’পেলেষ্টাইনৰ জনসাধাৰণৰ ওপৰত ইজৰাইলৰ বৰ্বৰ আক্ৰমণৰ বিৰুদ্ধে ৰাজ্যজুৰি ধিক্কাৰ দিৱস পালন, গুৱাহাটীত বিক্ষোভ’

’পেলেষ্টাইনৰ জনসাধাৰণৰ ওপৰত ইজৰাইলৰ বৰ্বৰ আক্ৰমণৰ বিৰুদ্ধে ৰাজ্যজুৰি ধিক্কাৰ দিৱস পালন, গুৱাহাটীত বিক্ষোভ’

ৰঙিলী বাৰ্ত্তাসেৱা-  এছ ইউ চি আই(কমিউনিষ্ট)ৰ কেন্দ্ৰীয় কমিটীয়ে পেলেষ্টাইনৰ ওপৰত জিঅনিষ্ট ইজৰাইলে চলাই থকা বৰ্বৰ আক্ৰমণৰ বিৰুদ্ধে আজি দেশজুৰি ধিক্কাৰ দিৱস পালনৰ বাবে জনোৱা আহ্বানৰ প্ৰতি সহাৰি জনাই দলৰ উদ্যোগত জিলাই জিলাই প্ৰতিবাদী বিক্ষোভ কাৰ্যসূচী পালিত হয়। এই উপলক্ষে গুৱাহাটীতো উলুবাৰী ভলভো প’ইণ্টত বিক্ষোভ কাৰ্যসূচী পালিত হয়। বিক্ষোভ কাৰ্যসূচীত দলৰ কৰ্মী-সমৰ্থক সকলে পেলেষ্টাইনত ইজৰাইলৰ বৰ্বৰ আক্ৰমণ অবিলম্বে বন্ধ কৰাৰ দাবীত শ্লোগানেৰে অঞ্চল মুখৰিত কৰাৰ লগতে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেটানাহু আৰু ইজৰাইলক যুদ্ধত মদত দিয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ পুত্তলিকা দাহ কৰে। যোৱা প্ৰায় এমাহ ধৰি পেলেষ্টাইনৰ গাজা অঞ্চলত ইজৰাইলে যিদৰে ধাৰাবাহিক আক্ৰমণ চলাই শিশু-মহিলা সহ গণহত্যা চলাই আছে তাৰ বিৰুদ্ধে ধিক্কাৰ আৰু অবিলম্বে আক্ৰমণ বন্ধ কৰাৰ দাবী জনাই এছ ইউ চি আই(কমিউনিষ্ট)ৰ সাধাৰণ সম্পাদক প্ৰভাষ ঘোষে যোৱা ২৯ অক্টোবৰ তাৰিখে এক প্ৰেছ বিবৃতিত কয় যে -‘গাজা অঞ্চল(পেলেষ্টাইন)ত যুদ্ধ বন্ধ কৰাৰ পক্ষে সমগ্ৰ বিশ্বৰ জনমতক উলংঘা কৰি মাৰ্কিন যুক্তৰাষ্ট্ৰ আৰু আন আন সাম্ৰাজ্যবাদী শক্তি বোৰৰ সহযোগিতাত জিঅ’নিষ্ট ইজৰাইলে গাজা অঞ্চলত যিদৰে শত শত শিশু,মহিলা,যুৱক,বৃদ্ধ মানুহক নিৰ্বিচাৰে হত্যা‌ কৰি আছে, তেওঁলোকৰ বাসগৃহ, সা-সম্পত্তি, আনকি হাস্পতাল সমূহ ধ্বংস কৰি আছে,খাদ্য-পানী-বিদ্যুৎ- ঔষধৰ যোগান বন্ধ কৰি দিছে, ই হিটলাৰৰ সেই লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনাকেই মনত পেলাই দিয়ে। গাজাত যুদ্ধ বন্ধ কৰাৰ দাবীত ৰাষ্ট্ৰসংঘত গ্ৰহণ কৰিবলৈ লোৱা প্ৰস্তাৱৰ সপক্ষে ভোট দিয়াৰ পৰা বিৰত থকা আৰু মাৰ্কিন সাম্ৰাজ্যবাদৰ পক্ষ অৱলম্বনৰ কৰাৰ দ্বাৰা ভাৰতবৰ্ষ’ই দেশৰ জনসাধাৰণৰ সাম্ৰাজ্যবাদ বিৰোধী স্বাধীনতা আৰু শান্তিৰ পক্ষে যুদ্ধৰ ঐতিহ্যক পদদলিত কৰিছে। এই ঘটনাই মাৰ্কিন সাম্ৰাজ্যবাদৰ লগত ভাৰত চৰকাৰৰ সম্পৰ্ক কিমান গভীৰ তাকে প্ৰমাণ কৰিলে।আমি গাজা অঞ্চলত ইজৰাইলৰ ভয়াবহ আক্ৰমণ আৰু ধ্বংসলীলাৰ বিৰুদ্ধে বলিষ্ঠতাৰে থিয় দিবলৈ আৰু ৰাষ্ট্ৰসংঘত ভাৰতৰ ভূমিকাক গৰিহণা দিয়াৰ বাবে আগবাঢ়ি আহিবলৈ দেশৰ সকলো শুভবুদ্ধি সম্পন্ন মানুহৰ প্ৰতি আহ্বান জনাও।’