পেলেষ্টাইনক ৰাষ্ট্ৰৰ স্বীকৃতি দিব ফ্রান্সে

পেলেষ্টাইনক ৰাষ্ট্ৰৰ স্বীকৃতি দিব ফ্রান্সে

ৰঙিলী বাৰ্ত্তাসেৱা-  ফ্ৰান্সৰ ৰাষ্ট্ৰপতি এমানুৱেল মেক্রনে পেলেষ্টাইনক ৰাষ্ট্ৰ হিচাপে স্বীকৃতি দিয়া হ’ব বুলি ঘোষণা কৰাৰ লগে লগে ইজৰাইল আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই অসন্তুষ্টি ব্যক্ত কৰিছে । সামাজিক মাধ্যম এক্সত ফ্ৰান্সৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ফ্রান্সে পেলেষ্টাইনক ৰাষ্ট্ৰ হিচাপে স্বীকৃতি দিব। মধ্যপ্রাচ্যত শান্তি বৰ্তাই ৰখা আৰু ঐতিহাসিক প্রতিশ্রুতি সম্পূৰ্ণ কৰাৰ বাবেই এই স্বীকৃতি দিয়া হ’ব। ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ ছেপ্টেম্বৰত অনুষ্ঠিত হোৱাৰ পূৰ্বে পেলেষ্টাইনক ৰাষ্ট্ৰ হিচাপে আনুষ্ঠানিকভাবে ঘোষণা কৰিব ফ্রান্সে। ৰাষ্ট্ৰপতিগৰাকীয়ে গাজাত যুদ্ধ শীঘ্রে সমাপ্ত কৰাৰ আৱশ্যকতা আহি পৰিছে বুলি উল্লেখ কৰি সকলো পণবন্দীক মুকলি আৰু বৃহৎ পৰিমাণত মানৱীয় সাহায্য প্ৰেৰণৰ আহ্বান জনায়। সন্ত্রাসবাদী সংগঠন হামাছক নিয়ন্ত্রণ কৰি গাজাক সুৰক্ষিত আৰু পুনৰ নিৰ্মাণৰ ওপৰত গুৰুত্ব দি ৰাষ্ট্ৰপতিগৰাকীয়ে পেলেষ্টাইনক পূর্ণাংগ স্বীকৃতি দিলেহে শান্তি সম্ভৱ হ’ব বুলি কয়। তদুপৰি ইয়াৰ বিকল্প নাই বুলি উল্লেখ কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে পুনৰ কয় যে ইজৰাইলী, পেলেষ্টাইনী আৰু আন্তর্জাতিক সংগীৰ সৈতে শান্তি বৰ্তাই ৰখাটো ফ্ৰান্সৰ দায়বদ্ধতা। ফ্ৰান্সৰ ৰাষ্ট্ৰপতিগৰাকীৰ এই ঘোষণাই ইজৰাইলৰ ওপৰত চাপৰ সৃষ্টি কৰিছে। ফ্রান্সে এই পদক্ষেপ গ্রহণ কৰাৰ পাছত পশ্চিমীয়া দেশসমূহেও পেলেষ্টাইনক লৈ নতুন বিবেচনা কৰাৰ সম্ভাৱনা প্রকট হৈ পৰিব। পেলেষ্টাইনী কর্তৃপক্ষই ফ্ৰান্সৰ এই ঘোষণাক আদৰণি জনাইছে।