুব্ধ আৰু শোকাহত কৰিছে। এই ভয়ংকৰ ঘটনাৰ তীব্র নিন্দা কৰি অসম সাহিত্য সভাই গুৱাহাটী কার্যালয়ত এক বিশেষ কাৰ্যসূচীৰ আয়োজন কৰে। সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই আঁতধৰা অনুষ্ঠানটিত প্রথমে এক মিনিট সময় মৌন প্রার্থনা কৰি নিহত পর্যটকসকলৰ আত্মাৰ শান্তিৰ বাবে শ্রদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। প্রধান সম্পাদক দেৱজিৎ বৰাই ভাষণ প্রসংগত কয় যে- অহিংসতা, সম্প্রীতি আৰু একতাৰ দেশ ভাৰতত এইধৰণৰ সন্ত্রাসবাদী হিংসাই গণতন্ত্ৰৰ মূল চৰিত্ৰকেই প্রশ্নৰ সন্মুখীন কৰিছে। এই ঘটনাক ‘সভ্যতাৰ কলংক’ বুলি আখ্যা দি প্রধান সম্পাদক দেৱজিৎ বৰাই গভীৰ শোক প্রকাশ কৰে।অসম সাহিত্য সভাৰ প্ৰাক্তন ধনভঁৰালী মিহিৰ কুমাৰ বৰুৱা, কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ সভাপতি প্রফুল্ল বর্মন, উপসভাপতি জ্যোতির্ময় ডেকা, সম্পাদক অৰুণ মহন্ত, বিশিষ্ট কবি বিপুল শর্মা, মধ্য গুৱাহাটী স্বর্ণ শাখা সাহিত্য সভাৰ সম্পাদক কমল চন্দ্ৰ লহকৰ, সাংবাদিক দীপাংকৰ দেৱশৰ্মা, বিশ্বনাথ জিলাৰ বিষ্ণু শইকীয়া আদি বহুসংখ্যক সাহিত্যিক আৰু সাধাৰণ নাগৰিকে অংশ লৈ নিহতসকলৰ প্রতি শ্রদ্ধা জনায়। অসম সাহিত্য সভাই ভাৰত চৰকাৰক এই ঘটনা সন্দৰ্ভত গভীৰ তদন্ত কৰাৰ লগতে দোষীক কঠোৰতম শাস্তি দিয়াৰ আহ্বান জনায়।