পেঞ্চনাৰসকলৰ কষ্ট লাঘৱ কৰাৰ অৰ্থে প্ৰশাসনীয় সংস্কাৰ

PC DNA India

পেঞ্চনাৰসকলৰ কষ্ট লাঘৱ কৰাৰ অৰ্থে প্ৰশাসনীয় সংস্কাৰপ্ৰশিক্ষণপেঞ্চন আৰু ৰাজহুৱা ওজৰ-আপত্তি বিভাগৰ বিশেষ পদক্ষেপ

২৯ জুলাইত সমগ্ৰ ৰাজ্য জুৰি মুকলি কৰা হব ২৭ টা পেঞ্চন সেৱা কেন্দ্ৰ

দিছপুৰ, ৰঙিলী বাৰ্ত্তাসেৱা-  অসম চৰকাৰৰ পেঞ্চনাৰসকলৰ সুবিধাৰ্থে ৰাজ্যৰ প্ৰশাসনীয় সংস্কাৰ, প্ৰশিক্ষণ, পেঞ্চন আৰু ৰাজহুৱা ওজৰ-আপত্তি বিভাগে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে৷ এই অনুসৰি পেঞ্চনাৰসকলৰ কষ্ট লাঘৱ কৰাৰ উদ্দেশ্যে ৰাজ্যখনৰ বিভিন্ন জিলাত মুঠ ২৭ টা পেঞ্চন সেৱা কেন্দ্ৰ স্থাপন কৰা হৈছে৷ এই সেৱা কেন্দ্ৰসমূহ অহা ২৯ জুলাইত মুকলি কৰা হ’ব৷ সেইদিনা দিনৰ ১০:৩০ বজাত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কামৰূপ মহানগৰ জিলাত প্ৰথমে এই কেন্দ্ৰ মুকলি কৰাৰ পিছত আবেলি ৪:৩০ বজাত আন জিলাসমূহৰ সেৱাকেন্দ্ৰসমূহ নিৰ্ধাৰিত তালিকা অনুসৰি মন্ত্ৰীবৰ্গই আনুষ্ঠানিকভাৱে মুকলি কৰিব৷ অৱশ্যে একাধিক সেৱা কেন্দ্ৰ মুকলি কৰিবলগীয়া হোৱা বাবে দূৰত্ব অধিক থকা জিলাসমূহৰ পেঞ্চন সেৱা কেন্দ্ৰসমূহ অহা ৩০ জুলাইত শুভাৰম্ভ কৰা হ’ব৷

            মন্ত্ৰীসকল ক্ৰমে ৰণজিৎ কুমাৰ দাসে বৰপেটা আৰু ধুবুৰী, অতুল বৰাই ডিব্ৰুগড় আৰু তিনিচুকীয়া, উৰ্খাও গৌৰা ব্ৰহ্মই বাক্সা আৰু চিৰাং, চন্দ্ৰ মোহন পাটোৱাৰীয়ে দৰং আৰু কামৰূপ, পৰিমল শুক্লবৈদ্যই হাইলাকান্দি আৰু কৰিমগঞ্জ, কেশৱ মহন্তই গোলাঘাট আৰু মৰিগাঁও, ডাঃ ৰণোজ পেগুৱে যোৰহাট আৰু শিৱসাগৰ, অশোক সিংহলে কাছাৰ আৰু কোকৰাঝাৰ, যোগেন মহনে ডিমা হাচাও আৰু কাৰবি আংলং, সঞ্জয় কিষাণ ধেমাজি আৰু লখিমপুৰ, অজন্তা নেওগে নলবাৰী আৰু গোৱালপাৰা, পীযুষ হাজৰীকাই নগাঁও আৰু শোণিতপুৰ, নন্দিতা গাৰ্লোচাই বঙাইগাঁও আৰু জয়ন্ত মল্ল বৰুৱাই ওদালগুৰিৰ পেঞ্চন সেৱা কেন্দ্ৰ মুকলি কৰিব৷